• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

“আজমলৰ নিচিনা মানুহ” নথকা খিলঞ্জীয়া তালিকা দাখিল

অসম চুক্তিৰ ৬নং দফা সম্পৰ্কীয় সমিতিক খিলঞ্জীয়া মঞ্চ, অসমে দাখিল কৰিছে বৰাক-ব্ৰহ্মপুত্ৰ উপত্যকাৰ এক শতাধিক খিলঞ্জীয়া গোষ্ঠীৰ তালিকা।

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 1, 2019 6:16 pm
Anup Chetia Khilonjiya Mancha submits Assam's Indigenous tribes list

অনুপ চেতিয়া। ছবি- নৰ্থইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

খিলঞ্জীয়া মঞ্চ, অসমে প্ৰভাৱশালী ৰাজনীতিক “বদৰুদ্দিন আজমলৰ নিচিনা’’ লোকসকলক বৰাক-ব্ৰহ্মপুত্ৰ উপত্যকাৰ “খিলঞ্জীয়া”ৰ স্বীকৃতিৰ পৰা আঁতৰত ৰখাৰ পোষকতা কৰিছে।

মঞ্চটোৱে নিজৰ মতৰ আধাৰত যুগুতোৱা এশটাতকৈ অধিক খিলঞ্জীয়া গোষ্ঠীৰ এক তালিকা শুকুৰবাৰে অসম চুক্তিৰ ৬নং দফা ৰূপায়ণ সম্পৰ্কীয় পৰামৰ্শদাতা সমিতিক দাখিল কৰিছে।

খিলঞ্জীয়াৰ অস্তিত্ব বিপন্ন হোৱাৰ পৰা বচোৱাৰ বাবে মঞ্চই “খিলঞ্জীয়া” নিৰ্ধাৰণত কোনো ভিত্তিবৰ্ষ নাৰাখিবলৈ সমিতিক পৰামৰ্শ আগবঢ়াইছে।

“কোনো ভিত্তিবৰ্ষ লৈ খিলঞ্জীয়াৰ সংজ্ঞা নিৰ্ধাৰণ কৰিব নালাগে। যদি ১৯৫১ চন হয়, তেন্তে বদৰুদ্দিন আজমলৰ নিচিনা মানুহে খিলঞ্জীয়া হিচাপে স্বীকৃতি পাব। তেওঁলোকে কৈছে যে দুটা সন্তান নীতি মানি নলৈ ১০-২০ টা সন্তান জন্ম দিব, ই অসমত খিলঞ্জীয়াৰ অস্তিত্ব বিপন্ন কৰিব,” সমিতিৰ সৈতে গুৱাহাটীত বৈঠকৰ পিছত সংগঠনটোৰ নেতা অনুপ চেতিয়াই জনায়।

মঞ্চ ১৯৫১ ভিত্তিবৰ্ষৰ “দুৰ্ঘোৰ বিৰোধী” বুলি উল্লেখ কৰি চেতিয়াই কয় যে “খিলঞ্জীয়া” সন্দৰ্ভত তেওঁলোকে “ৰাষ্ট্ৰ সংঘই নিৰ্ধাৰণ কৰা সংজ্ঞা” গ্ৰহণ কৰিছে।

“ঔপনিৱেশিকতাবাদ (উপনিৱেশ?) আৰম্ভ হোৱাৰ পূৰ্বে যিসকল জনগোষ্ঠীয়ে বসবাস কৰিছিল, সেইসকলেই সেই ভূ-খণ্ডৰ খিলঞ্জীয়া। আমি এটা কথাই কৈছো যে ঐতিহাসিকভাৱে অসমত যিসকলে বসবাস কৰি আহিছে সেইসকলেই খিলঞ্জীয়া,” চেতিয়াই কয়।

খিলঞ্জীয়াৰ সুৰক্ষা সন্দৰ্ভত মত লৈ থকা কেন্দ্ৰগঠিত সমিতিখনক মঞ্চই কৈছে যে অসমৰ অখিলঞ্জীয়াক সাংবিধানিক ৰক্ষাকবচ দিয়া উচিত নহ’ব।

‘ব্ৰহ্মপুত্ৰ উপত্যকাত মুঠ ৮৪ টা জনগোষ্ঠী ক্ষুদ্ৰ জনগোষ্ঠী আছে। এই তালিকাৰ বাহিৰেও দুই এটা জনগোষ্ঠীৰ নাম বাদ পৰি যাব পাৰে।’‘চেতিয়াই কয়।

আনহাতে, বৰাক উপত্যকাৰ ক্ষেত্ৰত ১৭শ শতিকাত ডিমাছা ৰজাৰ ৰাজকীয় চনদ যিসকল জনগোষ্ঠীয়ে লাভ কৰিছিল সেই জনগোষ্ঠীসমূহেই বৰাক উপতক্যাৰ খিলঞ্জীয়া লোক বুলি দাবী কৰি চেতিয়াই কয় ‘বৰাকৰ মুঠ ১৯ টা জনগোষ্ঠীৰ তালিকা উচ্চস্তৰীয় সমিতিৰ হাতত অৰ্পন কৰা হৈছে। ৰাজকীয় চনদ পোৱা জনগোষ্ঠী হ’ল বৰলস্কৰ, বৰভুঞা, লস্কৰ, মাঝাৰ ভুঞা, নাথ-যোগী, মজুমদাৰ, চৌধুৰী, ১২ ঘৰীয়া ব্ৰাহ্মণ, তালুকদাৰ আৰু নমসুদ্ৰ দাস।‘

আনহাতে, শুকুৰবাৰৰ এই আলোচনাত ‘বৰাকৰ পৰা ১৯ টা জনগোষ্ঠীয় সংগঠনৰ প্ৰতিনিধিয়ে যোগদান কৰাটো আটাইতকৈ ডাঙৰ কথা’ বুলি উল্লেখ কৰি চেতিয়াই কয় ‘বৰাকৰ খিলঞ্জীয়া জনসাধাৰণ সজাগ হৈছে। প্ৰকৃত খিলঞ্জীয়াইহে সাংবিধানিক সুৰক্ষা কবচ পোৱা উচিত। যিসকল অখিলঞ্জীয়া লোক তেওঁলোকে কেতিয়াও সাংবিধানিক সুৰক্ষা কবচ পাব নালাগে। খিলঞ্জীয়াৰ অস্তিত্ব আজি অসমত বিপন্ন হৈছে তথা আমি নিঃশেষ হৈ যোৱাৰ উপক্ৰম হৈছো।’

উল্লেখযোগ্য যে, খিলঞ্জীয়া মঞ্চ অসমৰ হৈ অনুপ চেতিয়া মৃণাল হাজৰিকাকে ধৰি অন্যান্য প্ৰতিনিধিসকল উপস্থিত থাকে। উচ্চ স্তৰীয় সমিতিৰ অসমৰ মহাধিবক্তা ৰমেশ বৰপাত্ৰগোহাঞি, অৰুণাচল প্ৰদেশৰ মহাধিবক্তা নিলয় দত্ত, অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া সুভাষ দাস, অসম আৰক্ষী (বিশেষ শাখা)ৰ প্ৰাক্তন সঞ্চালকপ্ৰধান পল্লৱ ভট্টাচাৰ্য্য, অৱসৰপ্ৰাপ্ত অধ্যাপক সৃষ্টিধৰ দত্ত, লেখক সুমন্ত চলিহা, অধ্যাপক জয়কান্ত শৰ্মা, জ্যেষ্ঠ সাংবাদিক ৱাছবিৰ হুছেইন আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা, সভাপতি আৰু সম্পাদক ক্ৰমে ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য, দীপাংক কুমাৰ নাথ আৰু লুৰিণজ্যোতি গগৈ আলোচনাত উপস্থিত থাকে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd