ৱেব ছিৰিজ ‘তাণ্ডৱ’ৰ নিৰ্মাতাৰ জিভা কাটি অনা লোকলৈ এক কোটি টকাৰ পুৰস্কাৰ ঘোষণা

পৰিচালক আলী আব্বাছৰ প্রথমখন ৱেব ছিৰিজ ‘তাণ্ডৱ’ক লৈ অব্যাহত আছে বিতৰ্ক। ইতিমধ্যে দেশৰ বিভিন্ন প্ৰান্তত ইয়াৰ পৰিচালক আৰু অভিনেতা-অভিনেত্ৰীৰ বিৰুদ্ধে গোচৰো ৰুজু হৈছে।

ইয়াৰ সমান্তৰালকৈ ৱেব ছিৰিজখনৰ পৰিচালক তথা নিৰ্মাতালৈ ভয়-ভাবুকিও অহা বুলি জানিব পৰা গৈছে।

শেহতীয়াকৈ টাইমছ নাওত প্ৰকাশিত বাতৰি অনুসৰি মহাৰাষ্ট্ৰৰ কৰণী সেনাই এক বিস্ফোৰক ঘোষণা কৰি কৈছে যে যিয়ে ‘তাণ্ডৱ’ নিৰ্মাতাৰ জিভা কাটিব পাৰে সেই লোকক ১ কোটি টকাৰে পুৰস্কৃত কৰা হ’ব।

কৰণী সেনাৰ অধ্যক্ষ অজয় সিঙে কয়, ‘এই ছবিখনে হিন্দু দেৱ-দেৱীসকলক অপমান কৰিছে। এই অপমান কৰাসকলৰ যিয়ে জিভা কাটিব পাৰিব, তেওঁক ১ কোটি টকাৰে পুৰস্কৃত কৰা হ’ব’।

সংগঠনটোৰ অভিযোগ অনুসৰি ‘তাণ্ডৱ’ৰ নিৰ্মাতাই হিন্দু ধৰ্মৰ আৱেগত আঘাত হানিছে।

উল্লেখ্য যে ‘তাণ্ডৱ’ৰ নিৰ্মাতা তথা দলটোৱে ৰাজহুৱাকৈ ক্ষমা খুজিছে যদিও ইয়াক লৈ দেশজুৰি এতিয়াও অব্যাহত আছে বিতৰ্ক।

গৌৰৱ চোলংকীৰ কাহিনীৰে নিৰ্মিত ‘তাণ্ডৱ’ ৱেব ছিৰিজখন পৰিচালনা কৰিছে আলী আব্বাছে। ইয়াত মুখ্য চৰিত্ৰত অভিনয় কৰিছে ছেইফ আলী খান, ডিম্পল কপাৰিয়া, মহম্দ জিশান আয়ুব, সুনাল গ্ৰোৱৰ, তিম্মাংশু ধুলিয়া, গোহৰ খান আৰু কুমুদ মিশ্ৰাই।