DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 30, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

By-Election-2021 Counting Starts অসমৰ ৫টা সমষ্টিৰ উপ নিৰ্বাচনৰ ভোটগণনা আৰম্ভ; পোষ্টেল বেলটৰে আৰম্ভ কৰা হৈছে গণনা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 2, 2021 8:54 am
Counting for by election

গোসাইগাঁওত ভোটগণনা আৰম্ভ হোৱাৰ মুহৰ্ত। ফটো: নৰ্থইষ্ট নাও।

4.4k
VIEWS
Share on FacebookShare on Twitter

By-Election-2021 Counting Starts অসমৰ পাঁচটা সমষ্টি ক্ৰমে মৰিয়নি, থাওৰা, ভৱানীপুৰ, গোসাইগাঁও আৰু তামুলপুৰৰ উপ নিৰ্বাচনৰ ভোটগণনা সংশ্লিষ্ট ভোটগণনা কেন্দ্ৰসমূহত ইতিমধ্যে আৰম্ভ হৈছে। আজি পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে ভোটগণনা।

সম্পূৰ্ণ কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত আৰম্ভ কৰা হৈছে ভোটগণনা প্ৰক্ৰিয়া। প্ৰথমতে পোষ্টেল বেলটৰ গণনা আৰম্ভ কৰা হৈছে।

প্রতিটো সমষ্টিৰ বাবে গণনা কৰা প্রতিটো ৰাউণ্ডৰ ফলাফলসমূহ নির্বাচন আয়োগৰ ৱেৱছাইট https://results.eci.gov.in যোগে উপলব্ধ হ’ব৷ ‘ভোটাৰ হেল্পলাইন’ ম’বাইল এপযোগেও এই ফল উপলব্ধ হ’ব৷ এই এপ গুগল প্লে ষ্ট’ৰ আৰু এপ’ল এপ ষ্ট’ৰৰ পৰা ডাউনল’ড কৰিব পাৰিব৷

এই নিৰ্বাচনত বিভিন্ন দলৰ মুঠ ৩১গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। পাঁচটা সমষ্টিত সামগ্ৰিক ভোটদানৰ হাৰ হৈছে ৭৩.৩৮ শতাংশ।

তামুলপুৰ সমষ্টিত সৰ্বনিম্ন ৬৭.৮৮ শতাংশ ভোটদান হোৱাৰ লগতে ভৱানীপুৰ সমষ্টিত সৰ্বাধিক ৭৮ শতাংশ ভোটদান হয়। থাওৰা সমষ্টিত ৭৫.০৭ শতাংশ, গোঁসাইগাঁও সমষ্টিত ৭৭.৩৭ শতাংশ ভোটদান হয়। সেইদৰে,মৰিয়নি সমষ্টিত ৬৯.৮১ শতাংশ ভোটদান হয়।

উপ নিৰ্বাচনত মৰিয়নি সমষ্টিত বিজেপিৰ ৰূপজ্যোতি কুৰ্মী, কংগ্ৰেছৰ লোহিত কোঁৱৰ, অসম সংগ্ৰামী মঞ্চৰ গোপাল চন্দ্ৰ ঘাটোৱাৰ আৰু সঞ্জীৱ গগৈয়ে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।

ভৱানীপুৰত বিজেপিৰ ফনীধৰ তালুকদাৰৰ লগতে কংগ্ৰেছৰ শৈলেন্দ্ৰ নাথ দাস, এআইইউডিএফৰ জব্বৰ আলী, নেশ্যনেল ৰোডমেপ পাৰ্টি অফ ইণ্ডিয়াৰ মেৰাজুল হক, ভোটাৰ্ছ পাৰ্টি ইন্টাৰনেশ্যনেলৰ শিবেন দাসৰ উপৰি চৌকত আলী আহমেদ, খাম্ফা খুংগুৰ গয়াৰী আৰু আৰিফুল ইছলামে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।

থাওৰাত বিজেপিৰ সুশান্ত বৰগোঁহাইৰ উপৰি প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে কংগ্ৰেছৰ মনোৰঞ্জন কোঁৱৰ, চিপিআইৰ কৃষ্ণ গগৈ আৰু নিৰ্দলীয় হিচাপে ধৈৰ্য কোঁৱৰ আৰু লোহিত গোৱালাই।

তামুলপুৰত বিজেপি সমৰ্থিত ইউপিপিএলৰ জলেন দৈমাৰী, কংগ্ৰেছৰ ভাস্কৰ দাহাল, গণ সুৰক্ষা পাৰ্টিৰ ব্ৰজেন্দ্ৰ নাথ ডেকা, ভিপিআইৰ ৰাজ কুমাৰ বড়োৰ উপৰি গনেশ কছাৰী আৰু যোশৱান্ত চৌহানে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছে।

সেইদৰে, গোঁসাইগাঁওত বিপিএফৰ ধ্ৰুৱ কুমাৰ ব্ৰহ্ম নাৰ্জাৰী, ইউপিপিএলৰ জিৰন বসুমতাৰী, কংগ্ৰেছৰ জুৱেল টুডু, এআইইউডিএফৰ খাইৰুল আনম খণ্ডকাৰৰ উপৰি উত্তম কুমাৰ তালুকদাৰ, কমল ৰায়, ওচমান গনি এছ কে আৰু আব্দুল হাছেম আকণ্ডে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছে। 

Recent News

High-speed Aerial Target ‘Abhyas’

দেশীয়ভাৱে নিৰ্মিত ‘হাই-স্পীড এৰিয়েল টাৰ্গেট’ ‘অভ্যাস’ৰ সফল পৰীক্ষণ

Millitants killed in Jammu-Kashmir

জম্মু-কাশ্মীৰত অব্যাহত সন্ত্ৰাসবাদ বিৰোধী অভিযান: দুই লস্কৰ-ই-তৈবা সদস্য নিহত

Maharashtra Political Crisis

আস্থাভোট স্থগিত ৰাখিলে ৰাজ্যপালে: মহাৰাষ্ট্ৰৰ শাসনলৈ পুনৰ উভতাৰ পথত দেৱেন্দ্ৰ ফাড়নবিছ

Vice presidential election India

নিৰ্বাচন আয়োগে ঘোষণা কৰিলে উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দিন: ৬ আগষ্টত হ’ব ভোটগ্ৰহণ, একেদিনাই হ’ব ভোটগণনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd