DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, February 4, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ভৰ বাৰিষাতো পানী নাই কাজিৰঙাত : বানপানী নাহিলে প্রভাৱান্বিত হ’ব পাৰে কাজিৰঙাৰ বিৰল জৈৱতন্ত্ৰ

উত্তম শইকীয়া by উত্তম শইকীয়া
July 9, 2021 6:19 pm
kax
405
VIEWS
Share on FacebookShare on Twitter

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জৈৱতন্ত্ৰৰ বাবে ব্ৰহ্মপুত্ৰৰ প্লাৱন অপৰিহাৰ্য ৷

প্ৰতিটো বাৰিষাত ব্ৰহ্মপুত্ৰৰ পানীয়ে পখালি যায় কাজিৰঙাক ৷ বানপানীয়ে ইয়াৰ জৈৱতন্ত্ৰত প্ৰাণৰ সঞ্চাৰ কৰে ৷ নুৱাই ধোৱাই নতুন ৰূপত সজায় তোলে ৷ বানপানী কাজিৰঙাৰ বাবে অত্যন্ত প্ৰয়োজনীয় ৷ কিন্তু এইবাৰ যেন ব্যতিক্ৰম ৷ বাৰিষা যাবৰে হ’ল যদিও প্লাৱিত ন’হব নেকি কাজিৰঙা ?

২০২০ বৰ্ষৰ জুন জুলাই মাহত ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে বুৰাই দিছিল ৰাষ্ট্ৰীয় উদ্যান খন ৷ সেই সময়তে ব্ৰহ্মপুত্ৰৰ পানীয়ে ৰাষ্ট্ৰীয় উদ্যানখনৰ ৮০ শতাংশৰো অধিক অঞ্চল প্লাৱিত কৰাৰ লগতে দক্ষিণৰ ৩৭ নং ৰাষ্ট্ৰীয় পথাংশও ঠায়ে ঠায়ে বুৰাই পেলাইছিল ৷ কিন্তু চলিত বৰ্ষৰ জুলাই মাহতো ব্ৰহ্মপুত্ৰই প্লাৱিত কৰিব পৰা নাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক ৷

সাধাৰণতে কাজিৰঙাৰ পুৱ দিশে থকা ধনশিৰিমুখত ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠই বিপদসীমা অতিক্ৰম কৰিলেহে প্লাৱিত হয় কাজিৰঙা ৷ ২০২০ চনৰ মে’ মাহৰ ২৭ তাৰিখৰ বিয়লি ধনশিৰিমুখত ব্ৰহ্মপুত্ৰ নদীয়ে বিপদসীমা অতিক্ৰম কৰিছিল ৷

ইয়াৰ পিচতে ১৯ জুনত দ্বিতীয় বাৰৰ বাবে ধনশিৰিমুখত ব্ৰহ্মপুত্ৰ জলপৃষ্ঠ বিপদ সীমা অতিক্ৰম কৰি ধাৰাবাহিক ভাৱে বাঢ়িবলৈ লৈছিল আৰু জুলাই মাহৰ ১৩ তাৰিখে জলপৃষ্ঠ বিপদসীমাৰ ২.০৬ মিটাৰ ওপৰলৈকে উঠিছিল ৷ যাৰ বাবে কাজিৰঙাৰ প্ৰায় ৮০ শতাংশৰো অধিক অঞ্চল প্লাৱিত হৈছিল ৷

ইয়াৰ বিপৰীতে চলিত বৰ্ষ আজিৰ তাৰিখলৈকে ধনশিৰিমুখত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠই বিপদ সীমা অতিক্ৰম কৰিব পৰা নাই ৷ যোৱা ৫ জুলাইত জলপৃষ্ঠ বিপদসীমাৰ ০.০৫ মিটাৰ তললৈকে উঠিছিল যদিও বিপদসীমা অতিক্ৰম কৰিব পৰা নাছিল ৷ আজিৰ তাৰিখত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পুব সীমাৰ ধনশিৰিমুখত আজি বিয়লি ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বিপদ সীমাৰ ০.৮৮ মিটাৰ তলত আছে আৰু পানী কমি আছে ৷

চলিত বৰ্ষৰ ১১ জুন তাৰিখত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ উৰ্ধগামী হোৱাৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলৰ নামনি অংশত আৰু ১ জুলাই ৰাষ্ট্ৰীয় উদ্যানখনৰ নদীপৰীয়া দ’ অঞ্চলবোৰত প্ৰৱেশ কৰিছিল যদিও আশা কৰা মতে প্লাৱিত নহ’ল কাজিৰঙা ৷

এতিয়া সকলোতে শুকাইছে পানী ৷ যাৰ বাবে চিন্তিত প্ৰকৃতিবিদ ৷ অৱশ্যে জুলাই আৰু আগষ্ট মাহত কাজিৰঙাত পানী হোৱাক লৈ আশাবাদী সকলো ৷

অৱশ্যে কাজিৰঙাত শেহতীয়া বান হোৱাৰো উদাহৰণ নোহোৱা নহয় ৷ ব্ৰহ্মপুত্ৰৰ প্লাৱনে পখলিব নোৱাৰিলে প্ৰভাৱিত হ’ব পাৰে কাজিৰঙাৰ প্লাৱিত উপত্যকাৰ জৈৱতন্ত্ৰ ৷ অৱশ্যে বানপানী আহিলে মোকামিলা কৰিব পৰাকৈ প্ৰস্তুত উদ্যান কৰ্তৃপক্ষ ৷

Recent News

Ajit Bhuyan challenges Himanta Biswa Sarma

বিজেপি চৰকাৰৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ অভিযোগ তুলি পুনৰ সৰৱ সাংসদ অজিত ভূঞা: জনালে প্ৰত্যাহ্বান

stampede in Tamil Nadu

তামিলনাডুত ভয়াৱহ ঘটনা: শাৰী বিতৰণ অনুষ্ঠানত পদপিষ্ট হৈ চাৰি মহিলাৰ মৃত্যু

ভাৰতত প্ৰথমবাৰৰ বাবে গৰ্ভধাৰণৰ কৰিলে ট্ৰেন্স দম্পতিয়ে : ফ’টশ্বুটৰ জৰিয়তে প্ৰকাশ কৰিলে গৰ্ভধাৰণৰ খবৰ

ভাৰতত প্ৰথমবাৰৰ বাবে গৰ্ভধাৰণৰ কৰিলে ট্ৰেন্স দম্পতিয়ে : ফ’টশ্বুটৰ জৰিয়তে প্ৰকাশ কৰিলে গৰ্ভধাৰণৰ খবৰ

টিপছ : এজন পিতৃয়ে নিজৰ কন্যা সন্তানক কেনেকৈ শক্তিশালী কৰি তুলিব ?

টিপছ : এজন পিতৃয়ে নিজৰ কন্যা সন্তানক কেনেকৈ শক্তিশালী কৰি তুলিব ?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd