• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

শ্ৰেণীকোঠাৰ ভিতৰতে মুছলমান ছাত্ৰক ‘সন্ত্রাসবাদী’ আখ্যা অধ্যাপকৰ: অভিযুক্ত অধ্যাপকক নিলম্বন, তদন্তৰ নিৰ্দেশ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 29, 2022 8:05 am
professor calling student terrorist
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশত ক্ৰমাৎ সাম্প্ৰদায়িক বিদ্বেষে উদ্বেগজনকভাৱে বৃদ্ধি পোৱা বুলি অভিযোগ উঠি অহাৰ সময়তে বাংগালুৰুত সংঘটিত হৈছে এক লজ্জাজনক কাণ্ড। বাংগালুৰুৰ মণিপাল ইনষ্টিটিউট অৱ টেকন’লজিৰ (এম আই টি)ৰ এগৰাকী অধ্যাপকে শ্ৰেণীকোঠাৰ ভিতৰত পঢ়ুৱাই থকাৰ সময়তে এগৰাকী মুছলমান ছাত্ৰক ‘সন্ত্রাসবাদী’ বুলি অভিহিত কৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।

অধ্যাপকগৰাকীৰ এই নিকৃষ্ট আচৰণৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছতে অধ্যাপকগৰাকীৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হয় শিক্ষানুষ্ঠানখন আৰু তাৎক্ষণিকভাৱে তেওঁক নিলম্বন কৰে।

Apply Now

যোৱা ২৬ নৱেম্বৰ, শুকুৰবাৰে এই ঘটনা সংঘটিত হৈছিল। অধ্যাপকগৰাকীয়ে এইদৰে অপমান কৰাৰ পিছতে ছাত্ৰগৰাকীয়ে তেওঁক প্ৰত্যুত্তৰ দিয়া ভাইৰেল ভিডিঅ’টোত দেখিবলৈ পোৱা গৈছে। ভিডিঅ’টোত ছাত্ৰগৰাকীয়ে কোৱা শুনা গৈছে, “এগৰাকী মুছলমান হোৱাৰ বাবে প্ৰতিদিনে এনে ব্যৱহাৰৰ সন্মুখীন হোৱাটো ধেমেলীয়া নহয়।”

ছাত্ৰগৰাকীয়ে অভিযুক্ত অধ্যাপকগৰাকীৰ এনে বৈষম্যমূলক আচৰণৰ বিৰোধিতা কৰাৰ পাছত ছাত্ৰজন তেওঁৰ ল’ৰাৰ দৰেই বুলি মন্তব্য কৰি অধ্যাপকগৰাকীয়ে দায় সাৰিবলৈ চেষ্টা চলায় যদিও ছাত্ৰগৰাকীয়ে কোনো দেউতাকে এনে আচৰণ নকৰে বুলিও তেওঁক আঙুলিয়াই দেখুওৱায়।

“আপুনি আপোনাৰ সন্তানক তেনে ব্যৱহাৰ কৰিবনে? তাকো সন্ত্ৰাসবাদী বুলি ক’বনে? ইমান মানুহৰ সন্মুখত মোক এনেকৈ কিদৰে ক’ব পাৰে? এইয়া এক শ্ৰেণীকোঠা আৰু আপুনি এগৰাকী অধ্যাপক। আপুনি মোক কেতিয়াও এনেদৰে ক’ব নোৱাৰে।”- ছাত্ৰজনে লগতে কয়।

ছাত্ৰগৰাকীয়ে এনেদৰে দৃঢ়তাৰে বৈষম্যমূলক আচৰণৰ বিৰোধিতা কৰাৰ পাছত অধ্যাপকগৰাকীয়ে অৱশেষত ছাত্ৰগৰাকীৰ ওচৰত ক্ষমা খুজা ভিডিঅ’টোৰ শেষৰফালে দেখিবলৈ পোৱা গৈছে। ভিডিঅ’টো ভাইৰেল হোৱাৰ পাছত এম আই টি- এ অধ্যাপকজনক নিলম্বন কৰি আভ্যন্তৰীণ তদন্তৰ নিৰ্দেশ দিয়ে।

সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মণিপাল বিশ্ববিদ্যালয়ৰ জনসংযোগ সঞ্চালক এছ পি কাৰে কয় যে শিক্ষা প্ৰতিষ্ঠানটোৱে এনেধৰণৰ ঘটনাক গৰিহণা দিছে। তেওঁ লগতে কয়, “আমি সৰ্ৱ ধৰ্ম আৰু বসুধৈৱ কুটুম্বকম নীতিত বিশ্বাসী প্ৰতিষ্ঠান।”

“এই বিষয়ত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু আমি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছো। ছাত্ৰগৰাকীক কাউন্সেলিং দিয়া হৈছে, আৰু অধ্যাপগৰাকীক কলেজৰ পৰা নিলম্বন কৰা হৈছে।”- তেওঁ লগতে কয়। ছাত্ৰীগৰাকী আৰু অধ্যাপকৰ মাজত কি কাৰণত এনে কথা-বাৰ্তা আৰম্ভ হৈছিল, সেই সন্দৰ্ভত মহাবিদ্যালয়খনে প্ৰাথমিক তথ্য প্ৰকাশ কৰা নাই।

“এই ঘটনা শ্ৰেণীকোঠাত নিয়মিত পাঠদানৰ সময়ত সংঘটিত হোৱাৰ বাবে আমি এতিয়াই একো ক’ব নোৱাৰিম। এনে পৰিস্থিতিৰ কাৰণ সন্ধান কৰাটোও প্ৰত্যাহ্বানজনক। সেয়েহে আমি ‘suo motu’ ব্যৱস্থা লৈছো। ছাত্ৰগৰাকী সঁচাকৈয়ে উদ্বিগ্ন হৈ আছে, কিয়নো কোনো ব্যক্তিয়েই এনে আচৰণ আশা নকৰে। লগতে ভিডিঅ’টো কোনে ৰেকৰ্ডিং কৰিলে, এই বিষয়তো আমাৰ কোনো ধাৰণা নাই।”— বিষয়াগৰাকীয়ে লগতে কয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সমীপৰ পৰা উচ্ছেদ হ’ব তিনিটাকৈ বস্তি! ৬ সপ্তাহৰ সময়সীমা দিল্লী উচ্চ ন্যায়ালয়ৰ

প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সমীপৰ পৰা উচ্ছেদ হ’ব তিনিটাকৈ বস্তি! ৬ সপ্তাহৰ সময়সীমা দিল্লী উচ্চ ন্যায়ালয়ৰ

August 26, 2026 2:37 pm
নিউয়ৰ্কৰ মেডিচন স্কোৱাৰ গাৰ্ডেনত মোহন ভাগৱতৰ ভাষণ: অনুষ্ঠানক লৈ অসন্তুষ্টি প্ৰকাশ মেয়ৰ জোহৰান মামদানীৰ

নিউয়ৰ্কৰ মেডিচন স্কোৱাৰ গাৰ্ডেনত মোহন ভাগৱতৰ ভাষণ: অনুষ্ঠানক লৈ অসন্তুষ্টি প্ৰকাশ মেয়ৰ জোহৰান মামদানীৰ

August 26, 2026 12:51 pm
দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

August 26, 2026 11:13 am
‘ভাৰত আৰু চীন প্ৰতিদ্বন্দ্বী নহয়, সহযোগীহে’: বেইজিঙৰ বৈঠকত অজিত ডোভাল, ব্ৰিকছ সন্মিলনলৈ আহিব পাৰে জিনপিং

‘ভাৰত আৰু চীন প্ৰতিদ্বন্দ্বী নহয়, সহযোগীহে’: বেইজিঙৰ বৈঠকত অজিত ডোভাল, ব্ৰিকছ সন্মিলনলৈ আহিব পাৰে জিনপিং

August 26, 2026 9:33 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সমীপৰ পৰা উচ্ছেদ হ’ব তিনিটাকৈ বস্তি! ৬ সপ্তাহৰ সময়সীমা দিল্লী উচ্চ ন্যায়ালয়ৰ

প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সমীপৰ পৰা উচ্ছেদ হ’ব তিনিটাকৈ বস্তি! ৬ সপ্তাহৰ সময়সীমা দিল্লী উচ্চ ন্যায়ালয়ৰ

August 26, 2026 2:37 pm
নিউয়ৰ্কৰ মেডিচন স্কোৱাৰ গাৰ্ডেনত মোহন ভাগৱতৰ ভাষণ: অনুষ্ঠানক লৈ অসন্তুষ্টি প্ৰকাশ মেয়ৰ জোহৰান মামদানীৰ

নিউয়ৰ্কৰ মেডিচন স্কোৱাৰ গাৰ্ডেনত মোহন ভাগৱতৰ ভাষণ: অনুষ্ঠানক লৈ অসন্তুষ্টি প্ৰকাশ মেয়ৰ জোহৰান মামদানীৰ

August 26, 2026 12:51 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd