• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কাৰুৰ পদপিষ্ট ঘটনাৰ তদন্ত কৰিব চিবিআইয়েঃ ৪১ জনে প্ৰাণ হেৰুৱাইছিল বিজয়ৰ ৰেলীত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 13, 2025 7:23 pm
21
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উচ্চতম ন্যায়ালয়ে কাৰুৰত সংঘটিত পদপিষ্ট ঘটনাৰ তদন্ত চিবিআইক অৰ্পণ কৰাৰ নিৰ্দেশ দিছে। এই ঘটনাত অভিনেতা তথা ৰাজনীতিবিদ বিজয়ৰ ৰাজনৈতিক সমাৱেশত অতি কমেও ৪১ জন লোকে প্ৰাণ হেৰুৱাইছিল। আৰু তদন্ত নিৰীক্ষণৰ বাবে উচ্চতম ন্যায়ালয়ৰ এগৰাকী প্ৰাক্তন ন্যায়াধীশৰ নেতৃত্বত এখন সমিতি গঠন কৰা হ’ব বুলি সদৰী কৰিছে।

উল্লেখ্য যে চলিত বৰ্ষৰ ২৮ ছেপ্টেম্বৰত কাৰুৰত বিজয়ৰ ৰাজনৈতিক দল তামিলাগা ভেট্ৰি কাঝাগাম (টিভিকে)ৰ সমাৱেশত এই ভয়ংকৰ পদপিষ্ট ঘটনা সংঘটিত হৈছিল। ঘটনাত ৪১ জনৰ মৃত্যুৰ লগতে বহু লোক আহত হৈছিল।

Apply Now

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ জে কে মহেশ্বৰী আৰু এন ভি অঞ্জৰিয়াৰ বিচাৰপীঠে ঘটনাৰ তদন্ত চিবিআইক অৰ্পণ কৰাৰ নিৰ্দেশ দিছে। মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ বিশেষ তদন্তকাৰী দল (এছআইটি) গঠনৰ আদেশক প্ৰত্যাহ্বান জনোৱা আবেদনৰ ওপৰত শুনানিৰ পিছত এই নিৰ্দেশ দিছে। আবেদনকাৰীৰ ভিতৰত আছে টিভিকে দল, পনীৰসেলবম পিটচাইমুথু, এছ প্ৰভাকৰন, চেলভাৰজ পি আৰু জি এছ মণি।

ন্যায়াধীশ মহেশ্বৰীয়ে আদেশত কয় যে এই ঘটনাই আবেদনকাৰীৰ মৌলিক অধিকাৰ খৰ্ব কৰিছে আৰু সমগ্ৰ জাতিক স্তম্ভিত কৰিছে। “এটা ন্যায্য তদন্ত নাগৰিকৰ অধিকাৰ, তাত কোনো সন্দেহ নাই। সকলো পক্ষৰ উদ্বেগ দূৰ কৰিবলৈ আমি উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশৰ নেতৃত্বত তিনিজনীয়া তত্ত্বাৱধায়ক সমিতি গঠনৰ প্ৰস্তাৱ দিছো,” সমিতিখনে চিবিআইৰ তদন্ত নিৰীক্ষণ কৰিব আৰু সঠিক দিশ নিৰ্ধাৰণ কৰাত সহায় কৰিব।

যোৱা সপ্তাহত আদেশ সংৰক্ষিত কৰি বিচাৰপীঠে মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ দুটা বিৰোধী আদেশক লক্ষ্য কৰিছিল য’ত এটা আদেশত মাদুৰাই বিচাৰপীঠে চিবিআই তদন্তৰ আবেদন নাকচ কৰিছিল, আনহাতে প্ৰধান বিচাৰপীঠে এছআইটি গঠনৰ নিৰ্দেশ দিছিল।

বিচাৰপীঠে ৰোড শ্ব’ আৰু ৰাজনৈতিক সমাৱেশৰ বাবে ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ (এছঅ’পি) প্ৰণয়নৰ দাবীত দাখিল কৰা ৰিট আবেদনত টিভিকে দলক লক্ষ্য কৰি দিয়া পৰ্যবেক্ষণত আচৰিত হৈ বিচাৰপীঠে কয় “এই আদেশ কেনেকৈ গৃহীত হ’ল সেয়া আমি বুজিব পৰা নাই,” ।

শুনানিৰ সময়ত এজন অধিবক্তাই দাবী কৰে যে ৰাজ্য আৰক্ষীয়ে বিৰোধী দলক কাৰুৰত সমাৱেশৰ অনুমতি প্ৰদানত অস্বীকাৰ কৰিছিল, কাৰণ ঠাইখন সংকীৰ্ণ। তেন্তে টিভিকেক কেনেকৈ অনুমতি দিয়া হ’ল বুলি তেওঁ প্ৰশ্ন উত্থাপন কৰিছে। তেওঁ আৰু কয় যে চৰকাৰে মাজনিশা মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা কৰি পুৱাই দাহ কৰিছিল।

তামিলনাডু চৰকাৰৰ পক্ষৰ পৰা জ্যেষ্ঠ অধিবক্তা পি উইলছনে কয়, “এই অভিযোগৰ সন্মুখীন হৈছে আমি প্ৰথমবাৰৰ বাবে। মই বিস্তৃত কাউণ্টাৰ শপতনামা দাখিল কৰিম। এইটো তীব্ৰ অভিযোগ, আৰু মই ক’ব নিবিচাৰো যে ইয়াৰ আঁৰত কোন আছে। ওচৰৰ জিলাসমূহৰ চিকিৎসকক মাতি অনা হৈছিল।”

মাদ্ৰাজ উচ্চ ন্যায়ালয়ে আইপিএছ বিষয়া আছৰা গাৰ্গৰ নেতৃত্বত এছআইটি গঠনৰ নিৰ্দেশ দিয়াৰ বিৰুদ্ধে টিভিকে দলে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছিল। আবেদনত কোৱা হৈছে যে উচ্চ ন্যায়ালয়ে ৰাজ্য আৰক্ষীৰ স্বাধীনতাক লৈ প্ৰশ্ন উত্থাপন কৰাৰ পিছতো কেৱল ৰাজ্যিক আৰক্ষীৰ বিষয়াৰে গঠিত এছআইটি নিযুক্ত কৰাটো পক্ষপাতিত্বপূৰ্ণ। উচ্চতম ন্যায়ালয়ৰ এই আদেশে ঘটনাৰ স্বচ্ছ তদন্ত নিশ্চিত কৰিব বুলি আশা কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

গোচৰ ৰুজু হোৱাৰ পিছতে ৬ ঘণ্টাতকৈ অধিক সময়ৰ ধৰ্ণা সামৰিলে ৰাহুল গান্ধীয়ে

August 21, 2026 9:35 pm
‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

August 21, 2026 9:10 pm
জনতাৰ ধনেৰে ‘ডিজিটেল স্তাৱক’ ক্ৰয়ৰ অভিযোগ, বিজেপি চৰকাৰক লৈ তীব্ৰ বিতৰ্ক

জনতাৰ ধনেৰে ‘ডিজিটেল স্তাৱক’ ক্ৰয়ৰ অভিযোগ, বিজেপি চৰকাৰক লৈ তীব্ৰ বিতৰ্ক

August 21, 2026 8:01 pm
হিমন্তবিশ্ব শৰ্মাক লৈ আৰ এছ এছৰ স্থিতিক লৈ বিতৰ্ক; হতাশ হিতেশ্বৰ চক্ৰৱৰ্তী

হিমন্তবিশ্ব শৰ্মাক লৈ আৰ এছ এছৰ স্থিতিক লৈ বিতৰ্ক; হতাশ হিতেশ্বৰ চক্ৰৱৰ্তী

August 21, 2026 7:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

গোচৰ ৰুজু হোৱাৰ পিছতে ৬ ঘণ্টাতকৈ অধিক সময়ৰ ধৰ্ণা সামৰিলে ৰাহুল গান্ধীয়ে

August 21, 2026 9:35 pm
‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

August 21, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd