যোৱা কেইদিনমানৰ পৰা ওজন হ্ৰাস পাইছে কাৰাগাৰত থকা অৰবিন্দ কেজৰিৱালৰ। কেইদিনমানৰ পৰা জেলত ৮.৫ কেজি ওজন কমিছে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীৰ।
শেহতীয়াকৈ আপৰ সাংসদ সঞ্জয় সিঙে কেজৰিৱালৰ শাৰীৰিক অৱস্থাৰ অৱনতি ঘটাত উদ্বেগ প্ৰকাশ কৰিছে।
সঞ্জয় সিঙে প্ৰকাশ কৰা এই উদ্বিগ্নতা সম্পৰ্কে উত্তৰ দিছে তিহাৰ জেল কৰ্তৃপক্ষই। আপৰ সকলো অভিযোগ অস্বীকাৰ কৰি জেল কৰ্তৃপক্ষই দাবী কৰিছে যে দিল্লীৰ মুখ্যমন্ত্ৰীয়ে ইচ্ছাকৃতভাৱে নিজৰ ওজন কমাইছে।
তিহাৰ কৰ্তৃপক্ষই কয় যে যোৱা ‘১ এপ্ৰিলত যেতিয়া কেজৰিৱাল জেললৈ আহিছিল, তেতিয়া তেওঁৰ ওজন আছিল ৬৫ কিলোগ্ৰাম। ৯ মে’ত জেলৰ পৰা মুক্তি পোৱাৰ সময়ত তেওঁৰ ওজন একেই আছিল। ইয়াৰ পিছত ২ জুনত জেললৈ উভতি অহাৰ সময়ত তেওঁৰ ওজন আছিল ৬৩.৫ কিলোগ্ৰাম। ১৪ জুলাইত তেওঁৰ স্বাস্থ্য পৰীক্ষাৰ সময়ত দেখা গ’ল যে তেওঁৰ ওজন ২ কিলো কমিছে। অৰ্থাৎ ২ জুনৰ পৰা ১৪ জুলাইৰ ভিতৰত তেওঁৰ ওজন ২ কিলোগ্ৰাম হ্ৰাস পাইছে।’ আৰু এই ওজন হ্ৰাসৰ বাবে কেজৰিৱাল দায়ী বুলি জেল কৰ্তৃপক্ষই জনাইছে।
লগতে জেল কৰ্তৃপক্ষই কয় যে ঘৰৰ পৰাই তেওঁলৈ সকলো খাদ্য পঠিওৱা হৈছিল। কিন্তু বেছিভাগ সময়তে তেওঁ খাদ্য ঘূৰাই দিছিল। আনকি আগতে তেজত চেনীৰ পৰিমাণ বৃদ্ধি হ’ব পৰা খাদ্যও গ্ৰহণ কৰিছিল।
একে সময়তে আদালতৰ নিৰ্দেশ অনুসৰি এইমছ হাস্পতালৰ চিকিৎসকৰ এটা দলে তেওঁৰ স্বাস্থ্য পৰীক্ষাৰ দায়িত্ব লোৱা বুলিও দাবী কৰে কাৰাগাৰ কৰ্তৃপক্ষই। লগতে তিহাৰ কৰ্তৃপক্ষই দাবী কৰে যে মুখ্যমন্ত্ৰীৰ পত্নীও তেওঁলোকৰ সৈতে সদায় যোগাযোগত থাকে। ফলত তিহাৰ কৰ্তৃপক্ষই দাবী কৰিছে যে আম আদমী পাৰ্টিয়ে যি দাবী উত্থাপন কৰিছে সেয়া শুদ্ধ নহয়। আৰু মুখ্যমন্ত্রীৰ স্বাস্থ্য প্রতিবেদন কেন্দ্রীয় গৃহ মন্ত্র্যালয়তো দাখিল কৰা হৈছে৷