কাৰ্বি আংলঙত অপহৃত যুৱ ব্যৱসায়ীৰ শুংসূত্ৰ উদ্ধাৰ কৰিব পৰা নাই আৰক্ষীয়ে

DucF_ZjU8AErWQD

কাৰ্বি আংলঙত অপহৃত যুৱ ব্যৱসায়ী চন্দন কুমাৰ।

কাৰ্বি আংলং জিলাৰ বৰপথাৰ শান্তিপুৰ আৰক্ষী থানাৰ অন্তৰ্গত শিলনীজান শিলখুটিৰ পৰা শুকুৰবাৰে নিশা অপহৰণ কৰা যুৱ ব্যৱসায়ীজনৰ কোনো শুংসূত্ৰ এতিয়ালৈকে উদ্ধাৰ কৰিব পৰা নাই আৰক্ষীয়ে।

উল্লেখযোগ্য যে  নিজৰ ইটা ভাটাৰ পৰা শুকুৰবাৰে নিশা খটখটীত থকা অন্য এটা ইটা ভাটালৈ এএছ ০৯ ই-৯০০৫ নম্বৰৰ ৰঙা মাৰুতি ‘ভিটাৰা ব্ৰীজা’ গাড়ীখনেৰে গৈ থকা অৱস্থাত চন্দন কুমাৰ (২৯) নামৰ যুৱ ব্যৱসায়ীজনক কোনো অজ্ঞাত লোকে অপহৰণ কৰি নিয়ে। যুৱ ব্যৱসায়ীজনৰ অপহৰণৰ খবৰে অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়।

আনহাতে, অচিনাক্ত দুষ্কৃতিকাৰীয়ে অপহৰণ কৰাৰ পাছত যুৱ ব্যৱসায়ীজন চন্দনৰ ম’বাইল ফোন যোগে পৰিয়ালৰ লোকক তিনিদিনৰ ভিতৰত ১ কোটি টকা মুক্তিপণ আদায় দিবলৈ ভাবুকি প্ৰদান কৰাৰ কথা প্ৰকাশ পাইছে।

ইপিনে পৰিয়ালৰ লোকে ঘটনা সন্দৰ্ভত জিলাখনৰ আৰক্ষীকক অভিযোগ দাখিল কৰিছে যদিও যুৱ ব্যৱসায়ীজনৰ অপহৰণৰ বিষয়ে কোনো তথ্য দাঙি ধৰিব পৰা নাই।

তদুপৰি, এই অপহৰহণৰ সমগ্ৰ ঘটনাটোৰ সৈতে কোনো সংগঠন জড়িত আছে নে আন কোনো দুষ্ট চক্ৰই ধনৰ বাবে এই কাৰ্য সংঘটিত কৰিছে সেই কথা পোহৰলৈ অহা নাই। অৱশ্যে আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।