NORTHEAST NOW (Assamese)

টী-২০ বিশ্বকাপত মেয়াপ্পানৰ প্ৰথম হেট্ৰিক; স্তম্ভিত শ্ৰীলংকা (ভিডিঅ’ চাওক)

October 18, 2022 5:12 pm · এন ই নাও নিউজ, গুৱাহাটী

Karthik Meiyappan of UAE bags first hat-trick সংযুক্ত আৰৱ আমিৰাতৰ লেগ স্পিনাৰ কাৰ্তিক মেয়াপ্পানে টী-২০ বিশ্বকাপত প্ৰথমটো হেট্ৰিক অৰ্জন কৰিছে। শ্ৰীলংকাৰ বিৰুদ্ধে ১৫ তম অভাৰত বলিং কৰাৰ সময়ত তেওঁ হেট্ৰিক কৰে।

মেয়াপ্পানৰ অভাৰটোৰ চতুৰ্থ বলত ভানুকা ৰাজপক্ষে আউট হৈছিল। মেয়াপ্পানে  পৰৱৰ্তী বলটোত চৰিথ আছালংকাৰ উইকেট দখল কৰে। সেইদৰে, অভাৰৰ অন্তিম বলটোত শ্ৰীলংকাৰ অধিনায়ক দাচুন ছানাকাক আউট কৰি টী-২০ বিশ্বকাপত প্ৰথমটো হেট্ৰিক অৰ্জন কৰে।

চলিত টী-২০ বিশ্বকাপ ২০২২-ৰ আৰম্ভণিতে অঘটন ঘটিছিল। দেওবাৰে প্ৰতিযোগিতাখনৰ উদ্বোধনী খেলখনত শ্ৰীলংকা নামিবিয়াৰ হাতত পৰাস্ত হয়। নামিবিয়াৰ ১৬৩ ৰাণ অনুসৰণ কৰি এছিয়া কাপ চেম্পিয়ন দলটো ৫৫ ৰাণত পৰাজিত হয়।

শ্ৰীলংকা মঙলবাৰে নিজৰ খেললৈ ঘূৰি আহিবলৈ ব্যাকুল হৈ পৰিছে। প্ৰথম ৰাউণ্ডত তেওঁলোকে গ্ৰুপ ‘এ’ মেচত সংযুক্ত আৰৱ আমিৰাতৰ মুখামুখি হয়। খেলখন ভিক্টোৰিয়াৰ জিএমএইচবিএ ষ্টেডিয়ামত অনুষ্ঠিত হৈছে। টছত পৰাজিত হোৱাৰ পিছত প্ৰথমে বেটিং কৰি দাচুন ছানাকাই নিৰ্ধাৰিত ২০ অভাৰত ৮ টা উইকেট হেৰুৱাই ১৫২ ৰাণ সংগ্ৰহ কৰে।

সংযুক্ত আৰৱ আমিৰাতৰ স্পিনাৰ কাৰ্তিক মেয়াপ্পানৰ বলৰ টাৰ্ণত দ্বীপৰাষ্ট্ৰখন বিধ্বস্ত হৈ পৰে। কাৰ্তিকে ২০ অভাৰৰ এই বিশ্বযুদ্ধত হেট্ৰিক লৈ ইতিহাস ৰচনা কৰে।

কাৰ্তিকে চলিত টী-২০ বিশ্বকাপত প্ৰথমটো হেট্ৰিকৰ গৰাকী হ’ল। তেওঁ ২০ অভাৰৰ বিশ্বকাপত পঞ্চমগৰাকী বলাৰ আৰু ৱানিন্দু হাচাৰাঙ্গাৰ পিছত দ্বিতীয় গৰাকী স্পিনাৰ হিচাপে একেৰাহে তিনিটা বলত তিনিটা উইকেট দখল কৰে।

Related News