NORTHEAST NOW (Assamese)

Kevin Pietersen Backs Team India ‘তেওঁলোক ৰবট নহয়’-হিন্দীতে টুইট কৰি বিপৰ্যস্ত টীম ইণ্ডিয়াৰ কাষত কেভিন পিটাৰছেন

November 2, 2021 9:44 am · এন ই নাও নিউজ, গুৱাহাটী

Kevin Pietersen backs team India টী-২০ বিশ্বকাপত পাকিস্তানৰ হাতত ১০ উইকেটত চৰম পৰাজয়ৰ পাছত নিউজিলেণ্ডৰ হাততো ৮ উইকেটত পৰাজিত হয় টীম ইণ্ডিয়া। একেৰাহে দুখনকৈ মেচত পৰাজিত হৈ স্বাভাৱিকতে চাপত পৰিছে কোহলি বাহিনী।

এতিয়া টীম ইণ্ডিয়াৰ ছেমিফাইনেল খেলাৰ আশা প্ৰায় নিৰ্বাপিত। টীম ইণ্ডিয়াক লৈ এতিয়া সকলোৱে ক্ষোভ উজাৰিছে।

সমালোচকৰ মুখত কোহলি নিন্দাই নহয়, শাস্ত্ৰী তথা ধোনীকো এৰি দিয়া নাই তীব্ৰ আক্ৰমণাত্মক বাক্যবানৰ পৰা।

ইয়াৰ মাজতে কোহলিৰ টীম ইণ্ডিয়াৰ কাষত থিয় হৈ যুক্তিৰে সমালোচকসকলক প্ৰত্যুত্তৰ দিছে ইংলেণ্ডৰ প্ৰাক্তন ক্ৰিকেট তাৰকা কেভিন পিটাৰছেনে।

কোহলি বাহিনীৰ কাষত থিয় হৈ পিটাৰছেনে হিন্দীতে এটা টুইট কৰি কৈছে, ‘’খেলত এটা বিজয়ী আৰু এটা পৰাজিত পক্ষ থাকে। কোনো খেলুৱৈয়ে হাৰিবলৈ খেলপথাৰত নানামে। নিজৰ দেশক প্ৰতিনিধিত্ব কৰাটো আটাইতকৈ সন্মানৰ বিষয়। অনুগ্ৰহ কৰি এইটো বুজিবলৈ চেষ্টা কৰক যে এই মেচ যিসকলে খেলে তেওঁলোক ৰবট নহয় আৰু তেওঁলোককো সকলো সময়তে সমৰ্থনৰ প্ৰয়োজন।‘’

https://twitter.com/KP24/status/1455066555994230789?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1455066555994230789%7Ctwgr%5E%7Ctwcon%5Es1_&ref_url=https%3A%2F%2Findianexpress.com%2Farticle%2Fsports%2Fcricket%2Fkevin-pietersen-india-vs-new-zealand-players-robots-twitter-7602269%2F

ইপিনে, একেৰাহে দুখনকৈ মেচত পৰাজিত ভাৰতৰ বাবে ছেমিফাইনেললৈ যোৱাৰ সম্ভাৱনা একেবাৰে ক্ষীণ।

টীম ইণ্ডিয়া ছেমিফাইনেললৈ যাবলৈ হ’লে এক জটিল অংকৰ সমাধান হ’ব লাগিব যিটো ভাৰতৰ হাতত নাই। অৰ্থাৎ ভাৰতৰ জয়ৰ লগতে নিউজিলেণ্ডৰ পইন্ট হ্ৰাস হোৱাৰ ওপৰতো নিৰ্ভৰ কৰিছে। 

Related News