NORTHEAST NOW (Assamese)

বিজ্ঞাপনৰ ‘ললিতাজী’, ‘উড়ান’ খ্যাত অভিনেত্ৰী কবিতা চৌধুৰীৰ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু

February 16, 2024 3:20 pm · এন ই নাও নিউজ, গুৱাহাটী
কবিতা চৌধুৰী। ফাইল ফটোঃ সংগ্ৰহীত।

আকৌ মনোৰঞ্জন জগতত শোকৰ ছাঁ। এইবাৰ `ললিতাজী’ৰ দেহাৱসান। হৃদৰোগত আক্ৰান্ত হৈ পৰলোকপ্ৰাপ্তি ঘটিছে প্ৰসিদ্ধ অভিনেত্ৰী কবিতা চৌধুৰীৰ। টেলিভিছনৰ অনুষ্ঠান উড়ান আৰু ডিটাৰজেন্ট পাউদাৰৰ বিজ্ঞাপনত ললিতাজীৰ চৰিত্ৰত অভিনয় কৰি বিখ্যাত হৈ পৰিছিল কবিতা চৌধুৰীয়ে। ৬৭ বছৰ বয়সত তেওঁৰ মৃত্যু হয়।

বৃহস্পতিবাৰে অমৃতসৰৰ নিজ বাসগৃহত কবিতা চৌধুৰীৰ মৃত্যু হয়। অভিনেতা অনংগ দেশাইয়ে সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ আগত কয় যে `আজি পুৱাই মই গম পালোঁ যে কবিতা আৰু নাই। যোৱা নিশা তেওঁৰ মৃত্যু হয়। এইটো এটা অতি দুখজনক ঘটনা। নেচনেল স্কুল অৱ ড্ৰামাত তেওঁ আমাৰ সতীৰ্থ আছিল। আমি আমাৰ প্ৰশিক্ষণৰ সময়ছোৱাত এন এছ ডিত তিনি বছৰ একেলগে পঢ়িছিলো। কবিতা, মই, সতীশ কৌশিক, অনুপম খেৰ, গোবিন্দ নামদেৱ একেটা বেচতে একেলগে আছিলোঁ।‘

লগতে পঢ়কঃ প্ৰাক্তন পত্নীৰ অত্যাচাৰত অতিষ্ঠ! থানাত এজাহাৰ দাখিল মহাভাৰতৰ ‘কৃষ্ণ’ নীতিশ ভৰদ্বাজৰ

উড়ানৰ জৰিয়তে দৃষ্টি আকৰ্ষণ কৰিছিল কবিতা চৌধুৰীয়ে। ১৯৮৯ চনত মুক্তি লাভ কৰিছিল উড়ান। আই পি এছ বিষয়া কল্যাণী সিঙৰ চৰিত্ৰত তেওঁক দেখা গৈছিল। তেওঁ এই অনুষ্ঠানটো লিখিছিল আৰু পৰিচালনাও কৰিছিল। ভগ্নী কাঞ্চন চৌধুৰী ভট্টাচাৰ্যৰ জীৱনৰ আধাৰত নিৰ্মিত আছিল উড়ান।

একেদৰে আশী-নব্বৈৰ দশকত বিখ্যাত বিজ্ঞাপনত ললিতাজীৰ চৰিত্ৰত অভিনয় কৰিছিল। সেই সময়ত কবিতা যথেষ্ট বিখ্যাত আছিল। এগৰাকী স্মাৰ্ট গৃহিণীৰ চৰিত্ৰত অভিনয় কৰিছিল। যিজনে কেৱল নিজৰ ধন খৰচ কৰাত মিতব্যয়ী আৰু সদায় সঠিক সামগ্ৰী পছন্দ কৰে।

লগতে পঢ়কঃ  আৰু কি লাগে? মূত্ৰৰ পৰাই জ্বলিব লাইট, ঘূৰিব ফেন! আই আই টিৰ বিজ্ঞানীৰ চমক

অৱশ্যে এই সন্দৰ্ভত এক সাক্ষাৎকাৰ ভাইৰেল হৈ পৰে। তেওঁ সেই সময়ত কৈছিল, ললিতাজীৰ দৰে চৰিত্ৰ, যিটো মোৰ ব্যক্তিত্বৰ লগত কোনোধৰণে খাপ নাখায়। তথাপিও মই অনুভৱ কৰো যে মই কণ্ঠ হ’বলৈ সক্ষম হ’লোঁ। 

Related News