• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এইবাৰ মৃত্যুমুখত পৰা ৰোগীক ‘মৰ্যাদাপূৰ্ণ মৃত্যুৰ অধিকাৰ’ প্ৰদান কৰিলে কৰ্ণাটকে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 1, 2025 10:39 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰোগীৰ মৰ্যাদাপূৰ্ণ মৃত্যুৰ অধিকাৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ কাৰ্যকৰী কৰিবলৈ কৰ্ণাটক চৰকাৰে নিৰ্দেশিকা জাৰি কৰিছে। বৃহস্পতিবাৰে জাৰি কৰা হৈছে এই নিৰ্দেশিকা। সংকটজনকভাৱে অসুস্থ ৰোগীৰ জীৱন ৰক্ষাকাৰী চিকিৎসা কেতিয়া বা কি পৰিস্থিতিত বন্ধ কৰিব পাৰি সেইটো নিৰ্ণয় কৰিবলৈ স্বাস্থ্য বিভাগে কেইবাজনো চিকিৎসা বিশেষজ্ঞ নিযুক্তি দিছে।

২০২৩ চনৰ ২৪ জানুৱাৰীত উচ্চতম ন্যায়ালয়ে দিয়া এক গুৰুত্বপূৰ্ণ ৰায়দানত কয় যে যিসকল ৰোগীৰ আৰোগ্যৰ কোনো সম্ভাৱনা নাই, বা যিসকল সম্পূৰ্ণ ‘ভেজিটেটিভ’ অৱস্থাত আছে (য’ত ব্যক্তি জাগি থাকে যদিও সজ্ঞান নহয়) তেওঁলোকৰ লাইফ ছাপোৰ্ট প্ৰত্যাহাৰ কৰিব পাৰি।  এই পৰ্যন্ত কেৰালা হৈছে দেশৰ একমাত্ৰ ৰাজ্য যিয়ে এই উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ কাৰ্যকৰী কৰিছে। কৰ্ণাটক দ্বিতীয় ৰাজ্য হিচাপে পৰিগণিত হয়।

Apply Now

এই নিৰ্দেশনা অৱশ্যে সকলো ৰোগীৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়। দীৰ্ঘদিন ধৰি চিকিৎসাধীন হৈ থকা আৰু উন্নতিৰ কোনো আশা নথকা, বা ‘ভেজিটেটিভ’  অৱস্থাত থকা আৰু চিকিৎসাৰ দ্বাৰা উপকৃত নোহোৱাসকলক নিস্কৃতি মৃত্যুৰ অধিকাৰ প্ৰদান কৰা হ’ব এই নিৰ্দেশনাৰ জৰিয়তে।

কৰ্ণাটকৰ স্বাস্থ্যমন্ত্ৰী দীনেশ গুণ্ডু ৰাৱে কয় যে, “যিসকল গুৰুতৰভাৱে অসুস্থ, আৰোগ্যৰ কোনো আশা নাই, বা যিসকল দীৰ্ঘদিন ধৰি ‘ভেজিটেটিভ’ অৱস্থাত আছে, য’ত তেওঁলোকক চিকিৎসাৰ জৰিয়তে সহায় কৰাৰ কোনো উপায় নাই, তেওঁলোকক এই আদেশে যথেষ্ট সকাহ দিব।”

এই নিৰ্দেশ অনুসৰি যিকোনো নিউৰোলজিষ্ট, নিউৰোচাৰ্জন, অস্ত্ৰোপচাৰ বিশেষজ্ঞ, এনাস্থেটিষ্ট বা ইনটেনচিভিষ্ট যিয়ে ইতিমধ্যে মানৱ অংগ আৰু কলা প্ৰতিস্থাপন আইন, ১৯৯৪ৰ অধীনত মগজুৰ মৃত্যু নিশ্চিত কৰিবলৈ কৰ্তৃত্ব লাভ কৰিছে, তেওঁলোকেও ৰোগীৰ মৰ্যাদাপূৰ্ণ মৃত্যুৰ সিদ্ধান্ত ল’ব পাৰিব।

মৰ্যাদাপূৰ্ণ মৃত্যুৰ অধিকাৰ প্ৰদানৰ উপৰিও কৰ্ণাটক চৰকাৰে এই দিনটোতে এডভান্সড মেডিকেল ডাইৰেক্টিভ (AMD) বা জীয়াই থকাৰ ইচ্ছাপত্ৰৰো প্ৰৱৰ্তন কৰে। এই উইলত এজন ৰোগীয়ে ভৱিষ্যতে কেনেধৰণৰ চিকিৎসা বিচাৰে বা নিবিচাৰে সেই সম্পৰ্কে নিজৰ ইচ্ছা লিপিবদ্ধ কৰিব পাৰে।

যদি কোনো ৰোগীয়ে পিছলৈ সেই সিদ্ধান্ত লোৱাৰ ক্ষমতা হেৰুৱাই পেলায়, তেন্তে তেওঁলোকে নিজৰ হৈ এই সিদ্ধান্ত ল’বলৈ দুজন বিশ্বাসযোগ্য ব্যক্তিক নিযুক্তি দিব পাৰে। যিকোনো মানসিকভাৱে সুস্থ প্ৰাপ্তবয়স্ক ৰোগীয়ে এই কাম কৰিব পাৰে। আগতীয়া নিৰ্দেশনা প্ৰস্তুত হোৱাৰ পিছত ৰোগীৰ নিৰ্দেশনাৰ প্ৰতিলিপি চৰকাৰী নিযুক্ত বিষয়াজনক দিব লাগিব।

এই নিৰ্দেশিকাত জীৱন ৰক্ষাকাৰী চিকিৎসা কেনেকৈ পৰ্যায়ক্ৰমে কৰা হ’ব তাৰ ৰূপৰেখা দাঙি ধৰা হৈছে। প্ৰথমে চিকিৎসা কৰা চিকিৎসকে এই সিদ্ধান্তত অনুমোদন দিব লাগিব। ইয়াৰ পিছত ৰোগীজনক চিকিৎসাধীন হৈ থকা চিকিৎসালয়খনত দুখন মেডিকেল ব’ৰ্ড বহিব লাগিব। এখন প্ৰাইমেৰী মেডিকেল ব’ৰ্ড আৰু এখন ছেকেণ্ডাৰী মেডিকেল ব’ৰ্ড। প্ৰতিখন ব’ৰ্ডত থাকিব তিনিজনকৈ চিকিৎসক।

ছেকেণ্ডাৰী মেডিকেল ব’ৰ্ডত জিলা স্বাস্থ্য বিষয়াৰ মনোনীত এজন চিকিৎসক থাকিব লাগিব। দুয়োখন ব’ৰ্ডে ৰোগীৰ পৰিয়ালৰ সৈতে আলোচনা কৰি বা ৰোগীৰ উইলত নাম উল্লেখ কৰাসকলৰ সৈতে আলোচনা কৰি চিকিৎসা বন্ধ কৰাটো উপযুক্ত হ’ব নেকি বিবেচনা কৰিব।

চূড়ান্ত ব্যৱস্থা লোৱাৰ পূৰ্বে দুয়োখন ব’ৰ্ডৰ সিদ্ধান্ত প্ৰথম শ্ৰেণীৰ ন্যায়িক দণ্ডাধীশ বা জেএমএফচিৰ ওচৰত দাখিল কৰিব লাগিব। জেএমএফচিয়ে এই সিদ্ধান্ত পুনৰীক্ষণ কৰি চৰকাৰী অভিলেখৰ বাবে উচ্চ ন্যায়ালয়ৰ পঞ্জীয়কলৈ এটা কপি প্ৰেৰণ কৰিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৫০০ বছৰ ধৰি আমি ভুল মানচিত্ৰ পঢ়ি আছিলোঁ নেকি? ৰাষ্ট্ৰসংঘই সলনি কৰিলে পৃথিৱীৰ মেপ!

৫০০ বছৰ ধৰি আমি ভুল মানচিত্ৰ পঢ়ি আছিলোঁ নেকি? ৰাষ্ট্ৰসংঘই সলনি কৰিলে পৃথিৱীৰ মেপ!

September 5, 2026 8:03 pm
চাৰিওফালে কেৱল মৃত্যুৰ কিৰিলি, তাৰ মাজতেই আশাৰ ৰেঙনি! ১০ দিনৰ পাছত সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিক

চাৰিওফালে কেৱল মৃত্যুৰ কিৰিলি, তাৰ মাজতেই আশাৰ ৰেঙনি! ১০ দিনৰ পাছত সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিক

September 5, 2026 6:53 pm
বিপদ বাঢ়িল স্বতন্ত্ৰ ভৰদ্বাজৰ! আটক কৰাৰ লগতে জাপি দিয়া হ’ল পকচো আৰু এছ চি/এছ টি আইন

বিপদ বাঢ়িল স্বতন্ত্ৰ ভৰদ্বাজৰ! আটক কৰাৰ লগতে জাপি দিয়া হ’ল পকচো আৰু এছ চি/এছ টি আইন

September 5, 2026 4:51 pm
বোকাখাতত প্ৰণৱ দলেৰ মুক্তিৰ দাবীত প্ৰতিবাদী সমদল, নাগৰিক সভাত প্ৰশাসনৰ বাধা

বোকাখাতত প্ৰণৱ দলেৰ মুক্তিৰ দাবীত প্ৰতিবাদী সমদল, নাগৰিক সভাত প্ৰশাসনৰ বাধা

September 5, 2026 4:48 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৫০০ বছৰ ধৰি আমি ভুল মানচিত্ৰ পঢ়ি আছিলোঁ নেকি? ৰাষ্ট্ৰসংঘই সলনি কৰিলে পৃথিৱীৰ মেপ!

৫০০ বছৰ ধৰি আমি ভুল মানচিত্ৰ পঢ়ি আছিলোঁ নেকি? ৰাষ্ট্ৰসংঘই সলনি কৰিলে পৃথিৱীৰ মেপ!

September 5, 2026 8:03 pm
চাৰিওফালে কেৱল মৃত্যুৰ কিৰিলি, তাৰ মাজতেই আশাৰ ৰেঙনি! ১০ দিনৰ পাছত সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিক

চাৰিওফালে কেৱল মৃত্যুৰ কিৰিলি, তাৰ মাজতেই আশাৰ ৰেঙনি! ১০ দিনৰ পাছত সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিক

September 5, 2026 6:53 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd