NORTHEAST NOW (Assamese)

কাজিৰঙাৰ ডি এফ অ’ ৰমেশ কুমাৰ গগৈলৈ কৰ্মশ্ৰী পুৰস্কাৰ

January 28, 2022 7:35 am · উত্তম শইকীয়া ,বোকাখাত

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী আৰু গঁড়ৰ সুৰক্ষা উপৰিও সামগ্ৰীক পৰিচালনাৰ ব্যস্ততাৰ মাজতে কাজিৰঙাৰ গাতে লাগি থকা কলিয়াবৰ মহকুমাত পৰ্যটনৰ বিকাশৰ বাবে নি:স্বাৰ্থ ভাৱে কাম কৰি যোৱাৰ বাবে কলিয়াবৰ মহকুমাৰ এসময়ৰ মহকুমাধিপতি বিতোপন নেওঁগৰ লগতে কাজিৰঙাৰ ডি এফ অ’ৰমেশ কুমাৰ গগৈ আৰু নগাওঁৰ এসময়ৰ ডি এফ অ’টি চি ৰঞ্জিত ৰামক মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্মশ্ৰী সন্মান আগবঢ়োৱা হৈছে ৷

দেশৰ ৭৩ সংখ্যক গণৰাজ্য দিৱসৰ দিনা অসম চৰকাৰে ৰাজ্যৰ মুঠ ১১ গৰাকী কৰ্মদক্ষ বিষয়ালৈ কৰ্মশ্ৰী পুৰস্কাৰ ঘোষণা কৰে ৷ ইয়াৰ ভিতৰত ডি এফ অ’ৰমেশ গগৈ, অসমৰিক সেৱা বিষয়া বিতোপন নেওঁগ আৰু ডি এফ অ’টি চি ৰামো অন্যতম ৷

সুদক্ষ বিষয়া হিচাবে পৰিচিত ৰমেশ কুমাৰ গগৈয়ে ২০১৯ চনৰ ১৫ অক্টোবৰত ডি এফ অ’হিচাবে কাজিৰঙাত যোগদান কৰিছিল ৷

কলিয়াবৰৰ সেই সময়ৰ মহকুমাধিপতি বিতোপন নেওগৰ সহযোগত ৰমেশ কুমাৰ গগৈ আৰু টি চি ৰামে কলিয়াবৰৰ শিলঘাট আৰু বিভিন্ন স্থানক পৰ্যটন কেন্দ্ৰ হিচাবে গঢ়ি তুলিছিল ৷

ৰমেশ কুমাৰ গগৈৰ কাৰ্যকালত কাজিৰঙাত গঁড় হত্যা হ্ৰাস পোৱাৰ লগতে বহু চোৰাং চিকাৰীও কৰায়ত্ব হৈছিল ৷ আনকি গঁড় খৰ্গৰ চোৰাং ব্যৱসায়ৰ সৈতে জড়িত থকা ভালে কেইগৰাকী বনকৰ্মীকো কৰায়ত্ব কৰিছিল ৰমেশ কুমাৰ গগৈয়ে ৷

Related News