ইউনিচেফৰ দ্বাৰা যুৱ অধিবক্তা হিচাপে নিৰ্বাচিত কৰা হ’ল অসম সন্তান নাহিদ আফ্ৰিনক

বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী কৰীনা কাপুৰ খানৰ কৃতিত্বত সংযোজন হৈছে এক নতুন মাইলৰ খুঁটি। তেওঁক ইউনিচেফৰ শিশু বিকাশৰ ৰাষ্ট্ৰীয় এম্বেছাদৰ হিচাপে নিৰ্বাচিত কৰা হৈছে । কাপুৰে ইউনিচেফৰ সৈতে সমগ্ৰ দেশৰ শিশুৰ বিকাশৰ বাবে কাম কৰিব।কৰীণা কাপুৰ খানৰ সৈতে যুৱ প্ৰবক্তা বা Youth Advocate হিচাপে স্থান লাভ কৰিছে অসম সন্তান নাহিদ আফ্ৰিনে৷

ভাৰতত ইউনিচেফৰ কামৰ ৭৫ সংখ্যক বছৰত ৰাষ্ট্ৰসংঘৰ সংস্থাটোৱে কৰীণা কাপুৰক এম্বেছাদৰ হিচাপে নিযুক্তি দিয়ে। কৰীণাই ইউনিচেফক দেশৰ প্ৰতিটো শিশুৰ প্ৰাথমিক শিশু বিকাশ, স্বাস্থ্য, শিক্ষা আৰু লিংগ সমতাৰ অধিকাৰ আগুৱাই নিয়াত সহায় কৰিব।

কৰীণাই ইউনিচেফৰ সৈতে প্ৰায় এটা দশক ধৰি চেলিব্ৰিটি এডভোকেট হিচাপে কাম কৰি আহিছে। সেই সময়ত ছোৱালীৰ শিক্ষা, লিংগ সমতা, মৌলিক শিক্ষা, প্ৰতিষেধক প্ৰদান আৰু শিশুৰ স্তনপানৰ পোষকতা কৰিছিল। কভিড মহামাৰীৰ সময়ত বিদ্যালয় খোলাৰ পাছত ল’ৰা-ছোৱালীক পঢ়া-শুনা আৰু স্কুললৈ যাবলৈ আহ্বান জনায়। বিশ্বজুৰি ইউনিচেফৰ #EveryChildRights অভিযানৰ বিশেষ সমৰ্থক কৰীণা।

প্ৰথমবাৰৰ বাবে ইউনিচেফে ষোল্লৰ পৰা চৌবিশ বছৰ বয়সৰ ভিতৰৰ যুৱ অধিবক্তাক নিযুক্তি দিছে। ক্ৰীড়া অধিকাৰ আৰু প্ৰতিবন্ধীসকলৰ অংশগ্ৰহণৰ বাবে মধ্যপ্ৰদেশৰ গৌৰাণশী শৰ্মা, জলবায়ু পৰিৱৰ্তনৰ সৈতে মোকাবিলা কৰা আৰু শিশুৰ অধিকাৰৰ পোষকতা কৰাৰ বাবে উত্তৰ প্ৰদেশৰ পৰা কাৰ্তিক বাৰ্মা, মানসিক স্বাস্থ্য আৰু প্ৰাথমিক শিশু বিকাশৰ প্ৰসাৰৰ বাবে অসমৰ পৰা নাহিদ আফ্ৰিনক নিৰ্বাচিত কৰা হয়। চতুৰ্থতে তামিলনাডুৰ বিনিশা উমাশংকৰ এগৰাকী উদীয়মান উদ্ভাৱক আৰু তেওঁক ছোৱালীৰ বাবে বিজ্ঞান, প্ৰযুক্তি, অভিযান্ত্ৰিক আৰু গণিত শিক্ষাৰ প্ৰসাৰৰ দায়িত্ব দিয়া হৈছে।

আন এগৰাকী বলীউডৰ অভিনেতা আয়ুষ্মান খুড়ানায়ো ইউনিচেফৰ এম্বেছাদৰ হিচাপে শিশুৰ বিকাশৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰি আছে।