কাৰ্বি আংলং জিলাত প্ৰস্তাৱিত পাম্পড ষ্ট’ৰেজ পাৱাৰ প্ৰকল্পক লৈ ৰাজ্যত এক তীব্ৰ ৰাজনৈতিক সংঘাতৰ সূচনা হৈছে। বিৰোধী দল আৰু পাহাৰীয়া জিলাখনৰ নেতৃবৃন্দই অভিযোগ কৰিছে যে ৰাজ্য চৰকাৰে এক সুপৰিকল্পিত কৌশলেৰে জনজাতীয় ভূমি আৰু বনাঞ্চল ব্যক্তিগত কৰ্পোৰেট গোষ্ঠীৰ হাতলৈ নিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। এই সমগ্ৰ প্ৰক্ৰিয়াত চৰকাৰী প্ৰতিষ্ঠান অসম শক্তি বিতৰণ কোম্পানী লিমিটেড চমকৈ এপিডিচিএলক এক ঢাল হিচাপে ব্যৱহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। শেহতীয়াকৈ উত্তৰ-পূবৰ এক সংবাদ মাধ্যমত প্ৰকাশিত প্ৰতিবেদনত উন্মোচিত হৈছে যে কাৰ্বি আংলঙৰ বনাঞ্চল ডাইভাৰচনৰ প্ৰস্তাৱসমূহত এপিডিচিএলক ব্যৱহাৰকাৰী সংস্থা হিচাপে দেখুওৱা হৈছে যদিও ইয়াৰ প্ৰকৃত লাভালাভ পাব ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানে। এই ঘটনাক লৈ ৰাইজৰ দল, চিপিআই (এম) আৰু অল পাৰ্টি হিল লীডাৰ্ছ কনফাৰেন্স চমকৈ এপিএইচএলচিৰ নেতাসকলে চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে। তেওঁলোকৰ মতে বিজেপি চৰকাৰৰ দিনত কৰ্পোৰেট গোষ্ঠীক ভূমি হস্তান্তৰ কৰাৰ এইটো এক বিপজ্জনক মডেলত পৰিণত হৈছে।
ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্কো ডি শইকীয়াই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে কাৰ্বি আংলঙৰ ঘটনাই বিজেপি চৰকাৰে ষষ্ঠ অনুসূচীৰ সুৰক্ষা কৱচ অতিক্ৰম কৰি কৰ্পোৰেট স্বাৰ্থ সিদ্ধি কৰাৰ কৌশল উদঙাই দিছে। তেওঁ অভিযোগ কৰে যে ষষ্ঠ অনুসূচীভুক্ত এলেকাৰ ভূমি পোনপটীয়াকৈ ব্যক্তিগত কোম্পানীক দিব নোৱাৰি বাবেই চৰকাৰে প্ৰথমে এপিডিচিএলৰ নামত এই ভূমি অধিগ্ৰহণ কৰিছে আৰু পৰৱৰ্তী সময়ত কৌশলগতভাৱে গ্ৰীনকো নামৰ এটা ব্যক্তিগত কোম্পানীক হস্তান্তৰ কৰাৰ পথ প্ৰশস্ত কৰিছে। শইকীয়াই সকীয়াই দিয়ে যে কাৰ্বি আংলং কেৱল আৰম্ভণিহে আৰু এনেদৰে লাহে লাহে অসমৰ সম্পদসমূহ ব্যক্তিগত খণ্ডৰ হাতত তুলি দিয়া হ’ব। তেওঁ এই সমগ্ৰ প্ৰক্ৰিয়াটোৰ এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাইছে। ইয়াৰ উপৰি তেওঁ অভিযোগ কৰে যে তুলিৰাম ৰংহাঙৰ নেতৃত্বাধীন কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদে স্থানীয় ৰাইজক অন্ধকাৰত ৰাখি এই সমগ্ৰ কাৰ্যত সহায় কৰিছে। অসমৰ বিভিন্ন ঠাইত আদানী, আম্বানী বা পতঞ্জলিক হাজাৰ হাজাৰ বিঘা ভূমি আবণ্টন দিয়াৰ যি ধাৰা আৰম্ভ হৈছে, তাৰে অংশ হিচাপে কাৰ্বি আংলঙতো এই ষড়যন্ত্ৰ চলোৱা হৈছে বুলি তেওঁ মন্তব্য কৰে।
আনহাতে চিপিআই (এম)ৰ অসম ৰাজ্যিক কমিটিৰ সম্পাদক সুপ্ৰকাশ তালুকদাৰে চৰকাৰৰ এই পদক্ষেপক তীব্ৰ গৰিহণা দি ইয়াক এক অবৈধ পথ বুলি অভিহিত কৰিছে। তেওঁ কয় যে পূৰ্বতেও এনেদৰে মানুহক উচ্ছেদ কৰি এপিএছইবিৰ চাইনবৰ্ড লগোৱা হৈছিল আৰু পিছত সেই ভূমি আদানী গ্ৰুপক দিয়াৰ কথা পোহৰলৈ আহিছিল। এতিয়া গ্ৰীনকো প্ৰকল্পৰ ক্ষেত্ৰতো একেই পদ্ধতি অৱলম্বন কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। তালুকদাৰে অভিযোগ কৰে যে নিৰ্বাচনী পুঁজি সংগ্ৰহৰ স্বাৰ্থতে বিজেপি চৰকাৰে কৰ্পোৰেট গোষ্ঠীসমূহক ভূমি গতাবলৈ ইমান তত্পৰতা দেখুৱাইছে। বিদ্যুৎ বিভাগৰ নাম লৈ চৰকাৰে প্ৰকৃততে ব্যক্তিগত স্বাৰ্থ সুৰক্ষিত কৰিব বিচাৰিছে বুলি তেওঁ কয়। লগতে তেওঁ ক্ষোভ প্ৰকাশ কৰে যে চৰকাৰে জনজাতীয় বন অধিকাৰীক স্বীকৃতি দিয়াৰ পৰিৱৰ্তে সেই অধিকাৰ খৰ্ব কৰাতহে বেছি সক্ৰিয় হৈ পৰিছে।
একেদৰে এপিএইচএলচিৰ নেতা বিক্ৰম হান্সেই এই মডেলৰ বিৰুদ্ধে ৰাজ্যবাসীক সতৰ্ক কৰি দিছে। তেওঁ কয় যে যদি কাৰ্বি আংলঙত এই এপিডিচিএল-গ্ৰীনকো মডেল সফল হয়, তেন্তে ভৱিষ্যতে অসমৰ প্ৰতিটো ষষ্ঠ অনুসূচীভুক্ত এলেকাই বিপদৰ মুখত পৰিব। ইয়াৰ দ্বাৰা জনজাতীয় স্বায়ত্ত্বশাসনক নিঃশেষ কৰাৰ চেষ্টা কৰা হৈছে বুলি তেওঁ মত পোষণ কৰে। পাহাৰীয়া জিলাখনৰ নেতৃবৃন্দই কেন্দ্ৰীয় পৰিৱেশ আৰু বন মন্ত্ৰালয়ক এই বনাঞ্চল ডাইভাৰচনৰ প্ৰস্তাৱসমূহ অবিলম্বে স্থগিত ৰাখিবলৈ দাবী জনাইছে। তেওঁলোকে কয় যে যদি চৰকাৰে স্বচ্ছতাত বিশ্বাস কৰে, তেন্তে লুকুৱাই নাৰাখি সকলো তথ্য ৰাজহুৱা কৰিব লাগে। ৰাজহুৱা প্ৰতিষ্ঠানক ঢাল হিচাপে লৈ ব্যক্তিগত কোম্পানীক লাভান্বিত কৰাটো উন্নয়ন নহয় বৰঞ্চ ই এক প্ৰৱঞ্চনাহে বুলি নেতৃবৃন্দই অভিহিত কৰিছে। এই সংগ্ৰাম কেৱল কাৰ্বি লোকসকলৰ মাজতে সীমাবদ্ধ নাৰাখি সমগ্ৰ অসমবাসীক ঐক্যবদ্ধভাৱে প্ৰতিবাদ কৰিবলৈ তেওঁলোকে আহ্বান জনাইছে। চৰকাৰী পক্ষৰ পৰা অৱশ্যে এই পৰ্যন্ত এই সন্দৰ্ভত কোনো আনুষ্ঠানিক স্পষ্টীকৰণ দিয়া হোৱা নাই।





