খালিস্তানী উগ্ৰপন্থীৰ পৰা ধন লৈছিল কেজৰিৱালে! NIA তদন্ত হ’ব নেকি কেজৰিৱালৰ বিৰুদ্ধে?

আবকাৰী গোচৰত গ্ৰেপ্তাৰ হোৱাৰ পিছত এতিয়াও জেলত আছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। ইডি আৰু চিবিআইয়ে এই গোচৰৰ তদন্ত কৰি আছে।

এইবাৰ NIA ই তদন্ত চলাব কেজৰিৱালৰ বিৰুদ্ধে। দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰে কেজৰিৱালৰ বিৰুদ্ধে এন আই এৰ তদন্তৰ পৰামৰ্শ প্ৰদান কৰিছে।

দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰ ভি কে ছাক্সেনাই দাবী কৰিছে যে অৰবিন্দ কেজৰিৱালে খালিস্তানী উগ্ৰপন্থী সংগঠন শিখছ ফৰ জাষ্টিছৰ পৰা নিজৰ দলৰ বাবে ধন লৈছে। উগ্ৰপন্থী সংগঠনটোৰ পৰা আম আদমী পাৰ্টিয়ে দলৰ পুঁজিৰ বাবে ১৬ মিলিয়ন ডলাৰ লৈছিল বুলি অভিযোগ উত্থাপন হৈছে। এই অভিযোগ কেইমাহমানৰ আগতে উত্থাপন কৰিছিল খোদ উগ্ৰপন্থী সংগঠনটোৰ শীৰ্ষ নেতা গুৰপন্থ সিং পান্নুনে।


ইতিমধ্যে প্ৰধান সচিব ভি কে ছাক্সেনাই কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়লৈ পত্ৰ প্ৰেৰণ কৰি এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে। দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰে দাবী কৰিছে যে এটা ৰাজনৈতিক দলে কোটি কোটি টকা লোৱাৰ অভিযোগ উত্থাপন হৈছে, সেইটোও নিষিদ্ধ উগ্ৰপন্থী সংগঠনৰ পৰা। তেনে ক্ষেত্ৰত অভিযুক্তৰ ফোন, লেপটপ, বেংক একাউণ্ট আদিৰ তদন্ত কৰিব লাগে।