যোৱা ২৪ ফেব্ৰুৱাৰিত ডিফু জিলা সত্ৰ ন্যায়াধীশ আদালতে দোষী সাব্যস্ত কৰা ১২ জন দোষীৰ পক্ষত থিয় দিছে সদৌ ভাৰত কাৰ্বি ছাত্ৰ সন্থাৰ লগতে ৭ টা জাতি-জনগোষ্ঠীয় সংগঠন।
বুধবাৰে সংগঠনকেইটাৰ নেতৃত্বই দিচপুৰ প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰি ডিফু জিলা সত্ৰ ন্যায়াধীশ আদালতে প্ৰদান কৰা ঝংকাৰ হত্যাকাণ্ডৰ ৰায়ক লৈ অসন্তুষ্টি প্ৰকাশ কৰা দেখিবলৈ পোৱা গ’ল।
‘ন্যায়িক ব্যৱস্থাই দোষী সাব্যস্ত কৰা ১২ জন অভিযুক্তৰ আৰু এটা শুনানি আছে। সেই শুনানিৰ পূৰ্বে আমি আদালতত আপীল কৰিব বিচাৰো যে দোষীৰ বিৰুদ্ধে কোনোধৰণৰ ফটো বা ভিডিঅ’ ফুটেজ তেনে কোনো তথ্য নাই। তদন্ত প্ৰক্ৰিয়াত অভিযুক্তৰ পৰিয়াল সন্তুষ্ট নহয় তথা সামাজিক সংগঠনসমূহো সুখী নহয়।‘ কাৰ্বি ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক বিক্ৰম হানছেই সংবাদমেলত এইদৰে কয়।
আদালতৰ ৰায়ৰ বিৰুদ্ধে গৈ তেওঁ আৰু কয়, ‘কোনো প্ৰকৃত বা শক্তিশালী তথ্য নোহোৱাকৈ হত্যাকাৰী ৩০২ ধাৰা লগোৱাটো ন্যায় নহয়। এইটো সম্পূৰ্ণৰূপে অবৈধ। চাক্ষুস প্ৰমাণৰ বাহিৰে একো দিয়া নাই যিটো গ্ৰহণযোগ্য নহয়। পুলিছে সন্দেহত গ্ৰেপ্তাৰ কৰা লোকক পোনপটীয়াকৈ হত্যাকাৰী সজাই ৰায় দিয়াত আমি সন্তুষ্টি লাভ কৰা নাই।‘
আনকি ঝংকাৰক দলবদ্ধভাৱে আক্ৰমণ কৰাৰ সময়ত ঝংকাৰৰ পিতৃ হৰেণ শইকীয়া নিজে ঘটনাস্থলীত উপস্থিত নাছিল বুলি গুৰুতৰ অভিযোগ তোলে সংগঠনকেইটাৰ নেতৃত্বই।
ইয়াৰোপৰি ইয়াৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ৰ পৰা উচ্চতম ন্যায়ালয়ৰ কাষ চপাৰো হুংকাৰ দিয়ে হানছেই।
ইপিনে, এই সংবাদমেলৰ পাছতে আমি ঝ্ংকাৰৰ পিতৃ অধিবক্তা হৰেণ শইকীয়াৰ সৈতে সংযোগ স্থাপন কৰি ছাত্ৰ সংগঠনকেইটাই অনা অভিযোগৰ বিষয়ে সোধাত তেওঁ কয়, ‘ন্যায়িক ব্যৱস্থাৰ মাজত থকা বিষয় এটাত মই মতামত দিয়া ঠিক নহ’ব, কিয়নো আদালতে ইতিমধ্যে ৰায় দিছে।‘
তেওঁ লগতে কয়, ‘সংগঠনকেইটাৰ নেতৃত্ব আদালততকৈ ওপৰত নেকি? তেওঁলোকৰ কথা শুনিবলৈ আদালতখন বহি আছে নেকি? এজন লোকে গোটেই জীৱন সাধনা আৰু কষ্ট কৰি বা আইনৰ লগত লাগি সত্ৰ ন্যায়াধীশ হয়, যদি কোনো প্ৰমাণেই নাছিল তেন্তে আদালতে কেনেকৈ দোষী সাব্যস্ত কৰিলে?’
‘তেওঁলোকে আদালতক ভয় দেখুৱাব বিচাৰিছে। আইনী ব্যৱস্থাটোক ভয় দেখুৱাব বিচাৰিছে। গতিকে এই সংগঠনকেইটাৰ ওপৰত বিহিত ব্যৱস্থা লোৱা হ’ব। চাক্ষুস প্ৰমাণ আছে নে নাই তেওঁলোকে কেনেকৈ জানিলে? ভিডিঅ’ ফুটেজ গোটেই অসমৰ ৰাইজে দেখি আছে, ঘটনাটোত মই নিজে আঘাতপ্ৰাপ্ত হৈছিলো। এই সংগঠনবিলাক ক’ত আছিলে?’
উল্লেখযোগ্য যে, আদালতৰ ৰায়ক কেন্দ্ৰ কৰি আজি দিচপুৰ প্ৰেছ ক্লাৱত সদৌ ভাৰত কাৰ্বি ছাত্ৰ সন্থা, সদৌ ৰাভা ছাত্ৰ সন্থা, সদৌ দেউৰী ছাত্ৰ সন্থা, সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থা, সদৌ ভাৰত জনজাতীয় ছাত্ৰ সন্থা, আম্ৰি কাৰ্বি ছাত্ৰ সন্থাকে ধৰি বহুকেইটা সংগঠনৰ নেতৃবৰ্গই সংবাদমেল সম্বোধন কৰিছিল।
তদুপৰি, ডিফু জিলা সত্ৰ ন্যায়াধীশ আদালতে সোমবাৰে ২০১৩ চনৰ ঝংকাৰ শইকীয়াৰ নৃশংস হত্যাকাণ্ডৰ ৰায়দান দি ইয়াৰ লগত জড়িত ১২ গৰাকী লোকক দোষী সাব্যস্ত কৰাৰ লগতে অন্য চাৰিগৰাকী লোকক নিৰ্দোষী ঘোষণা কৰে।
শুকুৰবাৰে দোষী সাব্যস্ত হোৱা লোকসকলৰ শাস্তি ঘোষণা কৰা হ’ব বুলি জানিব পৰা গৈছে।
উল্লেখযোগ্য যে, প্ৰায় ৭ বছৰৰ পূৰ্বে অট’ৰিক্সাৰ ভাড়া সম্পৰ্কীয় সামান্য তৰ্কাতৰ্কিৰ পিছত দেউতাকৰ সন্মুখতে ঝংকাৰ শইকীয়া নামৰ কিশোৰজন আৰু দেউতাকক নিৰ্মমভাৱে প্ৰহাৰ কৰিছিল কেইজনমান অট’ৰিক্সা চালক আৰু একাংশ সহযোগীয়ে। ঘটনাটোত বেয়াকৈ আহত হোৱাৰ পিছত ১ জুলাইত চিকিৎসালয়ত মৃত্যু হৈছিল ঝংকাৰৰ।