কেন্দ্ৰীয় মন্ত্ৰী ৰিজিজুৰ বিলৈ! লক্ষদ্বীপৰ বুলি শ্বেয়াৰ কৰিলে মালদ্বীপৰ ফটো

সামাজিক মাধ্যমত ট্ৰ’লৰ পিছতে পোষ্ট কৰিলে ডিলিট, একেই গতি ছেহৱাগ, ৰণবীৰৰো

Lakshadweep Maldives

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লক্ষদ্বীপ ভ্ৰমণৰ পিছতে জোৱাৰ উঠিছে সামাজিক মাধ্যমত। এফালে লক্ষদ্বীপক লৈ গঢ়ি উঠা পৰ্যটনৰ সম্ভাৱনীয়তা আৰু আনফালে মালদ্বীপৰ নেতাৰ মন্তব্যই সৃষ্টি কৰা বিতৰ্কই সামাজিক মাধ্যমত তোলপাৰ লগাইছে।

মোদীৰ লক্ষদ্বীপ ভ্ৰমণৰ ফটো সামাজিক মাধ্যমত প্ৰকাশ পোৱাৰ পিছত বহু সাধাৰণ লোকৰ লগতে বিজেপিৰ বহু নেতা-মন্ত্ৰীয়েও লক্ষদ্বীপৰ পৰ্যটনৰ সম্ভাৱনীয়তা সম্পৰ্কে পোষ্ট কৰে। কিন্তু এইদৰে পোষ্ট কৰিবলৈ গৈ বিপাঙত পৰে কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজু।

টুইটাৰত ৰিজিজুৱে শ্বেয়াৰ কৰে দুখন ফটো। এই ফটো দুখন ৰিজিজুৱে লক্ষদ্বীপৰ বুলি দাবী কৰে। কিন্তু তাৰ পিছতে সামাজিক মাধ্যমত ফাদিল হয় ৰিজিজুৰ ভুল। নেটিজেনে প্ৰকাশ কৰে, ৰিজিজুৱে পোষ্ট কৰা এই ছবি নহয় লক্ষদ্বীপৰ।

মন্ত্ৰীগৰাকীয়ে শ্বেয়াৰ কৰা দুয়োখন ছবি আচলতে মালদ্বীপৰহে বুলি নিশ্চিত হয় আৰু সামাজিক মাধ্যম ব্যৱহাৰকাৰীসকলে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক সমালোচনাৰ লক্ষ্য কৰি লয়। তাৰ পাছতে কিৰেন ৰিজিজুৰ অফিচিয়েল একাউণ্টৰ পৰা ডিলিট কৰা হয় পোষ্টটো।

 

একেদৰে দেশৰ প্ৰাক্তন ক্ৰিকেটাৰ বীৰেন্দ্ৰ ছেহৱাগ আৰু বলীউডৰ অভিনেতা ৰণবীৰ কাপুৰেও দেশৰ আকৰ্ষণীয় স্থান বুলি বিদেশৰ কোনো স্থানৰ ছবি পোষ্ট কৰি নেটিজেনৰ সমালোচনা আৰু ট্ৰ’লৰ সন্মুখীন হোৱাৰ পিছত নিজৰ একাউণ্টৰ পৰা এই পোষ্ট ডিলিট কৰিবলৈ বাধ্য হয়।

প্ৰাক্তন ক্ৰিকেটাৰ বীৰেন্দ্ৰ ছেহৱাগে টুইটাৰত পণ্ডিচেৰী আৰু আন্দামান-নিকোবৰ দ্বীপপুঞ্জৰ বুলি উল্লেখ কৰি শ্বেয়াৰ কৰিছিল চাৰিখন ছবি। কিন্তু এই ছবিকেইখন প্ৰকৃততে ফ্ৰেন্স পলিনেছিয়াৰ ব’ৰা ব’ৰা দ্বীপৰ বুলি প্ৰমাণিত হয়।

ইয়াৰ পিছতে ছেহৱাগে ডিলিট কৰে পোষ্টটো। আনহাতে ৰণবীৰ কাপুৰে লক্ষদ্বীপৰ বুলি উল্লেখ কৰি নিজৰ টুইটাৰ একাউণ্টৰ পৰা শ্বেয়াৰ কৰিছিল কেইখনমান ছবি। কিন্তু এই ছবিকেইখনো মালদ্বীপৰ বুলি নিশ্চিত হয় আৰু পিছত পোষ্ট শ্বেয়াৰ কৰে ৰণবীৰে।