• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

খাকী চাবলৈ গৈ মিছাতে ৩ ঘণ্টা সময় কোনো কাৰণতে অপব্যয় নকৰিব

 ৰিমলী বৰকটকী by ৰিমলী বৰকটকী
March 3, 2026 1:04 pm
281
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

খাকী ছবিখনৰ নাম ইতিমধ্যেই অসমৰ ৰাইজৰ অৱগত। ছবিখনৰ কাহিনী, চিত্ৰনাট্য লিখিছে অতনু ভূঞাই। ছবিখন পৰিচালনাও কৰিছে অতনু ভূঞায়েই। যোৱা ২৭ ফেব্ৰুৱাৰী তাৰিখে মুক্তিপ্ৰাপ্ত এই ছবিখন অতনু ভূঞাৰ দ্বাৰা পৰিচালিত প্ৰথমখন ছবি। খাকী বৰ্তমান অসমৰ ভিন্ন ছবিগৃহত চলি আছে।

চিনেমাৰ আৰম্ভণিতে অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ শপতগ্ৰহণ অনুষ্ঠানৰ কিয়দংশ নেপথ্যত বজাই থাকে। লগতে তেওঁৰ কিছু অনুৰাগীৰ ভাষ্যও। যদিওবা মুখ্যমন্ত্ৰীগৰাকীৰ নাম স্পষ্টকৈ উল্লেখ কৰা নাই, কিন্তু “মামা” বুলি ঠিকেই উল্লেখ কৰিছে। আৰম্ভণিয়েই কিছু আভাস দিয়ে ছবিখন কেনে হ’ব!

Apply Now

পৰৱৰ্তী সময়ত আৰক্ষীৰ ওপৰত অধিক চিত্ৰায়ণ কৰা হয়, যিহেতু ছবিখনৰ নামেই খাকী। আৰক্ষীৰ এক এনকাউণ্টাৰ দেখুওৱা হয়, প্ৰাক্তন বিধায়িকা মনোৰমা গগৈৰ ভাতৃ বিপুল গগৈৰ। এইখিনিতে চিনেমাই ফ্লেছবেকত গতি কৰে। আৰক্ষী বিষয়া (আই চি) এছ এন ভাগৱতী (পৱন গায়ন)ৰ কৰ্মসূত্ৰে বদলি হয় অসমৰ এখন সৰু চহৰলৈ। চহৰখনলৈ অহাৰ পিছত আৰক্ষী বিষয়াজন আৰু তেওঁৰ পত্নী গীতু (শ্ৰেয়া বৰঠাকুৰ)ৰ জীৱনত কি কি ঘটে, আৰক্ষী থানাত কি কি ঘটে, ১৫ বছৰৰ শাসন চলি থকা বিৰোধী ৰাজনৈতিক দলৰ প্ৰেক্ষাপটত হোৱা কিছু ঘটনাক লৈ ছবিখন আগবঢ়োৱাৰ চেষ্টা কৰে পৰিচালক, কাহিনীকাৰ ভূঞাই।

এইখিনিতে আহিছোঁ চিনেমাৰ কাহিনীলৈ। খাকীত কাহিনী বুলিবলৈ একো নাই, মাথোঁ টুকুৰা-টুকুৰি খণ্ডচিত্ৰ কিছুমান জোৰা লগাই কাহিনীৰ এক ৰূপ দিয়াৰ চেষ্টা কৰা হৈছে। খাকীৰ মূল বাৰ্তা হ’ল শাসকীয় দলৰ ৰাজনৈতিক প্ৰচাৰ, আৰু ১৫ বছৰ শাসনত থকা বিৰোধীৰ ত্ৰুটি আৰু সাম্প্ৰদায়িক ৰাজনীতি (হিন্দু-মুছলমান) দ্বাৰা আনিবলৈ চেষ্টা কৰা বিভাজন। সংখ্যালঘু সংখ্যালঘু বুলি বাল্যবিবাহৰ নামত মিঞাৰ ওপৰত অত্যাচাৰ দেখুওৱা হৈছে শাসকীয় দলৰ শাসনকালত। আৰক্ষীৰ সফলতা বুলি দৰ্শোৱা হৈছে এইখিনিক। ছবিখন ইমানেই আমনিদায়ক যে, আৰম্ভণিৰ কিছু সময়ৰ পিছৰ পৰাই ই কেতিয়া শেষ হয়, কেতিয়া শেষ হয় লাগিছিলে।

দ্বিতীয়াৰ্ধৰ পিছৰ সময়লৈ দৰ্শোৱা হয় কিদৰে পূৰ্বৰ ৰাজনৈতিক হেঁ‌চাত ঘোচ খাই দুৰ্নীতিত লিপ্ত হোৱা আৰক্ষীসকলে নতুন অৰ্থাৎ শাসকীয় চৰকাৰ গঠন হোৱাৰ পিছৰে পৰাই সকলো দুৰ্নীতিমুক্ত হৈ, নিকা হৈ, আৰু কোনো ৰাজনৈতিক হেঁ‌চা নোহোৱাকৈ মুক্তমনে নিজৰ কৰ্তব্য পালন কৰিব পৰা হৈ পৰিলে। কাজেই খাকীয়ে বৰ্তমানৰ চৰকাৰখনৰ ভূয়সী প্ৰশংসা কৰাৰ লগতে দেখদেখকৈ অনাগত নিৰ্বাচনৰ প্ৰচাৰকে চলোৱাৰ কথা স্পষ্ট। সমগ্ৰ ছবিখনতেই হিন্দু-মুছলমানৰ বিভাজনৰ ৰাজনীতি স্পষ্ট। ছবিখনৰ উদ্দেশ্য স্পষ্ট আছিল, আৰু এই দিশৰ পৰা এখন ৰাজনৈতিক উদ্দেশ্যধৰ্মী প্ৰচাৰমূলক (প্ৰপাগাণ্ডা) চিনেমা হিচাপে খাকী সফল। এটা সংলাপ আছে খাকীত— “চব মুছলমান কিন্তু অপৰাধী নহয়”— কিম্ অধিকম্!

অভিনয়ৰ ক্ষেত্ৰত সুযোগ আছিল আৰক্ষী বিষয়া ভাগৱতীৰ ভূমিকাত অভিনয় কৰা পৱন গায়নৰ। পিছে তেওঁৰ অভিনয় চকুত লগাকৈ শোচনীয়। অৰুণ নাথৰ অভিনয়ৰ সুযোগ নাই যদিও যিকণ সময় অভিনয় কৰিছে ভাল বুলিবই লাগিব। ছবিখনৰ সম্পাদনাৰ দিশটো অতি দুৰ্বল। মুঠতে খাকী চাবলৈ গৈ ২ ঘণ্টা ৫৭ মিনিট সময় কোনো কাৰণতে অপব্যয় কৰিব নোৱাৰি।

mail- [email protected]

 ৰিমলী বৰকটকী

ৰিমলী বৰকটকী

Stay Connected

  • 117k Fans

Recent News

অসমত গুৰুতৰ হৈছে বান পৰিস্থিতি; ক্ষতিগ্ৰস্ত লোকৰ সংখ্যা চাৰিগুণলৈ বৃদ্ধি

অসমত গুৰুতৰ হৈছে বান পৰিস্থিতি; ক্ষতিগ্ৰস্ত লোকৰ সংখ্যা চাৰিগুণলৈ বৃদ্ধি

July 15, 2026 1:56 pm
ভাৰতীয় গ্ৰাহকৰ বাবে সুখবৰ! ভাৰত-ব্ৰিটেইন বাণিজ্য চুক্তিৰ ফলত সস্তীয়া হ’ব এইসমূহ সমাগ্ৰী

ভাৰতীয় গ্ৰাহকৰ বাবে সুখবৰ! ভাৰত-ব্ৰিটেইন বাণিজ্য চুক্তিৰ ফলত সস্তীয়া হ’ব এইসমূহ সমাগ্ৰী

July 15, 2026 1:03 pm
চাৰি বছৰ পাছত বাংলাদেশ ভ্ৰমণত টিম ইণ্ডিয়া! ছেপ্টেম্বৰত এদিনীয়া আৰু টি-২০ শৃংখলাৰ প্ৰস্তুতি বিচিবিৰ

চাৰি বছৰ পাছত বাংলাদেশ ভ্ৰমণত টিম ইণ্ডিয়া! ছেপ্টেম্বৰত এদিনীয়া আৰু টি-২০ শৃংখলাৰ প্ৰস্তুতি বিচিবিৰ

July 15, 2026 12:07 pm
এমবাপেৰ সপোন ভংগ! ছেমিফাইনেলত ফ্ৰান্সক ২-০ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত অপ্ৰতিৰোধ্য স্পেইন

এমবাপেৰ সপোন ভংগ! ছেমিফাইনেলত ফ্ৰান্সক ২-০ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত অপ্ৰতিৰোধ্য স্পেইন

July 15, 2026 10:58 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমত গুৰুতৰ হৈছে বান পৰিস্থিতি; ক্ষতিগ্ৰস্ত লোকৰ সংখ্যা চাৰিগুণলৈ বৃদ্ধি

অসমত গুৰুতৰ হৈছে বান পৰিস্থিতি; ক্ষতিগ্ৰস্ত লোকৰ সংখ্যা চাৰিগুণলৈ বৃদ্ধি

July 15, 2026 1:56 pm
ভাৰতীয় গ্ৰাহকৰ বাবে সুখবৰ! ভাৰত-ব্ৰিটেইন বাণিজ্য চুক্তিৰ ফলত সস্তীয়া হ’ব এইসমূহ সমাগ্ৰী

ভাৰতীয় গ্ৰাহকৰ বাবে সুখবৰ! ভাৰত-ব্ৰিটেইন বাণিজ্য চুক্তিৰ ফলত সস্তীয়া হ’ব এইসমূহ সমাগ্ৰী

July 15, 2026 1:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd