NORTHEAST NOW (Assamese)

কলাৰ শাখাৰ শীৰ্ষস্থানত উজলিল দৰঙৰ খুছবু ফিৰদৌচ

May 25, 2019 11:00 am · এন ই নাও নিউজ
Updated: May 25, 2019 12:29 pm
কলা শাখাত প্ৰথম স্থান দখল কৰা খুছবো ফিৰদৌছ

আজি ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত শাখাৰ ফলাফলত কলা শাখাত প্ৰথম স্থান দখল কৰি উজলি উঠে দৰং জিলাৰ ব্ৰিলিয়াণ্ট একাডেমীৰ ছাত্ৰী খুছবু ফিৰদৌচ।

মেধাৱী ছাত্ৰী গৰাকীয়ে ৯৫.৬ শতাংশ হাৰেৰে ৫০০ নম্বৰৰ ভিতৰত মুঠ ৪৭৮ নম্বৰ লাভ কৰি প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হয়।

অতিৰিক্ত বিষয়ক বাদ দি আটাইকেইটা বিষয়ত লেটাৰ নম্বৰ লাভ কৰিবলৈ সক্ষম হোৱা ছাত্ৰীগৰাকীয়ে ইংৰাজীত ৯৩, অল্টাৰনেটিভ ইংৰাজীত ৯৮, নৃবিদ্যাত ৯৬, তৰ্ক আৰু দৰ্শনত ৯৮, ভূগোল বিজ্ঞানত ৯৩ আৰু অৰ্থনীতিত ৫৫ নম্বৰ (চতুৰ্থ বিষয়) লাভ কৰিবলৈ সক্ষম হয়।

আনহাতে, ফলাফল লাভ কৰি অতিশয় আনন্দিত হৈ পৰিছে ছাত্ৰী-গৰাকী। সংবাদ মাধ্যমৰ আগত তেওঁ এই কৃতিত্বৰ বাবে পিতৃ-মাতৃ, বিদ্যালয়ৰ শিক্ষাগুৰু সকলক প্ৰথমে কিতজ্ঞতা জ্ঞাপন কৰে।

বাহিৰা কিতাপ পঢ়ি আৰু গান শুনি ভালপোৱা ছাত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত তেওঁ নিয়মীয়া ভাবে সদায় অধ্যয়ন কৰিছিল বুলি উল্লেখ কৰি সদয় অসমৰ বাবে কাম কৰি যোৱাৰ প্ৰতি আগ্ৰহ ব্যক্ত কৰে।

Related News