NORTHEAST NOW (Assamese)

ফিল্মফেয়াৰত কিয় অসন্তুষ্ট হৈ গুচি গ’ল গীতিকাৰ মনোজ মুন্টাশীৰ?

February 17, 2020 11:47 am · এন ই নাও নিউজ
ফটো সৌজন্য: বলীউদ হাংগামা

ফিল্মফেয়াৰ এৱাৰ্ডছ২০২০ শনিবাৰে নিশা গুৱাহাটীত অনুষ্ঠিত হৈ যায়। হিন্দী চলচ্চিত্ৰৰ বঁটা সমূহৰ ভিতৰত আটাইকৈ গ্লেমাৰ থকা এই ফিল্মফেয়াৰ বঁটা প্ৰদান অনুষ্ঠানটোত উপস্থিত থাকে বলীউদৰ বহু তাৰকা।

অক্ষয় কুমাৰ, ৰণবীৰ সিং, তাপসী পন্নু, আলিয়া ভাট, মাধুৰী দীক্ষিতকে ধৰি বহু তাৰকাৰ সমাৱেশেৰে এইবাৰৰ অনুষ্ঠানটো উজলি উঠে।

কৰণ জোহৰ আৰু বিকি কৌশলে আঁত ধৰা সেইদিনাৰ নিশাৰ অনুষ্ঠানত ‘গালী বয়’ চলচ্চিত্ৰখনে শ্ৰেষ্ঠ চলচ্চিত্ৰ, শ্ৰেষ্ঠ অভিনেতা, শ্ৰেষ্ঠা অভিনেত্ৰীকে ধৰি কেইবাটাও বঁটা আজুৰি নিয়ে যদিও বহুতেই ইয়াত অসন্তুষ্টি প্ৰকাশ কৰিছে।

গীতিকাৰ মনোজ মুন্টাশীৰে টুইটাৰত ‘গালী বয়’ৰ লগত শ্ৰেষ্ঠ গীতৰ শাখাত বঁটা লাভ কৰাত পৰাজিত হোৱাত অসন্তুষ্টি ব্যক্ত কৰিছে।


টুইটাৰত তেওঁ লিখিছে যে তেওঁ ‘কেশৰী’ৰ বাবে লিখা তেৰি মিট্টি গানটোতকৈ ভাল শাৰী তেওঁ আৰু লিখিবলৈ সক্ষম নহয়। এইটোৰ বাবে তেওঁ মনোনীত হৈছিল।

গতিকে, তেওঁ ভৱিষ্যতে কেতিয়াও কোনো বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত নথকাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

‘ডিয়েৰ এৱাৰ্ডছ, আনকি মি গোটেই জীৱন  যদি চেষ্টা কৰো… মই এই শাৰী কেইটাতকৈ আৰু ভাল শাৰী লিখিবলৈ সক্ষম নহ’ম…’তু কহতি থী তেৰা চান্দ হু মেই ঔৰ চান্দ হু মেই ঔৰ চান্দ হামেশা ৰহত্যা হেই।‘

এইদৰে লিখি মনোজে কয় যে মই জীয়াই থকালৈকে আৰু কেতিয়াও কোনো বঁটা প্ৰদান অনুষ্ঠানত উপস্থিতি নাথাকো।

মনোজ মুন্টাশীৰক অমিতাভ ভট্টাচাৰ্য(কলংক), ডিভাইন আৰু অংকুৰ তিৱাৰী (গালী বয়), ইৰশাদ কামিল (কবীৰ সিং), মনোজ মুন্টাশীৰ (কেশৰী), মিথুন (কবীৰ সিং) আৰু তনিস্ক বাগচী(কেশৰী)ৰ সৈতে শ্ৰেষ্ঠ গীতিকাৰৰ বাবে মনোনীত কৰা হৈছিল।

Related News