DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, January 31, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

শ্ৰেণীকোঠাৰ ভিতৰতে মুছলমান ছাত্ৰক ‘সন্ত্রাসবাদী’ আখ্যা অধ্যাপকৰ: অভিযুক্ত অধ্যাপকক নিলম্বন, তদন্তৰ নিৰ্দেশ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 29, 2022 8:05 am
professor calling student terrorist
164
VIEWS
Share on FacebookShare on Twitter

দেশত ক্ৰমাৎ সাম্প্ৰদায়িক বিদ্বেষে উদ্বেগজনকভাৱে বৃদ্ধি পোৱা বুলি অভিযোগ উঠি অহাৰ সময়তে বাংগালুৰুত সংঘটিত হৈছে এক লজ্জাজনক কাণ্ড। বাংগালুৰুৰ মণিপাল ইনষ্টিটিউট অৱ টেকন’লজিৰ (এম আই টি)ৰ এগৰাকী অধ্যাপকে শ্ৰেণীকোঠাৰ ভিতৰত পঢ়ুৱাই থকাৰ সময়তে এগৰাকী মুছলমান ছাত্ৰক ‘সন্ত্রাসবাদী’ বুলি অভিহিত কৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।

অধ্যাপকগৰাকীৰ এই নিকৃষ্ট আচৰণৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছতে অধ্যাপকগৰাকীৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হয় শিক্ষানুষ্ঠানখন আৰু তাৎক্ষণিকভাৱে তেওঁক নিলম্বন কৰে।

যোৱা ২৬ নৱেম্বৰ, শুকুৰবাৰে এই ঘটনা সংঘটিত হৈছিল। অধ্যাপকগৰাকীয়ে এইদৰে অপমান কৰাৰ পিছতে ছাত্ৰগৰাকীয়ে তেওঁক প্ৰত্যুত্তৰ দিয়া ভাইৰেল ভিডিঅ’টোত দেখিবলৈ পোৱা গৈছে। ভিডিঅ’টোত ছাত্ৰগৰাকীয়ে কোৱা শুনা গৈছে, “এগৰাকী মুছলমান হোৱাৰ বাবে প্ৰতিদিনে এনে ব্যৱহাৰৰ সন্মুখীন হোৱাটো ধেমেলীয়া নহয়।”

ছাত্ৰগৰাকীয়ে অভিযুক্ত অধ্যাপকগৰাকীৰ এনে বৈষম্যমূলক আচৰণৰ বিৰোধিতা কৰাৰ পাছত ছাত্ৰজন তেওঁৰ ল’ৰাৰ দৰেই বুলি মন্তব্য কৰি অধ্যাপকগৰাকীয়ে দায় সাৰিবলৈ চেষ্টা চলায় যদিও ছাত্ৰগৰাকীয়ে কোনো দেউতাকে এনে আচৰণ নকৰে বুলিও তেওঁক আঙুলিয়াই দেখুওৱায়।

“আপুনি আপোনাৰ সন্তানক তেনে ব্যৱহাৰ কৰিবনে? তাকো সন্ত্ৰাসবাদী বুলি ক’বনে? ইমান মানুহৰ সন্মুখত মোক এনেকৈ কিদৰে ক’ব পাৰে? এইয়া এক শ্ৰেণীকোঠা আৰু আপুনি এগৰাকী অধ্যাপক। আপুনি মোক কেতিয়াও এনেদৰে ক’ব নোৱাৰে।”- ছাত্ৰজনে লগতে কয়।

ছাত্ৰগৰাকীয়ে এনেদৰে দৃঢ়তাৰে বৈষম্যমূলক আচৰণৰ বিৰোধিতা কৰাৰ পাছত অধ্যাপকগৰাকীয়ে অৱশেষত ছাত্ৰগৰাকীৰ ওচৰত ক্ষমা খুজা ভিডিঅ’টোৰ শেষৰফালে দেখিবলৈ পোৱা গৈছে। ভিডিঅ’টো ভাইৰেল হোৱাৰ পাছত এম আই টি- এ অধ্যাপকজনক নিলম্বন কৰি আভ্যন্তৰীণ তদন্তৰ নিৰ্দেশ দিয়ে।

সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মণিপাল বিশ্ববিদ্যালয়ৰ জনসংযোগ সঞ্চালক এছ পি কাৰে কয় যে শিক্ষা প্ৰতিষ্ঠানটোৱে এনেধৰণৰ ঘটনাক গৰিহণা দিছে। তেওঁ লগতে কয়, “আমি সৰ্ৱ ধৰ্ম আৰু বসুধৈৱ কুটুম্বকম নীতিত বিশ্বাসী প্ৰতিষ্ঠান।”

“এই বিষয়ত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু আমি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছো। ছাত্ৰগৰাকীক কাউন্সেলিং দিয়া হৈছে, আৰু অধ্যাপগৰাকীক কলেজৰ পৰা নিলম্বন কৰা হৈছে।”- তেওঁ লগতে কয়। ছাত্ৰীগৰাকী আৰু অধ্যাপকৰ মাজত কি কাৰণত এনে কথা-বাৰ্তা আৰম্ভ হৈছিল, সেই সন্দৰ্ভত মহাবিদ্যালয়খনে প্ৰাথমিক তথ্য প্ৰকাশ কৰা নাই।

“এই ঘটনা শ্ৰেণীকোঠাত নিয়মিত পাঠদানৰ সময়ত সংঘটিত হোৱাৰ বাবে আমি এতিয়াই একো ক’ব নোৱাৰিম। এনে পৰিস্থিতিৰ কাৰণ সন্ধান কৰাটোও প্ৰত্যাহ্বানজনক। সেয়েহে আমি ‘suo motu’ ব্যৱস্থা লৈছো। ছাত্ৰগৰাকী সঁচাকৈয়ে উদ্বিগ্ন হৈ আছে, কিয়নো কোনো ব্যক্তিয়েই এনে আচৰণ আশা নকৰে। লগতে ভিডিঅ’টো কোনে ৰেকৰ্ডিং কৰিলে, এই বিষয়তো আমাৰ কোনো ধাৰণা নাই।”— বিষয়াগৰাকীয়ে লগতে কয়।

Recent News

বিবিচিৰ মোডী তথ্যচিত্ৰ: কেন্দ্ৰৰ নিষেধাজ্ঞাক লৈ উচ্চতম ন্যায়ালয়ত আবেদনৰ শুনানি অহা সোমবাৰে

বিবিচিৰ মোডী তথ্যচিত্ৰ: কেন্দ্ৰৰ নিষেধাজ্ঞাক লৈ উচ্চতম ন্যায়ালয়ত আবেদনৰ শুনানি অহা সোমবাৰে

মহাত্মা স্মৰণ! জাতিৰ পিতাৰ মৃত্যু বাৰ্ষিকীত জীৱনক অনুপ্ৰাণিত কৰা তেওঁৰ কিছু বিশেষ উদ্ধৃতি

মহাত্মা স্মৰণ! জাতিৰ পিতাৰ মৃত্যু বাৰ্ষিকীত জীৱনক অনুপ্ৰাণিত কৰা তেওঁৰ কিছু বিশেষ উদ্ধৃতি

কণ্ঠশিল্পী অলকা য়াগনিকৰ বিশ্ব ৰেকৰ্ড; পিছ পৰিল বিটিএছ-টেইলৰ চুইফ্ট!

কণ্ঠশিল্পী অলকা য়াগনিকৰ বিশ্ব ৰেকৰ্ড; পিছ পৰিল বিটিএছ-টেইলৰ চুইফ্ট!

পাকিস্তানৰ মছজিদত ভয়ংকৰ বিস্ফোৰণ; নিহত ২৮ জন, ১৫০ জন আহত

পাকিস্তানৰ মছজিদত ভয়ংকৰ বিস্ফোৰণ; নিহত ২৮ জন, ১৫০ জন আহত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd