NORTHEAST NOW (Assamese)

কাৰ্বি আংলঙৰ খতখতিত বৃহৎ ট্ৰাক চোৰ চক্ৰ আটক

June 17, 2019 8:48 pm · ৰূপজ্যোতি মহন্ত

পূব কাৰ্বি আংলং জিলাৰ অসম-নাগালেণ্ড সীমান্তৰ খতখতিত আজি আৰক্ষীয়ে এক অভিযান চলাই ট্ৰাক হাইজেকিঙৰ পৰিকল্পনা বিফল কৰাৰ লগতে এটা গাড়ী চোৰ চক্ৰক আটক কৰিবলৈ সক্ষম হয়।

প্ৰাপ্ত তথ্য মতে আজি তিনিচুকীয়াৰ পৰা গুৱাহাটী উদ্দেশ্যে আহি থকা চাহপাত ভৰ্তি ডব্লিউ বি ১৯ জি ৭৪৬৫ নম্বৰৰ এখন ১০ চকীয়া ট্ৰাকে নুমলীগড়ৰ পোৱাৰ পিছতে ডিমাপুৰৰ দিশে পথ সলনি কৰে।

ট্ৰাকখনত সংলগ্ন জি পি এছ মেচিনৰ জৰিয়তে বাহনখনৰ গতি-বিধি গম পাই ট্ৰাকৰ চালক গৰাকীৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰি বিফল হোৱাত খতখতি আৰক্ষীৰ খবৰ দিয়ে।

খবৰ পায়ে খতখতি আৰক্ষীয়ে অভিযান আৰম্ভ কৰি ট্ৰাকখন জব্দ কৰাৰ লগতে চালক তিলক বিশ্বকৰ্মা আৰু সহযোগী সুমন চেত্ৰীক আটক কৰিবলৈ সক্ষম হয়।

আৰক্ষীৰ জেৰাত ট্ৰাক চালক গৰাকীয়ে দিয়া স্বীৰাৰুক্তিৰ ভিত্তিত আৰক্ষীয়ে এই কাণ্ডৰ সৈতে জড়িত আন ৬জন লোকক কৰায়ত্ত কৰে। ধৃত লোককেইজনক ডিমাপুৰৰ গিল্বাৰ্ট পাও, কিবি কিহো, ৰাণা চৌধুৰী, স্বৰুপ চাহানি, সুবোধ যাদব আৰু বিকি দেব বুলি চিনাক্ত কৰা হৈছে।

Related News