• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিজৰ কেবিনতে একাধিক মহিলাৰে ঘনিষ্ঠতা; ‘অশ্লীল’ ভিডিঅ’ কাণ্ডত নিলম্বিত কৰ্ণাটকৰ ডিজিপি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 20, 2026 12:25 pm
35
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাইৰেল ‘অশ্লীল’ ভিডিঅ’ক লৈ তীব্ৰ বিতৰ্কৰ মাজতে সোমবাৰে কৰ্ণাটক চৰকাৰে আৰক্ষী সঞ্চালক প্ৰধান কে ৰামচন্দ্ৰ ৰাওক নিলম্বন কৰিছে। সোমবাৰে জাৰি কৰা নিলম্বনৰ আদেশত কৰ্তব্যৰত অৱস্থাত মহিলাৰ সৈতে কাৰ্যালয়ত আপত্তিজনক কাৰ্য সংঘটিত কৰি চৰকাৰী কৰ্মচাৰীৰ মৰ্যাদাৰ পৰিপন্থী আচৰণ কৰি ৰাজ্য চৰকাৰৰ ভাবমূৰ্তি কলংকিত কৰা বুলি উল্লেখ কৰে।

চৰকাৰী আদেশত স্পষ্টকৈ উল্লেখ কৰা হৈছে যে ৰামচন্দ্ৰ ৰাওৰ এই আচৰণে ১৯৬৮ চনৰ সৰ্বভাৰতীয় সেৱা (আচৰণ) নিয়মৰ ৩ নং নিয়ম উলংঘা কৰিছে। প্ৰাথমিক তদন্তত চৰকাৰে কৈছে যে তদন্ত সম্পূৰ্ণ নোহোৱালৈকে তেওঁক তৎক্ষণাত নিলম্বন কৰিব লাগে। নিলম্বনৰ সময়ছোৱাত তেওঁ নিয়ম-৪, সৰ্বভাৰতীয় সেৱা নিয়ম, ১৯৬৯ অনুসৰি জীৱিকাৰ ভাট্টা লাভ কৰিব। কিন্তু এই সময়ছোৱাত ৰাজ্য চৰকাৰৰ লিখিত অনুমতি অবিহনে তেওঁ মুখ্য কাৰ্যালয় এৰিব নোৱাৰিব।

Apply Now

এই ঘটনাক লৈ ক্ষোভ প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী সিদ্দাৰমাইয়াই। তেওঁ সাংবাদিকৰ আগত কয়, আমি নিশ্চিতভাৱে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিম। কাৰোবাৰ পদ যিমানেই উচ্চ নহওক কিয় তদন্ত হ’ব। কোনেও আইনৰ ওপৰত নহয়।

অৱশ্যে আই পি এছৰ জ্যেষ্ঠ বিষয়াগৰাকীয়ে এই ভিডিঅ’টো সম্পূৰ্ণ ভুৱা আৰু সজোৱা বুলি দাবী কৰিছে। ভাইৰেল হোৱা ৪৭ ছেকেণ্ডৰ এই ভিডিঅ’টো তিনিটা পৃথক ক্লিপৰে গঠিত বুলি অনুমান কৰা হৈছে, যিবোৰ তেওঁৰ কাৰ্যালয়ৰ ভিতৰত মোবাইল ফোনত গোপনে শ্বুট কৰা বুলি অভিযোগ উঠিছে।

ঘটনাৰ পিছতে তেওঁ গৃহমন্ত্ৰী জি পৰমেশ্বৰৰ বাসগৃহলৈ গৈ সাংবাদিকৰ আগত কয় যে, “মই স্তম্ভিত হৈছো। ভিডিঅ’বোৰ সম্পূৰ্ণ ভুৱা। ভুৱা বাতৰি প্ৰচাৰ কৰাসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিম।” অৱশ্যে ভিডিঅ’টো তেওঁৰ অফিচত শ্বুট কৰা হৈছে নে নাই সেই প্ৰশ্নৰ প্ৰত্যক্ষ উত্তৰ এৰাই চলি তেওঁ কয় যে তেওঁ আঠ বছৰ পূৰ্বে বেলাগাভি পোষ্টিঙত কাম কৰি আছিল। তেওঁ স্পষ্ট নকৰিলে যে বেলাগাভিৰ সৈতে ভিডিঅ’টোৰ সম্পৰ্ক কি, যাৰ বাবে গৃহ বিভাগ আৰু অধিক অস্বস্তিত পৰিছে।

এইটো প্ৰথম নহয়। ১৯৯৩ চনৰ বেটচৰ আই পি এছ বিষয়াজন যোৱা বছৰ তেওঁৰ সতীয়া কন্যা কানাড়া অভিনেত্ৰী ৰণ্য ৰাওক ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ে অবৈধ সোণ সৰবৰাহৰ গোচৰত গ্ৰেপ্তাৰ কৰাৰ সময়ত বিতৰ্কত জড়িত হৈছিল। বৰ্তমান তেওঁ বেংগালুৰু কেন্দ্ৰীয় কাৰাগাৰত আবদ্ধ হৈ আছে। সেই সময়ত তদন্তত ৰামচন্দ্ৰ ৰাওৰ ভূমিকা সম্পৰ্কে তদন্ত কৰা হৈছিল যদিও পিছত তেওঁক ক্লিন চিট দিয়া হৈছিল আৰু তাৰ পিছতে তেওঁক ডিজিপি, ডিচিআৰইৰ পদ দিয়া হৈছিল।

কিন্তু চৰকাৰী কার্যালয়ৰ ভিতৰত ঘটা এনে ঘটনাৰ অভিযোগে প্রশাসনিক অনুশাসন আৰু নৈতিকতাৰ প্রশ্নত এক চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ভিডিঅ’টো সঁচা নে ভুৱা, আৰু এই গোচৰত কৰ্ণাটক প্ৰশাসনৰ পৰৱৰ্তী পদক্ষেপ কি হ’ব সেয়া তদন্তৰ ফলাফলে নিৰ্ণয় কৰিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

August 15, 2026 2:51 pm
অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

August 15, 2026 1:31 pm
একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

August 15, 2026 1:00 pm
ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

August 15, 2026 11:56 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

August 15, 2026 2:51 pm
অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

August 15, 2026 1:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd