স্থানীয় ৰাইজ, প্ৰকৃতিপ্ৰেমী আৰু বিভিন্ন দল-সংগঠনৰ তীব্ৰ বিৰোধিতাক নেওচি কাৰ্বি আংলং জিলাৰ লিপগাঁৱত এক বৃহৎ জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ পথ প্ৰশস্ত হৈছে। এই প্ৰকল্পৰ ফলত অঞ্চলটোৰ বিস্তীৰ্ণ বনাঞ্চল ধ্বংস হোৱাৰ উপক্ৰম ঘটিছে। কেন্দ্ৰীয় চৰকাৰৰ বন উপদেষ্টা সমিতিয়ে (FAC) শেহতীয়াকৈ অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ (APDCL) ১৫০০ মেগাৱাট ক্ষমতাসম্পন্ন এই প্ৰকল্পটোৰ বাবে প্ৰায় ৪৪২ হেক্টৰ বনভূমি হস্তান্তৰত অনুমোদন জনাইছে। হাতী সংৰক্ষিত বনাঞ্চলৰ সমীপত নিৰ্মাণ হ’বলগীয়া ৭,২৭৩ কোটি টকা ব্যয়সাপেক্ষ এই প্ৰকল্পটোৱে অঞ্চলটোৰ জৈৱ বৈচিত্ৰ্যৰ প্ৰতি তীব্ৰ ভাবুকি কঢ়িয়াই অনাৰ লগতে সহস্ৰাধিক খিলঞ্জীয়া লোকক স্থানচ্যুত কৰাৰ আশংকা ঘণীভূত কৰি তুলিছে।
প্ৰকাশিত তথ্য অনুসৰি, এই প্ৰকল্পটোৰ বাবে সৰ্বমুঠ ৪৮৪ হেক্টৰ ভূমিৰ প্ৰয়োজন হ’ব। ইয়াৰে ৪৪১.৯০ হেক্টৰ বনভূমি আৰু বাকী ৪২.১০ হেক্টৰ অনা-বনভূমি। নিৰ্মাণকাৰ্য সম্পূৰ্ণ হ’লে প্ৰকল্পটোৰ ফলত প্ৰায় ৩৫২ হেক্টৰ মাটি জলমগ্ন হ’ব, যাৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিব অঞ্চলটোৰ ১,১০০ ৰো অধিক লোকৰ ওপৰত।
প্ৰথম অৱস্থাত এই প্ৰকল্পটোক এটা ‘ক্ল’জড-লুপ পাম্পড ষ্ট’ৰেজ ছিষ্টেম’ হিচাপে পৰিকল্পনা কৰা হৈছিল। এই ব্যৱস্থাই এক প্ৰকাৰৰ “ৱাটাৰ বেটাৰী”ৰ দৰে কাম কৰে, য’ত নদী বা হ্ৰদৰ সৈতে পোনপটীয়া সংযোগ নথকা ওপৰৰ আৰু তলৰ দুটা জলাশয়ৰ মাজত পানী পুনৰ ব্যৱহাৰ কৰা হয়। অৱশ্যে, পৰিৱেশ মূল্যায়ন সমিতিয়ে (EAC) লক্ষ্য কৰে যে ৭২ মিটাৰ ওখ ওপৰৰ বান্ধ আৰু ৫০ মিটাৰ ওখ তলৰ বান্ধ দুয়োটা এনে এটা সুঁতিৰ ওপৰত অৱস্থিত য’ত গোটেই বছৰ ধৰি পানী নাথাকে। ইয়াৰ পৰিপ্ৰেক্ষিতত সমিতিখনে প্ৰকল্পটোক ‘ক্ল’জড-লুপ’ৰ পৰিৱৰ্তে ‘অ’পেন-লুপ ছিষ্টেম’ হিচাপেহে শ্ৰেণীভুক্ত কৰে। সমিতিখনে লগতে সতৰ্ক কৰি দিয়ে যে এই নিৰ্মাণকাৰ্যৰ ফলত শ্ৰমিকৰ আৱাসস্থলৰ পৰা ওলোৱা আৱৰ্জনা, নিৰ্মাণৰ আৱৰ্জনা আৰু খননৰ ফলত ওলোৱা মাটি-বোকা আদিৰ সৃষ্টি হ’ব, যিয়ে পৰিৱেশত বিৰূপ প্ৰভাৱ পেলাব।
লক্ষণীয়ভাৱে, প্ৰকল্পটো দুটা হস্তী কৰিডৰৰ (হাতী অহাযোৱা কৰা এলেকা) ভিতৰত অৱস্থিত হোৱাৰ লগতে ই এখন হস্তী সংৰক্ষিত বনাঞ্চলৰ সৈতে নিজৰ সীমা ভাগ-বতৰা কৰে। যদিও প্ৰকল্পটোৰ সকলো অংশ কাজিৰঙা-কাৰ্বি আংলং হস্তী সংৰক্ষিত বনাঞ্চলৰ বাহিৰত অৱস্থিত, তথাপিও সংৰক্ষিত বনাঞ্চলখন ইয়াৰ পৰা মাত্ৰ ১.৪ কিলোমিটাৰ আৰু মাৰাট লংৰি বন্যপ্ৰাণী অভয়াৰণ্য প্ৰায় ১০.৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত। ওচৰৰ বনাঞ্চলখন অতি ঘন আৰু ই এক স্পৰ্শকাতৰ তথা পূৰ্ণাংগ পৰিস্থিতিতন্ত্ৰৰ ইংগিত দিয়ে। সেয়েহে, বন্য উদ্ভিদ আৰু প্ৰাণীৰ আৱাসস্থলৰ ওপৰত পৰিব পৰা প্ৰভাৱৰ সঠিক অনুমান কৰিবলৈ এক বিতং জৰীপ চলোৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত সমিতিখনে গুৰুত্ব আৰোপ কৰিছে। লগতে, বৰষুণৰ পানীৰে পুষ্ট স্থানীয় সুঁতিসমূহ সজীৱ কৰি ৰখাৰ বাবে এক সুনিৰ্দিষ্ট পৰিকল্পনা প্ৰস্তুত কৰিবলৈকো প্ৰকল্প নিৰ্মাতাসকলক পৰামৰ্শ দিছে, কিয়নো এই সুঁতিসমূহ হৈছে জৈৱ বৈচিত্ৰ্যৰ গুৰুত্বপূৰ্ণ কেন্দ্ৰ য’ত বছৰৰ ছমাহেই পানীৰ অভাৱ দেখা যায়।





