DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 5, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সংসদত মোৰ পৰৱৰ্তী ভাষণক লৈ শংকিত প্ৰধানমন্ত্ৰী; সেয়ে মোৰ সাংসদ পদ খাৰিজ কৰা হ’ল: ৰাহুল গান্ধী

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
March 25, 2023 2:41 pm
129
VIEWS
Share on FacebookShare on Twitter

সাংসদ হিচাপে বৰ্খাস্ত হোৱাৰ পিছত তেওঁৰ প্ৰথম সংবাদমেলত ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু “তেওঁৰ ঘনিষ্ঠ” উদ্যোগপতি গৌতম আদানিক প্ৰশ্ন কৰে। তেওঁ কয় যে সংসদত মোডী-আদানি সম্পৰ্কক প্ৰশ্ন কৰাৰ বাবে তেওঁক লক্ষ্য কৰা হৈছিল। কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকীয়ে দেশৰ প্ৰতিৰক্ষা খণ্ডত আদানিৰ ঘনিষ্ঠ চীনা ঔদ্যোগিক কোম্পানীৰ “অংশগ্ৰহণ” সন্দৰ্ভতো প্ৰশ্ন উত্থাপন কৰে।

শনিবাৰে ৰাহুলে সাংবাদমেলত কয়, “মোডী প্ৰধানমন্ত্ৰী হোৱাৰ পিছতে, মই আদানীয়ে তেওঁৰ বিমানত তেওঁৰ সৈতে যোৱা ফটোখনক লৈ প্ৰশ্ন উত্থাপন কৰিছিলো। ইয়াৰ পিছত দেশৰ বিভিন্ন বিমানবন্দৰ অবৈধভাৱে আদানিক হস্তান্তৰ কৰা হৈছিল।”

লগতে পঢ়ক: ”মোডী মানে দুৰ্নীতি”: ৰাহুল গান্ধী দোষী সাব্যস্ত হোৱাৰ পিছতে ভাইৰেল বিজেপি নেত্ৰীৰ পুৰণি টুইট

মোডীৰ সৈতে আদানিৰ সম্পৰ্ক “দীৰ্ঘদিনীয়া” বুলি দাবী কৰে ৰাহুলে। তেওঁ মন্তব্য কৰে, “কিন্তু মই নাজানো তেওঁ (আদানি) ক’ৰ পৰা আহি লম্ভিল।‘’

 মোদীৰ ৰাজ্যৰ আদালতৰ ৰায় ব্যৱহাৰ কৰি তেওঁক সাংসদ হিচাপে বৰ্খাস্ত কৰা হ’লেও তেওঁ দেশৰ স্বাৰ্থত যুঁজ অব্যাহত ৰাখিব বুলি সদৰী কৰি ৰাহুলে কয়, “মই ভয় নকৰোঁ। তেওঁলোকে (বিজেপি) ইমান দিনে সেইটো বুজিব পৰা নাই।”

গুজৰাটৰ চুৰাটৰ এখন আদালতে বৃহস্পতিবাৰে ৰাহুল গান্ধীক ‘মোডী’ উপাধিৰ বিৰুদ্ধে কৰা অপমানজনক মন্তব্যৰ বাবে দুবছৰৰ কাৰাদণ্ড প্ৰদান কৰিছিল। ইয়াৰ ভিত্তিত শুকুৰবাৰে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ভাৰতীয় সংবিধানৰ ১০২(১)-ই অনুচ্ছেদ আৰু জনপ্ৰতিনিধিত্ব আইনৰ (১৯৫১) অনুচ্ছেদ ৮ ৰ অধীনত ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰে।

সংবাদমেলত ৰাহুলৰ দাবী, “প্ৰধানমন্ত্ৰীয়ে সংসদত মোৰ পৰৱৰ্তী ভাষণক লৈ শংকিত হৈছিল। সেয়ে এইটো কৰা হ’ল।”

লগতে পঢ়ক: ৰাহুল গান্ধীৰ সাংসদ পদ বাতিলৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ; গুৱাহাটীত আটক কেইবাজনো কংগ্ৰেছী বিধায়ক

তেওঁ লগতে প্ৰশ্ন কৰে যে কেনেকৈ আদানিৰ এটা প্ৰতিৰক্ষা প্ৰতিষ্ঠানে ৰাতিটোৰ ভিতৰতে ২০,০০০ কোটি টকা লাভ কৰিছিল। কেইমাহমান আগতে শ্ৰীলংকাৰ বিদ্যুৎ পৰিষদৰ অধ্যক্ষই কলম্বোৰ ওপৰত আদানিক বিদ্যুৎ প্ৰকল্পটো দিয়াৰ বাবে মোডীয়ে হেঁচা প্ৰয়োগ কৰাৰ অভিযোগৰ কথাও সোঁৱৰাই দিয়ে।

বিজেপি শিবিৰে তেওঁৰ ব্ৰিটেইন ভ্ৰমণৰ সময়ত “দেশক অপমান” কৰা বুলি কৰা অভিযোগ খণ্ডন কৰি ৰাহুলে কয়, “মই কোনো দেশবিৰোধী মন্তব্য কৰা নাই। তেওঁলোকৰ (বিজেপি) সমস্যাটো হ’ল যে তেওঁলোকে আদনিৰ অপমানক দেশৰ বাবে অপমান বুলি বিবেচনা কৰে। ”

লণ্ডনৰ পৰা উভতি আহি বৃহস্পতিবাৰে সংসদত প্ৰৱেশ কৰাৰ আগতে ৱায়ানাডৰ তদানীন্তন কংগ্ৰেছ সাংসদ ৰাহুলে কৈছিল, “মই ভাৰত বিৰোধী একো কোৱা নাছিলো (লণ্ডনৰ আলোচনা চক্ৰত)। যদি তেওঁলোকে মোক সুযোগ দিয়ে, মই সংসদৰ ভিতৰতো সেই কথা কম।‘’

লগতে পঢ়ক:ৰাহুলৰ দৰে আইতাক ইন্দিৰা গান্ধীয়েও হেৰুৱাইছিল সাংসদ পদ! কি আছিল আদালতৰ ৰায়?

শনিবাৰে এখন সংবাদমেল সম্বোধন কৰি ৰাহুলে কয়, “মই সংসদত বক্তব্য ৰাখিব বিচাৰিছিলো। কিন্তু মোক ক’বলৈ অনুমতি দিয়া হোৱা নহ’ল। ক’বলৈ বিচাৰি প্ৰথম চিঠিখন দিছিলো। দ্বিতীয় চিঠিখনো দিছিলো। অধ্যক্ষৰ সৈতে সাক্ষাতো কৰিছিলো। কিন্তু মই কোৱাৰ সুযোগ নাপালো।”

Recent News

ৰে’ল দুৰ্ঘটনাত নিহতৰ পৰিয়াললৈ ইউটিউবাৰ কেৰিমিনটিৰ সাহায্য : লাইভষ্ট্ৰিম যোগে সংগ্ৰহ ১১ লাখ টকা 

ৰে’ল দুৰ্ঘটনাত নিহতৰ পৰিয়াললৈ ইউটিউবাৰ কেৰিমিনটিৰ সাহায্য : লাইভষ্ট্ৰিম যোগে সংগ্ৰহ ১১ লাখ টকা 

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ প্ৰতিবাদী মল্লযুঁজাৰুৰ; দ্ৰুত অভিযোগনামা দাখিলৰ দাবী

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ প্ৰতিবাদী মল্লযুঁজাৰুৰ; দ্ৰুত অভিযোগনামা দাখিলৰ দাবী

১২ জুনত পাটনাত আলোচনাত মিলিত নহয় বিৰোধী, বৈঠক স্থগিত; পুনৰ কেতিয়া বহিব?

১২ জুনত পাটনাত আলোচনাত মিলিত নহয় বিৰোধী, বৈঠক স্থগিত; পুনৰ কেতিয়া বহিব?

World Environment Day 2023: জলবায়ু পৰিৱৰ্তনৰ উদ্বেগৰ সময়ত পৰিৱেশ ৰক্ষাৰ বাবে গ্ৰহণ কৰক এইকেইটা উপায়

World Environment Day 2023: জলবায়ু পৰিৱৰ্তনৰ উদ্বেগৰ সময়ত পৰিৱেশ ৰক্ষাৰ বাবে গ্ৰহণ কৰক এইকেইটা উপায়

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd