লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে বিজেপি চৰকাৰৰ বিৰুদ্ধে ভোট চুৰিৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি সমগ্ৰ দেশতে এক ব্যাপক চৰ্চাৰ সৃষ্টি কৰিছে। বিশেষকৈ কৰ্ণাটকৰ ভোটাৰ তালিকাৰ বিসংগতিৰ কথা উল্লেখ কৰি তেওঁ ভোট ৰিগিঙৰ প্ৰসংগ উত্থাপন কৰিছিল। কিন্তু শেহতীয়া এক চৰকাৰী সমীক্ষাই ৰাহুল গান্ধীৰ এই অভিযোগৰ বিপৰীত ছবিহে দাঙি ধৰিছে। কংগ্ৰেছ শাসিত কৰ্ণাটক ৰাজ্যৰে এক সমীক্ষাত দেখা গৈছে যে সাধাৰণ মানুহৰ ইলেক্ট্ৰনিক ভোটিং মেচিন বা ইভিএমৰ ওপৰত গভীৰ আস্থা আছে। এই তথ্য পোহৰলৈ অহাৰ পিছতে বিজেপিৰ বাবে বিৰোধী পক্ষক প্ৰত্যাক্ৰমণ কৰাৰ এক ডাঙৰ সুযোগ আহি পৰিছে। ৰাজনৈতিক বিশেষজ্ঞসকলৰ মতে বিভিন্ন নিৰ্বাচনত বিজেপিৰ ধাৰাবাহিক সফলতাৰ আঁৰত ইভিএমৰ প্ৰতি জনসাধাৰণৰ এই বিশ্বাসো এটা অন্যতম কাৰণ হ’ব পাৰে।
২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত কৰ্ণাটকৰ নাগৰিকসকলৰ মাজত এই বিশেষ সমীক্ষাটো চলোৱা হৈছিল। সমীক্ষাত অংশগ্ৰহণ কৰা প্ৰায় ৮৩.৬১ শতাংশ লোকে জনাইছে যে তেওঁলোকে ইভিএমক যথেষ্ট বিশ্বাসযোগ্য বুলি গণ্য কৰে। ইয়াৰে ৬৯.৩৯ শতাংশ লোকে স্পষ্টকৈ কৈছে যে ইভিএমে নিৰ্বাচনত সঠিক ফলাফল দিয়ে আৰু প্ৰায় ১৪.২২ শতাংশ লোকে এই কথাত সম্পূৰ্ণ একমত প্ৰকাশ কৰিছে। এই পৰিসংখ্যাই প্ৰমাণ কৰিছে যে বিৰোধী দলবোৰে ইভিএমৰ স্বচ্ছতাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি থাকিলেও সাধাৰণ ভোটাৰে কিন্তু মেচিনটোৰ ওপৰতহে ভৰসা ৰাখিছে।
এই সমীক্ষাটো কৰ্ণাটকৰ বেংগালুৰু, বেলাগাৱী, কালাবুৰাগী আৰু মহীচুৰুৰ দৰে গুৰুত্বপূৰ্ণ প্ৰশাসনিক সংমণ্ডলৰ অধীনৰ ১০২টা বিধানসভা সমষ্টিত চলোৱা হৈছিল। মুঠ ৫১০০ জন লোকৰ মতামত লোৱা এই সমীক্ষাটো ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া ভি অনবু কুমাৰৰ তত্ত্বাৱধানত পৰিচালিত হৈছিল। তথ্য অনুসৰি কালাবুৰাগী অঞ্চলৰ লোকৰ ইভিএমৰ ওপৰত সৰ্বাধিক বিশ্বাস দেখা গৈছে। মহীচুৰু আৰু বেলাগাভিতো অধিক সংখ্যক লোকে ইভিএমৰ পক্ষত নিজৰ মত দিছে। অৱশ্যে বেংগালুৰু সংমণ্ডলত ইভিএমক লৈ পূৰ্ণ বিশ্বাস থকা লোকৰ সংখ্যা আন ঠাইৰ তুলনাত কিছু কম যদিও তাতো গৰিষ্ঠসংখ্যক মানুহেই মেচিনটোক সমৰ্থন কৰিছে।
ইফালে এই সমীক্ষাৰ ফলাফল ওলোৱাৰ পিছতে কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰৰ মাজত অস্বস্তিৰ সৃষ্টি হৈছে। ৰাজ্যখনৰ তথ্য-প্ৰযুক্তি মন্ত্ৰী প্ৰিয়ংক খাৰ্গেই এই সমীক্ষাৰ বিশ্বাসযোগ্যতাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। তেওঁ অভিযোগ কৰিছে যে এই সমীক্ষাৰ বাবে ৰাজ্য চৰকাৰৰ পৰা কোনো আনুষ্ঠানিক অনুমোদন লোৱা হোৱা নাছিল। মন্ত্ৰীগৰাকীৰ মতে যিটো বেচৰকাৰী সংস্থাই এই কাম কৰিছে, তেওঁলোকৰ সৈতে কেন্দ্ৰীয় চৰকাৰ বা প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ ঘনিষ্ঠ সম্পৰ্ক থকাৰ সম্ভাৱনা আছে। এনে বিবাদৰ মাজতো ইভিএমক লৈ ভোটাৰৰ ইতিবাচক সঁহাৰিয়ে এতিয়া ৰাজনৈতিক মহলত তীব্ৰ বিতৰ্কৰ জন্ম দিছে।





