NORTHEAST NOW (Assamese)

কৰ্ণাটক বিধানসভাত গো হত্যা বিৰোধী বিধেয়ক গৃহীত; নিয়ম উলংঘাকাৰীৰ হ’ব ৭ বছৰ পৰ্যন্ত কাৰাবাস

December 10, 2020 4:13 pm · এন ই নাও নিউজ

সমগ্ৰ দেশত গৰুক লৈ বিভিন্ন ৰাজনৈতিক চৰ্চা অব্যাহত থকাৰ সময়ত কৰ্ণাটক বিধানসভাত গো হত্যা ৰোধ আৰু গো সংৰক্ষণ বিধেয়ক-২০২০ গৃহীত কৰা হয়।

কৰ্ণাটক বিধানসভাত গো হত্যা ৰোধ আৰু গো সংৰক্ষণ বিধেয়ক-২০২০ গৃহীত কৰাৰ সময়ত বিৰোধী দল সমূহে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে আৰু অৱশেষত বিধানসভাৰ পৰা প্ৰস্থান কৰে।

কৰ্ণাটক বিধানসভাত গৃহীত হোৱা নতুন গো হত্যা ৰোধ আৰু সংৰক্ষণ বিধেয়ক-২০২০ অনুসৰি ৰাজ্যখনত সকলো ধৰণৰ গো হত্যা নিষিদ্ধ কৰা হোৱাৰ লগতে কোনো লোকে এই নিয়ম উলংঘা কৰিলে ৭ বছৰ পৰ্যন্ত কাৰাবাস খাটিব লাগিব।

ইয়াৰ উপৰিও, ৫০,০০০ টকাৰ পৰা ৫ লাখ টকা পৰ্যন্ত জৰিমণাৰ ব্যৱস্থাও কৰিছে কৰ্ণাটক চৰকাৰে।

উল্লেখযোগ্য যে, ভাৰতৰ বিভিন্ন ৰাজ্য চৰকাৰে ৰাজ্য সমূহত গো হত্যা বন্ধ কৰাৰ ক্ষেত্ৰত কঠোৰ আইন প্ৰণয়ন কৰাৰ বাবে চিন্তা-চৰ্চা অব্যাহত ৰাখিছে।

অসমতো একাংশ দল সংগঠনে মুকলিকৈ গো মাংস বেচা, কিনা কৰা আৰু ৰাজ্যত গো হত্যা নিষিদ্ধ কৰাৰ বাবে আইন প্ৰণয়ন কৰাৰ বাবে অসম চৰকাৰক আহ্বান জনাই আহিছে।

Related News