Kim Jong Un’s daughter seen publicly for first time উত্তৰ কোৰিয়াৰ একনায়কত্ববাদী নেতা কিম জং উনক প্ৰথমবাৰৰ বাবে তেওঁৰ কন্যাৰ সৈতে দেখা গ’ল। চৰকাৰী কোৰিয়ান চেন্ট্ৰেল নিউজ এজেঞ্চীয়ে শুকুৰবাৰে এখন ফটো মুকলি কৰে। ইয়াত কিমক তেওঁৰ কন্যা জুৰ হাতত ধৰি ক্ষেপণাস্ত্ৰ ঘাঁটি (মিছাইল বেচ)ত থিয় হৈ থকা দেখা গৈছে। উত্তৰ কোৰিয়াৰ লোকসকলে কিমৰ কন্যাক আগতে কেতিয়াও ৰাজহুৱাকৈ ওলাই অহা দেখা নাছিল।
কেইবাটাও ক্ষেপণাস্ত্ৰ পৰীক্ষাৰ ফলত যোৱা দুমাহ ধৰি উত্তৰ কোৰিয়াৰ সৈতে দক্ষিণ কোৰিয়া, জাপান আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত সংঘাতৰ পৰিৱেশ সৃষ্টি হৈছে। এই পৰিস্থিতিত কিমে তেওঁৰ ১৩ বছৰীয়া কন্যাৰ সৈতে প্ৰথমবাৰৰ বাবে ৰাজহুৱাভাৱে ওলাই আহিছে।
ব্ৰিটেইনৰ গাৰ্ডিয়ান বাতৰি কাকতত ২০১৩ চনত জুৰ জন্মৰ বিষয়ে বাতৰি প্ৰকাশ পাইছিল। কিন্তু শুকুৰবাৰৰ আগতে তেওঁক কেতিয়াও ৰাজহুৱাভাৱে দেখা পোৱা নাছিল। কিমৰ বিয়াৰ বহুদিন পিছতহে উত্তৰ কোৰিয়াই সেয়া আনুষ্ঠানিকভাৱে ঘোষণা কৰিছিল।
২০১১ চনৰ পৰা এগৰাকী মহিলাক মাজে মাজে উত্তৰ কোৰিয়াৰ একনায়ক গৰাকীৰ কাষত দেখা পোৱা আৰম্ভ হৈছে। তাৰ পিছত জনা যায় যে তেওঁ হৈছে ৰি চল-জু, কিমৰ পত্নী।
তাৰ কিছুদিনৰ পিছত একাংশ পশ্চিমীয়া সংবাদ মাধ্যমে দাবী কৰে যে ২০১০ চনত কিম দম্পতীৰ এটা সন্তান হৈছিল। অৱশ্যে তেওঁক এতিয়ালৈকে ৰাজহুৱাভাৱে দেখা পোৱা হোৱা নাই।
সেইদৰে, ২০১৭ চনত কিমৰ পুত্ৰৰ জন্মৰ ‘বাতৰি’ প্ৰচাৰিত হৈছিল যদিও তাৰ নিশ্চিতি এতিয়াও জানিব পৰা হোৱা নাই। সূত্ৰসমূহৰ মতে, কিমৰ দুগৰাকী কন্যা আৰু এজন পুত্ৰ আছে।