NORTHEAST NOW (Assamese)

‘মোডী মানে দুৰ্নীতি’: ৰাহুল গান্ধী দোষী সাব্যস্ত হোৱাৰ পিছতে ভাইৰেল বিজেপি নেত্ৰীৰ পুৰণি টুইট

March 25, 2023 12:55 pm · এন ই নাও নিউজ, গুৱাহাটী

ৰাহুল গান্ধীক মানহানিৰ গোচৰত দোষী সাব্যস্ত কৰা হৈছে। ফলত কংগ্ৰেছ নেতাজনে সাংসদ পদ হেৰুৱালে। কেৱল সেয়াই নহয়, জন প্ৰতিনিধি আইন অনুসৰি তেওঁ সম্ভৱতঃ মুঠ ৮ (২ বছৰ কাৰাগাৰত, তাৰ পিছত আৰু ৬) বছৰৰ বাবে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব নোৱাৰিব।

এই চৰ্চাৰ মাজতে বিজেপি নেতা খুশবু সুন্দৰৰ এটা পুৰণি টুইট ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। যেতিয়া তেওঁ কংগ্ৰেছত আছিল, তেতিয়া তেওঁৱো ‘মোডী’ উপাধিক লৈ অনুৰূপ মন্তব্য কৰিছিল।

ৰাহুলৰ বিৰুদ্ধে দেশৰ সকলো মোডী উপাধিৰ অনুভূতিক আঘাত কৰাৰ অভিযোগ উঠিছে। ২০১৯ ৰ লোকসভা নিৰ্বাচনী প্ৰচাৰৰ সময়ত ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক লক্ষ্য কৰি এই বিতৰ্কিত মন্তব্য কৰিছিল।

লগতে পঢ়ক: ৰাহুলৰ দৰে আইতাক ইন্দিৰা গান্ধীয়েও হেৰুৱাইছিল সাংসদ পদ! কি আছিল আদালতৰ ৰায়?

প্ৰচাৰৰ সময়ত তেতিয়াৰ কংগ্ৰেছ সভাপতিজনে কৰ্ণাটকৰ কোলাৰত এক ৰেলীত কটাক্ষ কৰি কৈছিল, “নীৰৱ মোডী, ললিত মোডী, নৰেন্দ্ৰ মোডী। তেওঁলোকৰ প্ৰত্যেকৰে নামত মোডী কিয় আছে? সকলো চোৰৰ নামত মোডী কিয় থাকে?”।

ইয়াৰ মাজতে, ২০১৮ চনত খুশবু সুন্দৰে কৰা এটা টুইট ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

সেই সময়ত এগৰাকী কংগ্ৰেছ নেত্ৰী হিচাপে অভিনেত্ৰী-ৰাজনীতিবিদগৰাকীয়ে লিখিছিল, “মোডী ইয়াত, মোডী তাত। য’তেই চায় তাতেই মোডী। কিন্তু এয়া কি, প্ৰতিজন মোডীৰ আগত, দুৰ্নীতিৰ উপাধি লাগি গৈছে। মোডী মানে দুৰ্নীতি। আহক মোডীৰ নাম সলনি দুৰ্নীতি ৰখা হক। এইটোৱে ভাল শুনিব। নীৰৱ, ললিত, নমো আৰু দুৰ্নীতি সমাৰ্থক।‘’

এনেদৰেই তেওঁ মোডী চৰকাৰক আঘাত কৰিছিল। কংগ্ৰেছ নেতাসকলে এতিয়া টুইটটোৰ স্ক্ৰীণশ্বট শ্বেয়াৰ কৰিছে। প্ৰশ্ন কৰিছে, গুজৰাটৰ মন্ত্ৰী পূৰ্ণেশ মোডীয়ে খুশবু সুন্দৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব নেকি? যিয়ে ৰাহুলৰ বিৰুদ্ধে আদালতৰ কাষ চাপিছিল। অৱশ্যে, খুচবুৱে এতিয়ালৈকে এই বিতৰ্কৰ ওপৰত মুখ খোলা নাই। তেওঁ এইটো ডিলিটো কৰা নাই।

Related News