• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কি কোৱা দোস্তি – এখন ব্যতিক্ৰমী অসমীয়া চিনেমা

ৰিমলী বৰকটকী by ৰিমলী বৰকটকী
May 19, 2023 7:21 pm
Created with GIMP

Created with GIMP

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

    চিনেমাৰ নামটি দেখি বুজিছেই যে ইতিমধ্যে অৰ্থাৎ গত ২৮এপ্ৰিল তাৰিখে অসমৰ ভিন্ন চিত্ৰগৃহত মুক্তিপ্ৰাপ্ত “লোকেল কুংফু”,”লোকেল উৎপাত”খ্যাত কেনী দেউৰী বসুমতাৰীৰ নৱতম নিবেদন-“কি কোৱা দোস্তি”-ৰ সম্পৰ্কেই আজিৰ এই সমালোচনা। ছবিখন মুক্তিৰ কিছুদিনৰ পূৰ্বেই পৰিচালকৰ আমন্ত্ৰণক্ৰমে ছবিখন চাবলৈ গৈছিলো। ছবিখনৰ কাহিনী,চিত্ৰনাট্য আৰু পৰিচালনা-কেনী বসুমতাৰীৰেই। হাস্যৰসধৰ্মী তথা মনোৰঞ্জনধৰ্মী ছবিখন এতিয়াও অসমৰ ভিন্ন চিত্ৰগৃহত চলি আছে। 

   চিনেমাৰ আৰম্ভণি হয়,তিনিজন যুৱক আৰু তিনিগৰাকী যুৱতীৰ দৈনিক জীৱনচৰ্যাৰে। যুৱতী কেইগৰাকীয়ে এখন বুক-কেফে চলাই আৰু যুৱক কেইজন কেফেৰ লগতে ভিন্ন ক্ষেত্ৰত জড়িত। কেনী বসুমতাৰীৰ ছবি মানেই হাস্যৰস অৱধাৰিত। কি কোৱা দোস্তিও ইয়াৰ ব্যতিক্ৰম নহয়। আৰম্ভণিৰে পৰাই কিছু হাস্যৰসৰ অৱতাৰণা ঘটিছে। আটাইকেইটা চৰিত্ৰৰ লগত এটি দুটিকৈ আন কেইবাটাও চৰিত্ৰ সংযুক্ত হৈ কাহিনীভাগ আগবাঢ়ে। পিছে,কাহিনীভাগৰ গঠনত কিছু দুৰ্বলতা দেখা যোৱাৰ লগতে,কাহিনীৰ গতিশীলতাও মন্থৰ অনুভৱ হ’ল। যাৰফলত ছবিখনে নিজ ছন্দ হেৰুৱাই পেলাইছে মাজে-মধ্যে। এইখিনিতে সম্পাদনাৰ দিশটিও কিছু দুৰ্বল হোৱা পৰিলক্ষিত হ’ল। বাপ্পী লাহিড়ীৰ চৰিত্ৰৰ ডামীৰ উপস্থাপন ভাল লগা। কেনী বসুমতাৰীৰ আন ছবিসমূহৰ দৰেই এই ছবিখনতো সমৰ-কলা নিৰ্দেশনা দিশ সুন্দৰ,যদিওবা সমৰ কলাৰ উপস্থাপন কম। আন এটি প্ৰশংসনীয়  দিশ হৈছে যে লোকেল উৎপাতত যিদৰে অসমীয়া চিনেমাৰ ক্ষেত্ৰত প্ৰকৃতাৰ্থত “ফিমেল এক্সনৰ”(নাৰীকেন্দ্ৰীক সমৰকলাধৰ্মীতা)ৰ উপস্থাপনেৰে নতুনত্ব আনিছিলে কেনী বসুমতাৰীয়ে,এইখন ছবিতো তৃতীয় লিংগৰ নাৰী চৰিত্ৰ এটিৰ আগমণ আৰু তেওঁ‌ৰ সমৰকলাৰ প্ৰদৰ্শন দেখিবলৈ পোৱা গ’ল। পিছে, অপ্ৰত্যাশিতভাৱে কেনী বসুমতাৰীৰ পূৰ্বৰ ছবিসমূহৰ দৰে এইখনত তেনে হাস্যৰসৰ অভাৱ দেখিবলৈ পোৱা গ’ল। বহুসময়ত,হাস্যৰসৰ প্ৰয়োগ বলপূৰ্বক যেন লাগিল। সুৰুয ডেকাৰ আলোকশিল্পৰ কাম ভাল। আকাশদ্বীপ গগৈৰ আৱহ-সংগীতৰ কামো পৰিস্থিতি-সাপেক্ষ। 

Apply Now

   অভিনয়ৰ ক্ষেত্ৰত প্ৰথমেই নাম লব লাগিব শ্ৰুতি হুছেইনৰ স্বতঃস্ফূৰ্ত অভিনয়ৰ কথা। লগতে,ডাঃ জয়ন্ত দাসে কিছু সময়ৰ বাবে ভূমুকি মাৰিলেও,তেওঁ‌ সপ্ৰতিভ। দুটি সৰু চৰিত্ৰত বিভূতি ভূষণ হাজৰিকা অৰ্ঘ্যদ্বীপ বৰুৱায়ো অভিনয় কৰিছে। দুয়ো নিজ নিজ যি ধৰণৰ অভিনয়ৰ এক ধাৰা আছে-তেনে অভিনয়েই কৰিছে। এক কথাত ক’বলৈ গ’লে প্ৰধানতঃ স্কুল-কলেজৰ শিক্ষাৰ্থীসকলৰ বাবে এখন মনোৰঞ্জনধৰ্মী ছবি কি কোৱা দোস্তি।

 

-ৰিমলী বৰকটকী।

mail- [email protected]

ৰিমলী বৰকটকী

ৰিমলী বৰকটকী

Stay Connected

  • 117k Fans

Recent News

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

August 24, 2026 9:30 pm
পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

August 24, 2026 8:28 pm
আহক আমি সকলোৱে প্ৰণৱ দলেৰ মুক্তিৰ হৈ থিয় দিওঁ

আহক আমি সকলোৱে প্ৰণৱ দলেৰ মুক্তিৰ হৈ থিয় দিওঁ

August 24, 2026 7:48 pm
কুম্ভ মেলাৰ বাজেটৰ মাত্ৰ ০.১ শতাংশ ধনেৰে ৰক্ষা পৰিলহেঁতেন ১২৫ খন বিদ্যালয়: কুম্ভ মেলালৈ ৩৪ হাজাৰ কোটি, শিক্ষালৈ কিয় নাই?

কুম্ভ মেলাৰ বাজেটৰ মাত্ৰ ০.১ শতাংশ ধনেৰে ৰক্ষা পৰিলহেঁতেন ১২৫ খন বিদ্যালয়: কুম্ভ মেলালৈ ৩৪ হাজাৰ কোটি, শিক্ষালৈ কিয় নাই?

August 24, 2026 7:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

August 24, 2026 9:30 pm
পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

August 24, 2026 8:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd