বড়োসকলক পাৰ্বত্য জনজাতিৰ মৰ্য্যাদা দিয়াক লৈ কাৰ্বি আংলং আৰু ডিমা হাছাওত বিৰোধিতা আৰম্ভ

Bodo-Accord-750x375

নতুন বড়ো চুক্তিখনে অসমৰ পাহাৰীয়া জিলাকেইখনত থকা বড়োসকললৈ জনজাতি (পাৰ্বত্য) মৰ্য্যাদা দিবলৈ ওলোৱাক লৈ ক্ৰুব্ধ হৈ পৰিছে কাৰ্বি ছাত্ৰ সংস্থা (KSA) আৰু ডিমাছা ছাত্ৰ সন্থা (DSU)।

কাৰ্বি আৰু ডিমাছাসকলে লাভ কৰি থকা অধিকাৰ ক্ষতিগ্ৰস্ত কৰিব বুলি জানিবলৈ দি এই সিদ্ধান্তটোৰ বিৰোধিতা কৰাৰ কথা জনাইছে সংগঠন দুটাই।

“আমি বড়োসকলক জনজাতি (পাৰ্বত্য)ৰ মৰ্য্যাদা দিয়াৰ বিৰোধিতা কৰিছো। তেওঁলোক ভৈয়ামৰ পৰা আহিছে আৰু তেওঁলোকে জনজাতিৰ মৰ্য্যাদা পাই আহিছে। যদিহে কাৰ্বি আংলং আৰু ডিমা হাছাওৰ বড়োসকলক জনজাতি (পাৰ্বত্য)ৰ মৰ্য্যাদা দিয়া হয়, তেতিয়া হ’লে ই অসমৰ কাৰ্বি আৰু ডিমাছা জনজাতিয়ে পাই থকা অধিকাৰবোৰ উলংঘা কৰিব” ডিমাছা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক প্ৰমিথ ছেংগ্যাঙগে নৰ্থ-ইষ্ট নাওক কয়।

তেওঁ ইয়াৰ দ্বাৰা বড়োসকলৰ বিৰোধী স্থিতি লোৱা নাই বুলি জানিবলৈ দি নেতাজনে কয়, “আমি বড়োসকলৰ বিৰোধী নহয়। আমি বড়ো চুক্তি স্বাক্ষৰক প্ৰশংসা কৰিছো। কিন্তু একে সময়তে চৰকাৰে এইটো মন কৰিবই লাগিব যে এটা সম্প্ৰদায়ক উপকাৰ কৰিবলৈ গৈ আনৰ ক্ষতি নকৰে”।

আনহাতে কাৰ্বি ছাত্ৰ সংস্থাৰ সভাপতি ছিমন ৰংফাৰেও এই পদক্ষেপটোৰ বিৰোধিতা কৰিছে।

“আমি ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰক পূৰ্বে বহুকেইখন স্মাৰকপত্ৰ প্ৰদান কৰিছো। চৰকাৰ দুখনে কেনেকৈ পাহাৰৰ বড়োসকলক এই সুবিধা দিছে? বড়োসকলে ইতিপূৰ্বে ভৈয়াম জনজাতিৰ মৰ্য্যাদা পাইছেই। এটা সম্প্ৰদায়ে কেনেকৈ দুটা মৰ্য্যাদা পাব?”, ৰংফাৰে কয়।

তেওঁ বড়োসকল কাৰ্বি আংলঙত খিলঞ্জীয়া নহয় বুলিও কয়। বেছিসংখ্যক বড়ো ১৯৪০ চনৰ পিছতহে কাৰ্বি আংলঙলৈ আহিছে বুলি ৰংফাৰৰ মন্তব্য। কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্য্যবাহীক এই বিষয়টোত আপত্তিহীনতাৰ প্ৰমাণপত্ৰ নিদিবলৈ আহ্বান জনোৱা বুলি কয়।