অৱশেষত কমিউনিষ্ট পাৰ্টি অৱ ইণ্ডিয়া ত্যাগ কৰি আজি কংগ্ৰেছত যোগদান কৰিলে
কানহায়া কুমাৰে। নতুন দিল্লীস্থিত দলৰ মুখ্য কাৰ্যালয়ত ৰাহুল গান্ধীৰ উপস্থিতিত কানহায়া কুমাৰ কংগ্ৰেছী হৈ পৰে।
কানহায়াৰ উপৰিও কংগ্ৰেছৰ কাৰ্যালয়ত গুজৰাটৰ দলিত নেতা তথা নিৰ্দলীয় বিধায়ক জিগনেশ মেৱানীয়েও উপস্থিত থাকে। অৱশ্যে মেৱানীয়ে জনোৱামতে, কেতবোৰ কাৰণবশতঃ তেওঁ কংগ্ৰেছত যোগদান কৰাৰ পৰা বিৰত আছে যদিও বাহিৰৰ পৰা দলটোক সমৰ্থন জনাই যাব।
কংগ্ৰেছত যোগদান কৰি উঠি কানহায়াই কয় যে কংগ্ৰেছ এটা কেৱল দল নহয়, ই এটা আদৰ্শ। কংগ্ৰেছক দেশৰ আটাইতকৈ গণতান্ত্ৰিক আৰু পুৰণি দল হিচাপে অভিহিত কৰি দেশে কংগ্ৰেছ অবিহনে তিষ্ঠি থাকিব নোৱাৰে বুলিও কানহায়াই কয়।
তদুপৰি মহাত্মা গান্ধীৰ একাত্মবোধ, ভগৎ সিঙৰ সাহস আৰু বি আৰ আম্বেদকাৰৰ সাম্যৰ ধাৰণাও কংগ্ৰেছ দলতে সুৰক্ষিত বুলিও কানহায়াই কয়।
আনহাতে, চিপিআই এৰি অহাৰ সন্দৰ্ভত কানহায়াই কয় যে দেশ বৰ্তমান জৰুৰীকালীন অৱস্থাত আছে আৰু এই সময়ছোৱা যুদ্ধৰ সময়, সেয়ে বাওঁপন্থা আৰু সোঁপন্থা বিচাৰ কৰাৰ সময় নহয়।
আনহাতে, কানহায়াৰ কংগ্ৰেছ আগমণৰ প্ৰাকক্ষণত পাঞ্জাৱৰ কংগ্ৰেছ সাংসদ মনিষ তিৱাৰীয়ে এটা বিশেষ টুইট কৰে। টুইটটোত তেওঁ কংগ্ৰেছত বাওঁপন্থী নেতাৰ উপস্থিতিৰ বিষয়ে অৱলোকন কৰিছে।
টুইটটোৰ লগত মোহন কুমাৰমংগলম নামৰ এজন লেখকৰ এখন গৱেষণাপুথিও সংলগ্ন কৰিছে। “কমিউনিষ্টছ ইন কংগ্ৰেছ’ নামৰ ১৯৭৩ চনত প্ৰকাশিত গৱেষণা পুথিখনত কংগ্ৰেছ দলটোলৈ আগমণ ঘটা বাওঁপন্থী নেতাসকলৰ বিষয়ে বিস্তাৰতিভাৱে উল্লেখ কৰা আছে।
উল্লেখযোগ্য যে জেএনইউ ছাত্ৰ সন্থাৰ এগৰাকী প্ৰাক্তন সভাপতি কানহাইয়াক ২০১৬ চনত কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল। ২০০১ চনৰ সংসদ ভৱন আক্ৰমণৰ মাষ্টাৰমাইণ্ড আফজল গুৰুৰ মৃত্যু বাৰ্ষিকী উপলক্ষে জেএনইউত আয়োজিত এক অনুষ্ঠানত কানহায়াই দেশবিৰোধী শ্ল’গান দিয়াৰ অভিযোগ উত্থাপিত হৈছিল।
কিন্তু উপযুক্ত প্ৰমাণৰ অভাৱত তেওঁ কাৰাগাৰৰ পৰা মুক্তি লাভ কৰিবলৈ সক্ষম হয়। তাৰপাছতে কানহায়া দেশৰ বাওঁপন্থী মহলৰ মাজত য়ুথ আইকন হিচাপে জনপ্ৰিয় হৈ পৰিছিল।
জেএনইউত কানহায়াই গোৱা “আজাদী’’ শ্লোগানে আনকি বলিউডৰ “গালী বয়’’ নামৰ এখনত চিনেমাতো স্থান লাভ কৰিছিল।
২০১৯ ৰ সাধাৰণ নিৰ্বাচনৰ আগে আগে তেওঁ ভাৰতীয় কমিউনিষ্ট পাৰ্টিত যোগদান কৰিছিল আৰু বিহাৰৰ বেগুচৰায় সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিছিল। কিন্তু বিজেপিৰ গিৰিৰাজ সিঙৰ হাতত তেওঁ পৰাজয়বৰণ কৰে।
তাৰপাছৰে পৰা কানহায়াৰ জনপ্ৰিয়তা কিছু ম্লান হৈ পৰিল যদিও চিপিআইয়ে এগৰাকী শক্তিশালী যুৱ নেতা লাভ কৰে।
কিন্তু চিপিআইৰ ভিতৰচ’ৰাত থকা জ্যেষ্ঠ নেতাসকলৰ ময়মতালি আৰু বাস্তৱজ্ঞানহীন আচৰণৰ বাবেই কানহায়াই দলটো ত্যাগ কৰা বুলি ৰাজনৈতিক বিশ্লেষকসকলে মতপ্ৰকাশ কৰিছে।