• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

‘৫০০ ক্লাৱ’ত অশ্বিনঃ বিশ্বৰ নৱম, দেশৰ দ্বিতীয় বলাৰ হিচাপে স্পৰ্শ ঈৰ্ষণীয় মাইলষ্ট’ন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 16, 2024 4:20 pm
India vs England Ravichandran Ashwin
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ তাৰকা অফ স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিনে টেষ্ট কেৰিয়াৰত স্পৰ্শ কৰিছে ৫০০ উইকেটৰ ঈৰ্ষণীয় মাইলষ্ট’ন। ৰাজকোটত ইংলেণ্ডৰ বিৰুদ্ধে চলি থকা তৃতীয়খন টেষ্টত জেক ক্ৰ’লীৰ উইকেট দখল কৰি এই অনন্য কৃতিত্ব অৰ্জন কৰে অশ্বিনে।

কেৰিয়াৰৰ ৯৮ সংখ্যক টেষ্টত ২৩.৯৩ গড়ে ৫০০ উইকেট সম্পূৰ্ণ কৰে অভিজ্ঞ তাৰকাগৰাকীয়ে। ইয়াৰ লগে লগে অশ্বিন এই কৃতিত্ব অৰ্জন কৰা দ্বিতীয় ভাৰতীয় আৰু সামগ্ৰিকভাৱে বিশ্বম নৱমগৰাকী ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয়।

Apply Now

তৃতীয় টেষ্ট আৰম্ভ হোৱাৰ পূৰ্বে অশ্বিনক ৫০০ উইকেটৰ বাবে মাত্ৰ এটা উইকেটৰ প্ৰয়োজন হৈছিল। ইংৰাজ অপেনাৰ ক্ৰ’লীক বিদায় দি অশ্বিনে বল তথা মেচৰ হিচাপত এই অনন্য সাফল্য অৰ্জন কৰা দ্বিতীয় দ্ৰুততম বলাৰ হিচাপেও ইতিহাস ৰচে।

সামগ্ৰিকভাৱে অশ্বিনে ২৫৭১৫ টা বল আৰু ৯৮ সংখ্যক মেচত ৫০০ উইকেটৰ গৰাকী হয়। অষ্ট্ৰেলিয়ান কিংবদন্তি গ্লেন মেকগ্ৰাথে ২৫৫২৮ টা বল আৰু শ্ৰীলংকান কিংবদন্তি মুত্তিয়া মুৰলীধৰণে মাত্ৰ ৮৭ খন টেষ্টত ৫০০ উইকেট দখলেৰে অনন্য অভিলেখ স্থাপন কৰি থৈছে।

লক্ষণীয়ভাৱে অশ্বিনৰ পূৰ্বে ভাৰতৰ হৈ কেৱল অনিল কুম্বলেৰ নামত আছিল ৫০০ উইকেটৰ কৃতিত্ব। ৬১৯ টা উইকেট দখলেৰে কুম্বলে টেষ্ট ইতিহাসত চতুৰ্থ সৰ্বাধিক উইকেটৰ গৰাকী। অশ্বিন এতিয়া টেষ্টত সৰ্বাধিক উইকেট দখলকাৰী বলাৰৰ তালিকাত নৱম স্থানত আছে।

মুৰলীধৰণ ৮০০ উইকেটেৰে এই তালিকাৰ শীৰ্ষত থকাৰ বিপৰীতে অষ্ট্ৰেলিয়ান কিংবদন্তি শ্বেন ৱাৰ্ণ ৭০৮ উইকেটেৰে দ্বিতীয় স্থানত আছে। ইয়াৰ পিছতে আছে ক্ৰমে ইংলেণ্ডৰ জেমছ এণ্ডাৰছন (৬৯৬), কুম্বলে (৬১৯), মেকগ্ৰাথ (৫৬৩), ৱেষ্ট ইণ্ডিজৰ কৰ্টনী ৱালছ (৫১৯) আৰু অষ্ট্ৰেলিয়াৰ নাথান লায়ন (৫১৭)।

উল্লেখ্য যে, মুৰলীধৰণৰ পিছতে অশ্বিন ১০০ খনতকৈও কম টেষ্টত ৫০০ উইকেট দখল কৰা মাত্ৰ দ্বিতীয়জন বলাৰ হিচাপে পৰিগণিত হয়। দ্ৰুততম ভাৰতীয় বলাৰ হিচাপে ৫০, ১০০, ১৫০, ২০০, ৩৫০, ৪০০ আৰু ৪৫০ টেষ্ট উইকেট দখল কৰা অশ্বিনে বিশ্বৰ দ্ৰুততম বলাৰ হিচাপে ২৫০ আৰু ৩০০ টেষ্ট উইকেট দখল কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘মহিলাসকলে ঘৰৰ বাহিৰলৈ যোৱা উচিত নহয়’, কেৰালাৰ গ্ৰেণ্ড মুফতিৰ বিতৰ্কিত মন্তব্য

‘মহিলাসকলে ঘৰৰ বাহিৰলৈ যোৱা উচিত নহয়’, কেৰালাৰ গ্ৰেণ্ড মুফতিৰ বিতৰ্কিত মন্তব্য

August 31, 2026 1:02 pm
অসমৰ কাৰাগাৰত ভয়ংকৰ হাৰত বৃদ্ধি পাইছে এইচ আই ভি ৰোগী : মাত্ৰ চাৰি মাহত ২২৬ জন আক্ৰান্ত

অসমৰ কাৰাগাৰত ভয়ংকৰ হাৰত বৃদ্ধি পাইছে এইচ আই ভি ৰোগী : মাত্ৰ চাৰি মাহত ২২৬ জন আক্ৰান্ত

August 31, 2026 12:50 pm
ইউ এছ অ’পেনত অঘটন: অসুস্থতাৰ ওচৰত হাৰ মানি প্ৰথম ৰাউণ্ডৰ পৰাই বিদায় ন’ভাক জ’কভিচৰ

ইউ এছ অ’পেনত অঘটন: অসুস্থতাৰ ওচৰত হাৰ মানি প্ৰথম ৰাউণ্ডৰ পৰাই বিদায় ন’ভাক জ’কভিচৰ

August 31, 2026 11:45 am
উত্তৰাখণ্ডৰ ‘শুদ্ধিকৰণ’ কাণ্ডক লৈ ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ : ‘জাতিবিদ্বেষী মন্তব্য’ৰ অভিযোগ

উত্তৰাখণ্ডৰ ‘শুদ্ধিকৰণ’ কাণ্ডক লৈ ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ : ‘জাতিবিদ্বেষী মন্তব্য’ৰ অভিযোগ

August 31, 2026 11:17 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘মহিলাসকলে ঘৰৰ বাহিৰলৈ যোৱা উচিত নহয়’, কেৰালাৰ গ্ৰেণ্ড মুফতিৰ বিতৰ্কিত মন্তব্য

‘মহিলাসকলে ঘৰৰ বাহিৰলৈ যোৱা উচিত নহয়’, কেৰালাৰ গ্ৰেণ্ড মুফতিৰ বিতৰ্কিত মন্তব্য

August 31, 2026 1:02 pm
অসমৰ কাৰাগাৰত ভয়ংকৰ হাৰত বৃদ্ধি পাইছে এইচ আই ভি ৰোগী : মাত্ৰ চাৰি মাহত ২২৬ জন আক্ৰান্ত

অসমৰ কাৰাগাৰত ভয়ংকৰ হাৰত বৃদ্ধি পাইছে এইচ আই ভি ৰোগী : মাত্ৰ চাৰি মাহত ২২৬ জন আক্ৰান্ত

August 31, 2026 12:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd