কৰ্ণাটকত শপত লৈয়েই শুদ্ধিকৰণ সিদ্দাৰামাইয়া-শিৱকুমাৰৰ; গোমূত্ৰৰে ধুই পেলোৱা হ’ল বিধানসভা!

ফটো: সংগ্ৰহীত।

ক্ষমতা দখল কৰাৰ পিছত কংগ্ৰেছে কৰ্ণাটক বিধানসভাত শুদ্ধিকৰণ কাৰ্যসূচী ৰূপায়ণ কৰে। বিধানসভা ভৱনটো গোমূত্ৰৰে ধুই পেলোৱা হ’ল। ইয়াক কেন্দ্ৰ কৰি পুনৰ বিতৰ্কত লিপ্ত হৈছে হাত শিৱিৰ। এই বিষয়ত দেশৰ আটাইতকৈ পুৰণি দলটোক কটাক্ষ কৰিবলৈ এৰা নাই বিজেপিয়ে।

কংগ্ৰেছৰ জ্যেষ্ঠ নেতা সিদ্দাৰমাইয়াই যোৱা শনিবাৰে বেংগালুৰুৰ কান্তৰাভা ষ্টেডিয়ামত কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। ডি কে শিৱকুমাৰ উপ-মুখ্যমন্ত্ৰী হয়। শপত লোৱাৰ দুদিন পিছত তেওঁলোক বিধানসভা ভৱনলৈ গ’ল। সিদ্দাৰামাইয়া আৰু শিৱকুমাৰৰ লগত কংগ্ৰেছৰ নৱনিৰ্বাচিত বিধায়কসকলো উপস্থিত থাকে।

লগতে পঢ়ক: হঠাতে মেট্ৰিকৰ ফলাফল ঘোষণা জোনমণি ৰাভাৰ মৃত্যুৰ গোচৰৰ পৰা দৃষ্টি আঁতৰোৱাৰ কৌশল নেকি?

কৰ্ণাটকৰ বিধানসভা ভৱনটোক ‘বিধান সৌধ’ বুলি কোৱা হয়। আজিৰ দিনটোত তাত উপস্থিত হোৱাৰ লগে লগে কংগ্ৰেছ নেতৃত্বই গো-মূত্ৰৰে সমগ্ৰ ভৱনটো বিশুদ্ধ কৰাৰ এক কাৰ্যসূচী গ্ৰহণ কৰে। তেওঁলোকে বিজেপিক দুৰ্নীতিগ্ৰস্ত লোকৰ দল বুলিও উল্লেখ কৰে।

চাফাই কাৰ্যসূচীৰ অন্তত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ডি কে শিৱকুমাৰে কয়, “মই বিধান সৌধ চাফা কৰিবলৈ আহিছিলো। সেই কাম হৈ গৈছে। চাফাইৰ বাবে গোমূত্ৰ ব্যৱহাৰ কৰিবলগীয়া হৈছে।” দুৰ্নীতিগ্ৰস্ত বিজেপিৰ শাসনকালত বিধানসভা অপৱিত্ৰ হোৱা বুলিও তেওঁ দাবী কৰে। উল্লেখ্য যে যোৱা ৫ বছৰে কৰ্ণাটকত গেৰুৱা শিবিৰৰ ক্ষমতা আছিল।

এইবাৰৰ কৰ্ণাটক নিৰ্বাচনত কংগ্ৰেছৰ প্ৰচাৰৰ সৰ্ববৃহৎ অস্ত্ৰ আছিল দুৰ্নীতি। দলটোৰ নেতাসকলে নিৰ্বাচনী প্ৰচাৰত বিতৰণ কৰে ‘দুৰ্নীতিৰ ৰেট কাৰ্ড’। এই কাৰ্ডখনত তেওঁলোকে বিজেপিৰ বিৰুদ্ধে ধনৰ অপব্যৱহাৰকে ধৰি কেইবাটাও অভিযোগ উত্থাপন কৰিছিল।

লগতে পঢ়ক: ইউৰোপীয় ইউনিয়নৰ তথ্য আমেৰিকাক গতাই দিয়াৰ অভিযোগত মেটাক ১.৩ বিলিয়ন ডলাৰ জৰিমনা

স্থানীয় কানাড়া ভাষাৰ বাহিৰেও ইংৰাজী ভাষাত লিখা কাৰ্ডসমূহ কংগ্ৰেছে সমগ্ৰ কৰ্ণাটকতে বিতৰণ কৰিছিল। তাত গেৰুৱা শিবিৰৰ বিৰুদ্ধে বিগত পাঁচ বছৰত মুঠ ডেৰ লাখ কোটি টকা লুণ্ঠনৰ অভিযোগ উত্থাপন কৰা হৈছিল।

‘দুৰ্নীতিৰ ৰেট কাৰ্ড’ত মুখ্যমন্ত্ৰীৰ পদৰ বাবে বিজেপিয়ে ২৫০০ কোটি টকা লোৱা বুলি কংগ্ৰেছে দাবী কৰিছিল। ইয়াৰ উপৰিও মন্ত্ৰীৰ বাবে ৫০০ কোটি টকা দিবলগীয়া হোৱাৰো অভিযোগো উত্থাপন কৰা হৈছিল।

কেৱল সেয়াই নহয়, কংগ্ৰেছ শিবিৰৰ নেতাসকলেও বিভিন্ন চৰকাৰী প্ৰকল্পত কৰ্তনৰ বিষয়টো উত্থাপন কৰে। আজিৰ উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰে মন্তব্য কৰি কয়, “কেন্দ্ৰ আৰু ৰাজ্যত বিজেপিয়ে একেখন চৰকাৰ গঠন কৰাৰ প্ৰতিশ্ৰুতি দিছিল। তেওঁলোকৰ পৰা মাত্ৰ এটা কথাই শুনিছিলো- ডাবল ইঞ্জিন চৰকাৰ। আচলতে বিজেপিয়ে ট্ৰাবল ইঞ্জিন চৰকাৰ গঠন কৰিছিল।”

লগতে পঢ়ক: আকৌ মণিপুৰত হিংসা, ইম্ফলৰ বজাৰত অগ্নিসংযোগ! সেনাক তলব, পুনৰ সান্ধ্য আইন জাৰি

চলিত নিৰ্বাচনত ১৩৫ খন আসন লাভ কৰি নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিছে কংগ্ৰেছে। আনহাতে, বিজেপি ৬৫খন আসনলৈ নামি গৈছে। জনতা দল চেকুলাৰ বা জেডি(এছ)য়ে মাত্ৰ ১৯খন আসনতহে জয়লাভ কৰে।