বানৰ কবলত ৰাজধানী! উচ্চতম ন্যায়ালয়ৰ দুৱাৰমুখতো পানী; সেনাৰ সহায় বিচাৰিছে কেজৰিৱালে

যমুনাৰ জলপৃষ্ঠ হ্ৰাস পালেও ৰাজধানীত বানৰ শংকা শেষ হোৱা নাই। লালকিল্লা পাৰ হৈ পানী উচ্চতম ন্যায়ালয়ৰ দুৱাৰমুখ পাইছে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে সেনাৰ সহায় বিচাৰিছে।

যোৱা কেইদিনমানৰ অবিৰত ধাৰাসাৰ বৰষুণৰ ফলত দিল্লীত যমুনাৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ বাবে জলমগ্ন হৈ পৰিছে দিল্লী। বাট-পথ জলমগ্ন, জলবন্দী বহু অঞ্চলৰ লোক। পথত ভীষণ যান-জঁট।

বানপানীৰ কবলত পৰা দিল্লীত কালি লালাকেলাৰ সন্মুখত পানী সোমায়। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে দিল্লীত বিদ্যালয়বোৰ বন্ধ দিয়া হৈছে। যমুনাৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ লগে লগে ইতিমধ্যে তাত থকা কেইবাটাও পানী পৰিশোধন প্লাণ্ট বন্ধ হৈ পৰিছে। বিদ্যুতৰ নাটনিৰো আশংকা দেখা দিছে।

শুকুৰবাৰে যমুনাৰ জলপৃষ্ঠ অলপ কমিছে যদিও দিনটো আগবঢ়াৰ লগে লগে শংকা যে কমি যোৱা নাই সেয়া স্পষ্ট হৈ পৰিছে। লালকিল্লাৰ সিপাৰে উচচতম ন্যায়ালয় পাইছেগৈ পানী। পানীৰ তলত আছে ৰাজঘাট অঞ্চল।

চৰকাৰৰ মতে, দিল্লী জলসিঞ্চন আৰু বান নিয়ন্ত্ৰণ বিভাগৰ কিছু অংশ বিকল হৈ পৰাৰ বাবেই যমুনা পানী মহানগৰীলৈ হো হোৱাই সোমাই আহিছে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে প্ৰচেষ্টা চলোৱা হৈছে, গোটেই নিশা কাম চলি আছে।

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে টুইট কৰি কয়, পৰিস্থিতি নিয়ন্ত্ৰণৰ প্ৰচেষ্টা অব্যাহত আছে। একে সময়তে তেওঁ কয় যে তেওঁ মুখ্য সচিবক সেনা, এন ডি আৰ এফৰ সহায় ল’বলৈ নিৰ্দেশ দিছে।

উল্লেখ্য যে বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় ৭ বজাত দিল্লীৰ ৰিং ৰোডত ইন্দ্ৰপস্থ বাছ ডিপো আৰু হু ভৱনৰ ১২ নং নলাৰ কিছু যন্ত্ৰাংশ ভাঙি যায়। ফলত যমুনাৰ পানী অধিক বেগেৰে মহানগৰীখনত প্ৰৱেশ কৰে।