বন্ধ হ’ব কে এফ চিকে ধৰি কেইবাখনো দামী ৰেষ্টুৰেণ্ট : আদিত্যম বিল্ডিঙৰ বিৰুদ্ধে কঠোৰ গুৱাহাটী পৌৰ নিগম

KFC

ব্যৱসায়িক প্ৰতিষ্ঠান থাকিব লগীয়া বিল্ডিঙৰ ক্ষেত্ৰত নিৰ্ধাৰিত বাধ্যতামূলক কেইবাটাও চৰ্ত আৰু অনুমোদনৰ খেলিমেলিৰ বাবে মহানগৰীৰ মাজমজিয়া উলুবাৰীত থকা আদিত্যম বিল্ডিঙৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ সাজু হৈছে গুৱাহাটী পৌৰ নিগম।

মন কৰিব লগীয়া কথাটো হ’ল গুৱাহাটী পৌৰ নিগমৰ নিয়ম অৱজ্ঞা কৰা জি এছ ৰ’ডৰ এই বৃহ অট্টালিকাটোত কে এফ চি-কে ধৰি আছে তিনিখনকৈ দামী ৰেষ্টুৰেণ্ট।

আনহাতে সূত্ৰটোৱে জনোৱামতে, এই ৰেষ্টুৰেণ্টকেইখনৰ নামত থকা অনুজ্ঞাপত্ৰতো খেলিমেলি আছে। জানিব পৰামতে, ডিপাৰ্টমেণ্টেল ৰেষ্টুৰেণ্টৰ নামত অনুজ্ঞাপত্ৰ উলিয়াই ৰেষ্টুৰেণ্ট চলাই আছে কৰ্তৃপক্ষই।

খোলাৰ বাবে প্ৰয়োজনীয় অনুজ্ঞাপত্ৰ গুৱাহাটী পৌৰ নিগমৰ পৰা ব্যৱসায়িক স্থান বন্ধ হ’ব পাৰে উলুবাৰীৰ আদিত্যম বিল্ডিং : ডিপাৰ্টমেণ্টেল ষ্ট’ৰৰ বাবে অনুমতি লৈ চলাই আছে দামী ৰেষ্টুৰেণ্ট

আন এটা অসমৰ্থিত সূত্ৰই দাবী কৰে যে পৌৰ নিগমে এনেকুৱা অবৈধ আন বহুতো অবাণিজ্যিক অট্টালিকা, যিবোৰত বাণিজ্যিক কামকাজ চলি আছে, আৰু ভুল তথ্য যোগান ধৰি পৌৰ নিগমৰ পৰা ব্যৱসায়ৰ অনুজ্ঞাপত্ৰ উলিয়াই ব্যৱসায় চলাই থকা প্ৰতিষ্ঠানৰ বিৰুদ্ধে অভিযান চলাবলৈ সাজু হৈছে।