অৱশেষত কাৰামুক্ত হোৱাৰ পথত ছিদ্দিক কাপ্পান: ধন সৰবৰাহৰ গোচৰত উচ্চ ন্যায়ালয়ৰ জামিন

Siddique Kappan

যোৱা দুটা বছৰ কাৰাগাৰত কটোৱাৰ পিছত অৱশেষত কাৰামুক্ত হোৱাৰ পথত কেৰালাৰ সাংবাদিক ছিদ্দিক কাপ্পান। দুবছৰ পূৰ্বে উত্তৰ প্ৰদেশৰ হাথৰাছত সংঘটিত দলিত মহিলাৰ ধৰ্ষণ আৰু হত্যাৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱাৰ সময়ত গ্ৰেপ্তাৰৰ সন্মুখীন হৈছিল সাংবাদিক গৰাকী।

সন্ত্ৰাসবাদৰ সৈতে সম্পৰ্ক ৰক্ষাৰ অভিযোগত ছিদ্দিকক উত্তৰ প্ৰদেশ আৰক্ষীয়ে কাপ্পানক গ্ৰেপ্তাৰ কৰাৰ পিছত এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটে সাংবাদিক গৰাকীৰ বিৰুদ্ধে ধন সৰবৰাহৰ আন এক গোচৰ ৰুজু কৰিছিল।

ইতিমধ্যে ছেপ্টেম্বৰ মাহত উচ্চতম ন্যায়ালয়ে কাপ্পানক সন্ত্ৰাসবাদৰ সৈতে সম্পৰ্কিত অবৈধ কাৰ্যকলাপ প্ৰতিৰোধ আইন (ইউএপিএ) আৰু অন্যান্য আনুষংগিক আইন অনুসৰি দাখিল কৰা গোচৰত জামিন প্ৰদান কৰিছিল।

কিন্তু এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটৰ গোচৰত জামিন লাভ নকৰাৰ বাবে লক্ষ্ণৌৰ কাৰাগাৰতে বন্দী হৈ থাকিবলগীয়া হৈছিল সাংবাদিকগৰাকী। চলিত মাহৰ আৰম্ভণিতে লক্ষ্ণৌৰ এখন আদালতে কাপ্পান আৰু আন ছয়গৰাকীৰ বিৰুদ্ধে ধন সৰবৰাহ প্ৰতিৰোধ আইন (PMLA)ৰ অধীনত অভিযোগ উত্থাপন কৰিছিল।

আদালতৰ এই কাৰ্যকলাপৰ দ্বাৰা গোচৰৰ বিচাৰৰ পথ মুকলি হৈছিল। কাপ্পানৰ লগতে এই গোচৰত অভিযুক্ত আনকেইগৰাকী ব্যক্তি হৈছে কে এ ৰৌফ শ্বৰিফ, আতিকুৰ ৰহমান, মাছুদ আহমদ, মহম্মদ আলম, আব্দুল ৰজ্জাক আৰু আশ্ৰফ খাদিৰ।

আৰক্ষীয়ে অভিযুক্ত আটাইকেইগৰাকী ব্যক্তি নিষিদ্ধ সংগঠন পপুলাৰ ফ্ৰন্ট অৱ ইণ্ডিয়া আৰু ইয়াৰ ছাত্ৰ শাখা কেম্পাছ ফ্ৰন্ট অৱ ইণ্ডিয়া (চিএফআই)ৰ সদস্য বুৰি দাবী কৰিছিল। সাম্প্ৰদায়িক বিভেদ বিয়পোৱাৰ উদ্দেশ্যে পি এফ আইৰ নিৰ্দেশত কাপ্পান হাথৰাছলৈ গৈছিল বুলি অভিযোগ তুলিছিল আৰক্ষীয়ে।

আনহাতে ছিদ্দিক কাপ্পান আৰু তেওঁৰ অধিবক্তাই বাৰে বাৰে সন্ত্ৰাসবাদী কাৰ্য বা বিত্তীয় সাহায্যৰ সৈতে জড়িত সকলো অভিযোগ অস্বীকাৰ কৰিছিল আৰু কেৱল সংবাদ সংগ্ৰহৰ বাবে হাথৰাছলৈ গৈছিল বুলি স্পষ্ট কৰি দিছিল।

উল্লেখ্য যে ২০২০ চনৰ ১৪ ছেপ্টেম্বৰত হাথৰাছৰ এখন গাঁৱত সংঘটিত হৈছিল এক নৃশংস দলবদ্ধ ধৰ্ষণকাণ্ড। চাৰিজন ব্যক্তিয়ে এগৰাকী যুৱতীক দলবদ্ধ ধৰ্ষণ কৰাৰ কিছুদিন পিছতে দিল্লীৰ এখন চিকিৎসালয়ত মৃত্যুবৰণ কৰিছিল।

এই ঘটনাৰ বিষয়ে প্ৰতিবেদন প্ৰস্তুতৰ বাবে যোৱাৰ সময়তে মালায়ালম নিউজ পৰ্টেল আজিমুখামৰ প্ৰতিবেদক তথা কেৰালা ইউনিয়ন অৱ ৱৰ্কিং জাৰ্নালিষ্টৰ (KUWJ) দিল্লী গোটৰ সম্পাদক কাপ্পানক আন তিনিজন সতীৰ্থৰ সৈতে গ্ৰেপ্তাৰ কৰা হৈছিল।

আৰক্ষীয়ে আটাইকেইগৰাকীৰ বিৰুদ্ধে বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইনৰ ধাৰা ১৭ আৰু ১৮, ভাৰতীয় দণ্ডবিধিৰ ধাৰা ১২৪ এ, ১৫৩এ আৰু ২৯৫ এ- ৰ লগতে তথ্য প্ৰযুক্তি আইনৰ ধাৰা ৬৫, ৭২ আৰু ৭৫ ৰ অধীনত গোচৰ ৰুজু কৰিছিল।

উল্লেখ্য যে কাপ্পানৰ দীঘলীয়া কাৰাবাস আৰু এই সময়ছোৱাত তেওঁৰ পৰিয়ালে সন্মুখীন হোৱা অপ্ৰীতিকৰ পৰিস্থিতিৰ বাবে বিশ্বব্যাপী প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কাপ্পানৰ এই কাৰাবাসক ভাৰতৰ ক্ৰমাৎ সংবাদ মাধ্যমৰ স্বাধীনতা হ্ৰাস হোৱাৰ এক এক স্পষ্ট উদাহৰণ বুলিও উল্লেখ কৰা হৈছিল।

কাপ্পানে জামিন আবেদনত স্বতন্ত্ৰতাৰ অধিকাৰ লগতে স্বতন্ত্ৰ মাধ্যমত মত প্ৰকাশ আৰু বাক স্বাধীনতা সম্পৰ্কীয় প্ৰাথমিক সাংবিধানিক অধিকাৰৰ প্ৰশ্ন উত্থাপন কৰিছিল। তেওঁক গ্ৰেপ্তাৰৰ পাছতে উত্তৰ প্ৰদেশৰ শাসকীয় বিজেপি চৰকাৰে মুছলমান হোৱাৰ বাবেই কাপ্পানক লক্ষ্য কৰি লৈছিল বুলি অভিযোগ উঠিছিল।