• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বাঁওপন্থাই আমুৱালে ! ‘বাঁওপন্থী উদাৰীকৰণেৰে’ কংগ্ৰেছলৈ কানহায়া কুমাৰে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 28, 2021 8:18 pm
Kanhaiya Kumar
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৱশেষত কমিউনিষ্ট পাৰ্টি অৱ ইণ্ডিয়া ত্যাগ কৰি আজি কংগ্ৰেছত যোগদান কৰিলে

কানহায়া কুমাৰে। নতুন দিল্লীস্থিত দলৰ মুখ্য কাৰ্যালয়ত ৰাহুল গান্ধীৰ উপস্থিতিত কানহায়া কুমাৰ কংগ্ৰেছী হৈ পৰে।

কানহায়াৰ উপৰিও কংগ্ৰেছৰ কাৰ্যালয়ত গুজৰাটৰ দলিত নেতা তথা নিৰ্দলীয় বিধায়ক জিগনেশ মেৱানীয়েও উপস্থিত থাকে। অৱশ্যে মেৱানীয়ে জনোৱামতে, কেতবোৰ কাৰণবশতঃ তেওঁ কংগ্ৰেছত যোগদান কৰাৰ পৰা বিৰত আছে যদিও বাহিৰৰ পৰা দলটোক সমৰ্থন জনাই যাব।

কংগ্ৰেছত যোগদান কৰি উঠি কানহায়াই কয় যে কংগ্ৰেছ এটা কেৱল দল নহয়, ই এটা আদৰ্শ। কংগ্ৰেছক দেশৰ আটাইতকৈ গণতান্ত্ৰিক আৰু পুৰণি দল হিচাপে অভিহিত কৰি দেশে কংগ্ৰেছ অবিহনে তিষ্ঠি থাকিব নোৱাৰে বুলিও কানহায়াই কয়।

Apply Now

তদুপৰি মহাত্মা গান্ধীৰ একাত্মবোধ, ভগৎ সিঙৰ সাহস আৰু বি আৰ আম্বেদকাৰৰ সাম্যৰ ধাৰণাও কংগ্ৰেছ দলতে সুৰক্ষিত বুলিও কানহায়াই কয়।

আনহাতে, চিপিআই এৰি অহাৰ সন্দৰ্ভত কানহায়াই কয় যে দেশ বৰ্তমান জৰুৰীকালীন অৱস্থাত আছে আৰু এই সময়ছোৱা যুদ্ধৰ সময়, সেয়ে বাওঁপন্থা আৰু সোঁপন্থা বিচাৰ কৰাৰ সময় নহয়।

আনহাতে, কানহায়াৰ কংগ্ৰেছ আগমণৰ প্ৰাকক্ষণত পাঞ্জাৱৰ কংগ্ৰেছ সাংসদ মনিষ তিৱাৰীয়ে এটা বিশেষ টুইট কৰে। টুইটটোত তেওঁ কংগ্ৰেছত বাওঁপন্থী নেতাৰ উপস্থিতিৰ বিষয়ে অৱলোকন কৰিছে।

টুইটটোৰ লগত মোহন কুমাৰমংগলম নামৰ এজন লেখকৰ এখন গৱেষণাপুথিও সংলগ্ন কৰিছে। “কমিউনিষ্টছ ইন কংগ্ৰেছ’ নামৰ ১৯৭৩ চনত প্ৰকাশিত গৱেষণা পুথিখনত কংগ্ৰেছ দলটোলৈ আগমণ ঘটা বাওঁপন্থী নেতাসকলৰ বিষয়ে বিস্তাৰতিভাৱে উল্লেখ কৰা আছে।

উল্লেখযোগ্য যে জেএনইউ ছাত্ৰ সন্থাৰ এগৰাকী প্ৰাক্তন সভাপতি কানহাইয়াক ২০১৬ চনত কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল। ২০০১ চনৰ সংসদ ভৱন আক্ৰমণৰ মাষ্টাৰমাইণ্ড আফজল গুৰুৰ মৃত্যু বাৰ্ষিকী উপলক্ষে জেএনইউত আয়োজিত এক অনুষ্ঠানত কানহায়াই দেশবিৰোধী শ্ল’গান দিয়াৰ অভিযোগ উত্থাপিত হৈছিল।

কিন্তু উপযুক্ত প্ৰমাণৰ অভাৱত তেওঁ কাৰাগাৰৰ পৰা মুক্তি লাভ কৰিবলৈ সক্ষম হয়। তাৰপাছতে কানহায়া দেশৰ বাওঁপন্থী মহলৰ মাজত য়ুথ আইকন হিচাপে জনপ্ৰিয় হৈ পৰিছিল।

জেএনইউত কানহায়াই গোৱা “আজাদী’’ শ্লোগানে আনকি বলিউডৰ “গালী বয়’’ নামৰ এখনত চিনেমাতো স্থান লাভ কৰিছিল।

২০১৯ ৰ সাধাৰণ নিৰ্বাচনৰ আগে আগে তেওঁ ভাৰতীয় কমিউনিষ্ট পাৰ্টিত যোগদান কৰিছিল আৰু বিহাৰৰ বেগুচৰায় সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিছিল। কিন্তু বিজেপিৰ গিৰিৰাজ সিঙৰ হাতত তেওঁ পৰাজয়বৰণ কৰে।

তাৰপাছৰে পৰা কানহায়াৰ জনপ্ৰিয়তা কিছু ম্লান হৈ পৰিল যদিও চিপিআইয়ে এগৰাকী শক্তিশালী যুৱ নেতা লাভ কৰে।

কিন্তু চিপিআইৰ ভিতৰচ’ৰাত থকা জ্যেষ্ঠ নেতাসকলৰ ময়মতালি আৰু বাস্তৱজ্ঞানহীন আচৰণৰ বাবেই কানহায়াই দলটো ত্যাগ কৰা বুলি ৰাজনৈতিক বিশ্লেষকসকলে মতপ্ৰকাশ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd