কৰ্ণাটকৰ সাংসদৰ ভাষ্যত পৃথক দাক্ষিণাত্যৰ প্ৰসংগ! বিজেপিৰ তীব্ৰ আক্ৰমণ, শিৱকুমাৰে দিলে স্পষ্টীকৰণ

separate country for South India DK Suresh

আজি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদত দাখিল কৰে অন্তৱৰ্তীকালীন বাজেট। এই বাজেটক লৈ শাসক-বিৰোধী, উভয় পক্ষই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তাৰ মাজতে এগৰাকী কংগ্ৰেছ সাংসদৰ মন্তব্যই সৃষ্টি কৰিছে বিতৰ্কৰ।

বাজেট দাখিলৰ পিছতে কৰ্ণাটকৰ কংগ্ৰেছ সাংসদ ডি কে সুৰেশে কৰ্ণাটকে কেন্দ্ৰৰ পৰা পৰ্যাপ্ত ধন লাভ কৰা নাই বুলি দাবী কৰাৰ লগতে বাজেটত দক্ষিণ ভাৰতক অন্যায় কৰা হৈছে বুলিও অভিযোগ কৰে।

দক্ষিণে লাভ কৰিব লগা ধন উত্তৰ ভাৰতলৈ বিতৰণ কৰা হৈছে বুলি দাবী কৰি কংগ্ৰেছ সাংসদগৰাকীয়ে দেশৰ হিন্দী প্ৰধান অঞ্চলে দক্ষিণ ভাৰতৰ ওপৰত জাপি দিয়া পৰিস্থিতিৰ ফল হিচাপে দক্ষিণে পৃথক দেশ বিচৰাৰ বাহিৰে আন উপায় নাই বুলি মন্তব্য কৰে।

ডি কে সুৰেশৰ এই মন্তব্যক কেন্দ্ৰ কৰি ব্যাপক ৰাজনৈতিক বিতৰ্কৰ সৃষ্টি হয়। সুৰেশৰ এই বক্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিজেপিৰ সাংসদ তেজস্বী সূৰ্যই কংগ্ৰেছ দলৰ এনে ‘ডিভাইড এণ্ড ৰুল’ৰ ইতিহাস আছে বুলি কটাক্ষ কৰে।

এতিয়া দলটোৰ সাংসদ ডি কে সুৰেশে উত্তৰ আৰু দক্ষিণক বিভাজিত কৰিব বিচাৰি পুনৰ এই কৌশলকে আনিছে বুলি অভিযোগ কৰে সূৰ্যই।

এফালে কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে ভাৰত জোড়ো যাত্ৰাৰে দেশক ‘একত্ৰিত’ কৰাৰ প্ৰয়াস কৰিছে, আনফালে দলৰে এজন সাংসদে জাতি বিভাজন কৰিব বিচাৰিছে বুলি কটাক্ষ কৰে তেজস্বী সূৰ্যই।

এনে বিতৰ্কৰ পিছতে দলীয় সাংসদজনক সুৰক্ষা দি কৰ্ণাটক কংগ্ৰেছৰ মুৰব্বী তথা ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰে সাংসদ ডি কে সুৰেশে কেৱল ৰাইজৰ মতামতহে প্ৰকাশ কৰিছিল বুলি যুক্তি দিয়ে।

শিৱকুমাৰে কয়, “মই অখণ্ড ভাৰতৰ পক্ষত। তেওঁ কেৱল জনসাধাৰণৰ মতামতহে প্ৰকাশ কৰিছে। জনগণ অৱহেলিত হোৱাৰ বাবেই তেনেকৈয়ে চিন্তা কৰিছে।” দেশৰ প্ৰতিখন গাঁৱে ন্যায় পাব লাগে বুলি মন্তব্য কৰে শিৱকুমাৰে।