• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

তিনি দশক পুৰণি গোচৰত গ্ৰেপ্তাৰ কৰা হ’ল কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা জাভেদ মিৰক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 10, 2025 11:45 am
38
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter
জম্মু-কাশ্মীৰৰ পৰা সন্ত্ৰাসবাদৰ শিপা উভালি পেলাবলৈ নিৰাপত্তা বাহিনীয়ে এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে। তিনি দশক পুৰণি এটা গোচৰত মঙলবাৰে উপত্যকাটোৰ বিচ্ছিন্নতাবাদী নেতা জাভেদ মিৰক গ্ৰেপ্তাৰ কৰা হয়।
১৯৯৬ চনত শ্ৰীনগৰত সংঘটিত ভয়াৱহ হিংসাত্মক ঘটনাৰ অভিযুক্ত আছিল জাভেদ মিৰ। জানিব পৰা মতে, এই জাভেদ মিৰ কাশ্মীৰত সন্ত্ৰাসবাদী কাৰ্যকলাপৰ অন্যতম পাণ্ডা য়াছিন মালিকৰ ঘনিষ্ঠ সহযোগী।

আৰক্ষী সূত্ৰই জনোৱা মতে, ১৯৯৬ চনত কাশ্মীৰৰ বিচ্ছিন্নতাবাদী সংগঠনৰ এজন মৃত কামাণ্ডাৰৰ মৃতদেহ লৈ জাভেদ আৰু তেওঁৰ সহযোগীসকলে শ্ৰীনগৰত শোভাযাত্ৰা কৰিছিল। শ্ৰীনগৰৰ নাজ ক্ৰছিং এলেকাত সেই শোভাযাত্ৰাৰ পৰাই উত্তেজিত জনতাই আৰক্ষীৰ ওপৰত আক্ৰমণ চলাইছিল। জাভেদৰ নেতৃত্বতে এই আক্ৰমণ সংঘটিত হৈছিল। এই ঘটনাত বহু আৰক্ষী আহত হৈছিল। সেই পুৰণি গোচৰটোতে আৰক্ষীয়ে জাভেদৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল আৰু সেই গোচৰৰ ভিত্তিত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে।

আৰক্ষীৰ দাবী অনুসৰি, ৯০ৰ দশকত জম্মু-কাশ্মীৰত সন্ত্ৰাসৰ সৃষ্টি কৰা জাভেদ জম্মু-কাশ্মীৰ লিবাৰেচন ফ্ৰণ্ট (JKLF)-ৰ অন্যতম শীৰ্ষ কমাণ্ডাৰ আছিল। তেওঁ সমগ্ৰ কাশ্মীৰত একাধিক সন্ত্ৰাসবাদী কাৰ্যকলাপত প্ৰত্যক্ষভাৱে জড়িত আছিল।

Apply Now

এই JKLFৰ মুৰব্বী য়াছিন মালিকৰ তেওঁ আছিল মুখ্য সহযোগী। উল্লেখ্য যে, ১৯৯০ চনত বায়ুসেনাৰ চাৰিজনকৈ কৰ্মচাৰীক হত্যা কৰাৰ অভিযোগত অভিযুক্ত য়াছিন মালিক বৰ্তমান গ্ৰেপ্তাৰ হৈ আছে। ২০১৯ চনত পুলৱামাৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত চৰকাৰে JKLFক নিষিদ্ধ ঘোষণা কৰিছিল।

উল্লেখযোগ্য যে, যোৱা সোমবাৰে একেটা গোচৰতে শ্ৰীনগৰ আৰক্ষীয়ে আন এজন বিচ্ছিন্নতাবাদী নেতা চাকিল আহমেদ বকছিকো গ্ৰেপ্তাৰ কৰিছিল। JKLF সংগঠনে অস্ত্ৰ ত্যাগ কৰাৰ পিছতো মিৰ কাশ্মীৰৰ বিচ্ছিন্নতাবাদী ৰাজনীতিত সক্ৰিয় হৈ আছিল। ২০১৯ চনত ৩৭০ ধাৰা বাতিল কৰাৰ পিছৰে পৰা তেওঁ ইমান দিনে আত্মগোপন কৰি আছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

August 17, 2026 9:30 pm
ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

August 17, 2026 9:05 pm
ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

August 17, 2026 8:35 pm
কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

August 17, 2026 8:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

August 17, 2026 9:30 pm
ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

August 17, 2026 9:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd