কিম জঙ উনৰ নতুন ফতোৱা; দেশৰ শিশুসকলৰ নাম ৰাখিব লাগিব ‘বোমা’,’বন্দুক’!

Kim Jong-un orders North Koreans to give kids patriotic names কিম জং উনৰ দেশত নতুন নিয়ম। এতিয়াৰ পৰা শিশুসকলৰ দেশপ্ৰেমৰ সাঁচ থকা নাম ৰখাটো বাধ্যতামূলক। দেশপ্ৰেমমূলক নাম প্ৰকৃততে কি? উদাহৰণ স্বৰূপে, ‘বোমা’, ‘বন্দুক’, ‘উপগ্ৰহ’ ইত্যাদি। দৰাচলতে, দেশখনে বোমা, বন্দুক আৰু উপগ্ৰহেৰেইতো শত্ৰুৰ বিৰুদ্ধে যুঁজ দিব লাগিব। প্ৰশাসনে ঘোষণা কৰিছে যে যদি চৰকাৰী আদেশটো অনুসৰণ নকৰে, তেন্তে কঠোৰ শাস্তি হ’ব। বৃহৎ জৰিমনাও ভৰিব লাগিব। এই আদেশ উলংঘনৰ কোনো উপায় নাই।

ইয়াৰ আগতেও, কিম জং-উনে এবাৰ নামৰ ওপৰত ক্ষুব্ধ হৈ উঠিছিল। সেই সময়ত তেওঁ নিৰ্দেশ দিছিল যে নামটোত প্ৰেম আৰু সৌন্দৰ্যৰ অনুভূতি থাকিব লাগে। শিশুসকলৰ নাম হ’ব লাগে এ ৰি (প্ৰিয়), চ্যু মি (অপৰূপা সুন্দৰী)। লক্ষণীয়ভাৱে  কিমে এই ধৰণৰ নামৰ শৈলী দক্ষিণ কোৰিয়াৰ পৰা নকল কৰিছিল।

লগতে পঢ়ক: অধিকৃত মাৰিঅ’পোলত নতুন সামৰিক ঘাটি নিৰ্মাণ কৰিছে ৰাছিয়াই; ডনবাছ ভ্ৰমণৰ বাবে সাজু পুটিন!

কিন্তু শেহতীয়াকৈ সম্ৰাট কিমৰ মন ঘূৰিছে। তেওঁ সিদ্ধান্ত লৈছে যে দেশপ্ৰেম, নীতি আৰু আদৰ্শ দেশৰ শিশুসকলৰ নামত প্ৰকাশ পাব লাগিব। উত্তৰ কোৰিয়াৰ একনায়কগৰাকীয়ে কৈছে যে নামটোত যাতে কোৰিয়ান ভাষাত কমেও এটা ব্যঞ্জনবৰ্ণ থাকে। যদি তাৰপিছত এনে নহয় আৰু খৱৰটো কিমৰ কাণত পৰে তেন্তে আৰু ৰক্ষা নাই। তেওঁক ‘সমাজবাদ’ বিৰোধী আখ্যা দি কঠোৰ শাস্তি বিহা হ’ব।

যদি নামত দেশপ্ৰেম প্ৰকাশ কৰা নহয় তেন্তে প্ৰশাসনে বৃহৎ জৰিমনা আৰোপ কৰাৰো ভাবুকি দিছে। সেয়েহে, অভিভাৱকসকলে শিশুসকলক ৰাষ্ট্ৰীয়ভাৱে ‘পোক আইআই’ (বোমা), ‘চ্যুং চিম’ (আনুগত্য) আৰু ‘উই চং’ (উপগ্ৰহ) বুলি নামাকৰণ কৰিছে। এক সূত্ৰৰ মতে, কিম চৰকাৰে কোনোবাই আগেয়ে নামটো ৰাখিলেও সলনি কৰিবলৈ হেঁচা দি আছে।

লগতে পঢ়ক: অস্কাৰলৈ ৰাজামৌলীৰ ‘আৰআৰআৰ’! ভিজুৱেল ইফেক্ট শাখাত মনোনয়ন?

যোৱা মাহত উত্তৰ কোৰিয়াৰ একনায়ক কিম জং উনৰ কন্যাক প্ৰথমবাৰৰ বাবে ৰাজহুৱাভাৱে দেখা গৈছিল। এটা বেলিষ্টিক মিছাইল উৎক্ষেপণ উপলক্ষে পিতৃ আৰু কন্যাক একেলগে দেখা গৈছিল। পিতৃ-কন্যাৰ ছবিখন দেশৰ মুখ্য বাতৰি কাকত ‘ৰোডং চিনমুন’ত প্ৰকাশিত হৈছিল। কিমক তেওঁৰ কন্যাৰৰ হাতত ধৰি খোজ কাঢ়ি থকা দেখা গৈছিল।