কেজৰিৱালৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে আপৰ বিক্ষোভত উত্তাল মহানগৰীৰ ৰাজপথ : অমিত শ্বাহৰ পুত্তলিকা দাহত বাধা আৰক্ষীৰ 

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণৰ দিনটোতে গুৱাহাটীত গৃহমন্ত্ৰী গৰাকীৰ বিৰুদ্ধে প্ৰতিবাদী আন্দোলন আম আদমী পাৰ্টিৰ। 

আজি আপ, অসমৰ ৰাজ্যিক কাৰ্যালয়ৰ সন্মুখতে দলৰ শতাধিক নেতা-কৰ্মীয়ে দিল্লীৰ মুখ্যমন্ত্ৰী তথা দলৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালক ই ডিৰ জৰিয়তে কাৰাবন্দী কৰি ৰখাৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শণ কৰে। 

আপৰ স্বেচ্ছাসেৱক সকলে গৃহমন্ত্ৰী অমিত শ্বাহৰ পুত্তলিকা দাহ কৰাৰ চেষ্টা কৰে যদিও আৰক্ষীয়ে বাধা প্ৰদান কৰে। ‘কেজৰিৱালক মুক্তি দিয়ক’, গণতন্ত্ৰ আৰু সংবিধান ৰক্ষা কৰক’, একনায়কত্ববাদ নচলিব, আদি শ্লোগানেৰে আপৰ প্ৰতিবাদকাৰী সকলে ৰাজপথ উত্তাল কৰি তোলে। গৃহমন্ত্ৰী অমিত শ্বাহৰ বিৰুদ্ধেও বিভিন্ন শ্লোগান দিয়ে আপ কৰ্মী সকলে। 

কাৰ্যসূচীত অংশগ্ৰহণ কৰি আপ, অসমৰ সভাপতি ডাঃ ভবেন চৌধুৰীয়ে কয়, “আম আদমী পাৰ্টিৰ ৰাষ্ট্ৰীয় আহ্বায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক কেন্দ্ৰীয় চৰকাৰে আক্ৰোশমূলকভাৱে ই ডিৰ জৰিয়তে গ্ৰেপ্তাৰ কৰিছে। কোনো ধৰণৰ তথ্য প্ৰমাণ অবিহনে ভুৱা গোচৰত প্ৰায় এমাহ ধৰি মুখ্যমন্ত্ৰী কেজৰিৱালক কাৰাবন্দী কৰি ৰাখিছে। সেইবাবেই আজি গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণৰ দিনটোতে আমি চৰকাৰৰ একনায়কত্ববাদী নীতিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছো।” আপৰ ৰাজ্যিক সভাপতি গৰাকীয়ে গৃহমন্ত্ৰীৰ ৰোড শ্ব’ উপলক্ষে ৰাজ্যৰ বন বিভাগে মহানগৰীৰ ৰাজপথৰ দাঁতিৰ গছ কটাৰ বিৰুদ্ধেও সৰৱ হয়। 

তেওঁ কয়,” যি সময়ত চৰকাৰে অমৃত বৃক্ষ ৰোপণৰ কথা কৈছে সেই সময়তে বিজেপিৰ নিৰ্বাচনী প্ৰচাৰৰ স্বাৰ্থত চৰকাৰৰ বন বিভাগে গুৱাহাটীৰ ৰাজপথৰ গছ কাটি তহিলং কৰিছে। আমি ইয়াৰে বিৰোধিতা কৰিছোঁ।” 

আজি আপৰ এই প্ৰতিবাদী কাৰ্য্যসূচীত আপ, মহিলা শক্তিৰ সভানেত্ৰী অনুৰূপা বড়ো, গুৱাহাটী মহানগৰ জিলা সমিতিৰ সভাপতি প্ৰবীন শৰ্মা, সম্পাদক জিতু ডেকা, দলৰ মিডিয়া পেনেলিষ্ট নীলমণি শইকীয়া, ৰেজিয়া চূলটানাৰ লগতে ৰাজ্যিক আৰু জিলা কমিটিৰ বহুকেইগৰাকী নেতা  উপস্থিত থাকে।