• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শ্ৰাদ্ধকৰ্ম শেষ কৰি থৈছিল পৰিয়ালে; ২৫ বছৰৰ মূৰত ঘৰলৈ উভতি আহিল ‘নিৰুদ্দিষ্ট’ মহিলা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 26, 2024 10:41 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিধিৰ বিধান খণ্ডাৱ নোৱাৰি! একেৰাহে ২৫ বছৰ ধৰি নিৰুদ্দেশ হৈ থকা এগৰাকী মহিলাৰ পৰিয়ালে তেওঁক মৃত বুলি ধৰি লৈ শ্ৰাদ্ধকৰ্ম শেষ কৰি থৈছিল। নকৰিবই বা কিয়? ২৫ বছৰ মানে আঢ়ৈ দশক অপেক্ষা কৰাৰ পিছতো মহিলাগৰাকীক বিচাৰি নোপোৱাত ঘৰৰ মানুহে তেওঁক মৃত বুলি ধৰি লৈছিল।

সেয়ে, মহিলাগৰাকীৰ পৰিয়ালৰ সদস্য আৰু আত্মীয়সকলে হিন্দু ধৰ্মৰ ৰীতি অনুসৰি তেওঁৰ পাৰলৌকিক কাজকাম সম্পূৰ্ণ কৰিবলৈ বাধ্য হ’ল। কিন্তু শেষত ভাগ্যই সহায় হ’ল। কানাড়া ভাষাই ঘৰলৈ ওভতাই আনিলে ৫০ বছৰীয়া সাকাম্মাক।

Apply Now

২৫ বছৰ ধৰি নিৰুদ্দেশ হৈ থকা কৰ্ণাটকৰ বাসিন্দা সাকাম্মাক শেহতীয়াকৈ হিমাচল প্ৰদেশৰ এখন বৃদ্ধাশ্ৰমত উদ্ধাৰ কৰা হৈছে। হিমাচলৰ মাণ্ডীৰ বৃদ্ধাশ্ৰমত উদ্ধাৰ হৈছে সাকাম্মা। বুধবাৰে বৰদিনৰ দিনা (২৫ ডিচেম্বৰ) কৰ্ণাটকৰ মহিলাগৰাকী ঘৰলৈ উভতি আহে। ২৫ বছৰ ধৰি তেওঁৰ পৰিয়ালৰ সৈতে কোনো ধৰণৰ যোগাযোগ নাছিল।

সূত্ৰ অনুসৰি, সাকাম্মাৰ ঘৰ কৰ্ণাটকৰ বল্লাৰী জিলাৰ দানানায়াকাংকাকেৰে গাঁৱত। ২৫ বছৰ আগতে কৰ্ণাটকৰ হোছাপেটত এগৰাকী আত্মীয়ৰ বিয়াত সন্তানৰ সৈতে গৈছিল। উভতি অহাৰ পথত তেওঁ ভুলতে চণ্ডীগড় অভিমুখী ৰেলত উঠিল। তাৰপিছতে দুৰ্ভাগ্যই তেওঁৰ অহৰহ সংগী হৈ পৰিল। সাকাম্মাই উত্তৰ ভাৰতৰ বিভিন্ন ৰাজ্যত ইটোৰ পিছত সিটো স্থানত অঘৰীৰ দৰে জীয়াই থাকিবলৈ আৰম্ভ কৰিলে।

লগতে পঢ়কঃ নদীৰ সৈতে নদীৰ সংযোগ! পৰিৱেশবিদৰ সতৰ্কবাণীক আওকাণ কৰি মোদীৰ পদক্ষেপ

মহিলাগৰাকীক বিচাৰি নাপাই তেওঁৰ পৰিয়ালে প্ৰথমে স্থানীয় থানাত নিৰুদ্দেশ হোৱা ব্যক্তিৰ ডায়েৰী দাখিল কৰে। সাকাম্মাক বিচাৰি উলিয়াবলৈ বল্লাৰ জিলা আৰক্ষীৰ সৈতেও নিয়মীয়াকৈ যোগাযোগ ৰাখিবলৈ আৰম্ভ কৰে। সমগ্ৰ দক্ষিণ ভাৰতত আনকি কৰ্ণাটকৰ লগতে দেশৰ বিভিন্ন ৰাজ্যতো তেওঁক বিচাৰিবলৈ আৰক্ষীয়ে ছবিসহ পত্ৰ প্ৰেৰণ কৰে।

অসংখ্য স্থানত বিজ্ঞাপন দি মহিলাগৰাকীৰ পৰিয়ালৰ লোকৰ লগতে তেওঁৰ আত্মীয়ই তেওঁক বিচাৰিবলৈ আৰম্ভ কৰে। কিন্তু মহিলাগৰাকীক ক’তো পোৱা নাছিল। সাকাম্মা কেতিয়াও ঘূৰি নাহে বুলি ধৰি লৈ পৰিয়ালৰ লোকেও কেইবছৰমান আগতে তেওঁৰ পাৰলৌকিক কামকাজ সম্পূৰ্ণ কৰে।

সাকাম্মা কেনেকৈ ঘৰলৈ উভতি আহিলে? সূত্ৰৰ পৰা জানিব পৰা মতে, শেহতীয়াকৈ হিমাচলৰ মাণ্ডীৰ এখন বৃদ্ধাশ্ৰমলৈ গৈছিল এজন যুৱ আই পি এছ বিষয়া। তালৈ গৈ বৃদ্ধাশ্ৰমৰ মানুহবোৰৰ লগত কথা পাতিলে। আই পি এছ বিষয়াজনে কানাড়া ভাষাত কথা কোৱা পঞ্চাশৰ দশকৰ এগৰাকী মহিলাক লক্ষ্য কৰিলে। অফিচাৰজন বৰ কৌতুহলী হৈ পৰিল। সেই মহিলাগৰাকীৰ লগত কথা পাতি তেওঁ গম পালে যে তেওঁৰ নাম সাকাম্মা। মহিলাগৰাকীয়ে তেওঁক জনালে কেনেকৈ তেওঁ হেৰাই গ’ল। কেনেকৈ তেওঁ বহু ঠাই ঘুৰি শেষত মাণ্ডী বৃদ্ধাশ্ৰমত থিতাপি লৈছিল।

লগতে পঢ়কঃ নিৰ্বাচনী প্ৰতিবাদৰ মাজতে মোজাম্বিকৰ কাৰাগাৰৰ পৰা পলায়ন ডেৰ হাজাৰৰো অধিক কয়দীৰ

আৰক্ষী বিষয়াজনে পলম কৰা নাছিল। তেওঁ খৰধৰকৈ কৰ্ণাটক চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ লগত যোগাযোগ কৰে। সেই কাৰ্যালয়ৰ বিষয়াসকলে সাকাম্মাৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰিছিল। তেওঁ পৰিয়ালটোক হিমাচলৰ মাণ্ডিৰ বৃদ্ধাশ্ৰমলৈ গৈ সাকাম্মাক আনিবলৈ ক’লে। বৰদিনৰ দিনাই ঘৰলৈ উভতি আহিছে সাকাম্মা।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰম নিৰ্যাতন! বিয়াৰ ৪৭ দিন পিছত শহুৰেকৰ ঘৰত কইনাৰ ৰহস্যজনক মৃত্যু; স্বামীক গ্ৰেপ্তাৰ

চৰম নিৰ্যাতন! বিয়াৰ ৪৭ দিন পিছত শহুৰেকৰ ঘৰত কইনাৰ ৰহস্যজনক মৃত্যু; স্বামীক গ্ৰেপ্তাৰ

June 18, 2026 7:25 pm
ইউপিআই আৰু এটিএমৰ জৰিয়তেও উলিয়াব পাৰিব পিএফৰ ধন : নতুন নিয়ম আনিছে কেন্দ্ৰীয় চৰকাৰে

ইউপিআই আৰু এটিএমৰ জৰিয়তেও উলিয়াব পাৰিব পিএফৰ ধন : নতুন নিয়ম আনিছে কেন্দ্ৰীয় চৰকাৰে

June 18, 2026 7:17 pm
টেলিগ্রাম এতিয়া ইণ্টাৰনেটৰ নতুন অন্ধকাৰ জগত, আদালতত কেন্দ্ৰীয় চৰকাৰৰ বিস্ফোৰক দাবী

টেলিগ্রাম এতিয়া ইণ্টাৰনেটৰ নতুন অন্ধকাৰ জগত, আদালতত কেন্দ্ৰীয় চৰকাৰৰ বিস্ফোৰক দাবী

June 18, 2026 5:51 pm
শিৱসেনাৰ উদ্ধৱ ফৈদৰ বৈঠকত অনুপস্থিত ৬ জন সাংসদৰ বিৰুদ্ধে কাৰণ দৰ্শোৱাৰ জাননী নেতৃত্বৰ

শিৱসেনাৰ উদ্ধৱ ফৈদৰ বৈঠকত অনুপস্থিত ৬ জন সাংসদৰ বিৰুদ্ধে কাৰণ দৰ্শোৱাৰ জাননী নেতৃত্বৰ

June 18, 2026 5:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰম নিৰ্যাতন! বিয়াৰ ৪৭ দিন পিছত শহুৰেকৰ ঘৰত কইনাৰ ৰহস্যজনক মৃত্যু; স্বামীক গ্ৰেপ্তাৰ

চৰম নিৰ্যাতন! বিয়াৰ ৪৭ দিন পিছত শহুৰেকৰ ঘৰত কইনাৰ ৰহস্যজনক মৃত্যু; স্বামীক গ্ৰেপ্তাৰ

June 18, 2026 7:25 pm
ইউপিআই আৰু এটিএমৰ জৰিয়তেও উলিয়াব পাৰিব পিএফৰ ধন : নতুন নিয়ম আনিছে কেন্দ্ৰীয় চৰকাৰে

ইউপিআই আৰু এটিএমৰ জৰিয়তেও উলিয়াব পাৰিব পিএফৰ ধন : নতুন নিয়ম আনিছে কেন্দ্ৰীয় চৰকাৰে

June 18, 2026 7:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd