হাজাৰ হাজাৰ কৃষকে কঁপালে যোগী ৰাজ্যৰ বৰঘৰ লক্ষ্মৌ

Kisan Mahapanchayat

সোমবাৰে উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্মৌৰ ইক’ গাৰ্ডেনত ৰণচালি বজালে দেশৰ কৃষক সংগঠনে।

কেৱল প্ৰধানমন্ত্ৰী মোদীকেই নহয় উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথকো ‘নাকত ধৰি চাকত ঘূৰাইছে’ সংযুক্ত কিষাণ মৰ্চাই।

যোৱা ১৯ নৱেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তিনি বিতৰ্কিত কৃষি আইন বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰে।প্ৰধানমন্ত্ৰীৰ এই ঘোষণাৰ পিছতে আন্দোলনৰত কৃষকে আন্দোলন দিল্লী সীমান্ত এৰি ঘৰাঘৰি হ’ব বুলি ধাৰণা কৰা হৈছিল।

কিন্তু এতিয়াও ৰণচালি সামৰা নাই সংযুক্ত কিষাণ মৰ্চাই। সোমবাৰে লক্ষ্মৌত সংযুক্ত কিষাণ মৰ্চাই আয়োজন কৰে বিশাল মহাপঞ্চায়ত।

মহাপঞ্চায়ত কৃষক সংগঠনে স্পষ্টভাৱে জনাইছে যে শস্যৰ ন্যূনতম সমৰ্থন মূল্য গেৰাণ্টি(MSP) আইন প্ৰণয়ন নকৰালৈকে আন্দোলন স্তব্ধ নহয়। কৃষকৰ ওপৰত চৰকাৰে চলোৱা অত্যাচাৰৰ উচিত প্ৰত্যুত্তৰ দিয়া হ’ব বুলিও ঘোষণা কৰিছে।

কৃষক নেতাসকলে ২০২২ৰ পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত বিজেপিক পৰাস্ত কৰা হ’ব বুলিও অংগীকাৰৱদ্ধ হৈছে।

ছহিদ কৃষকৰ পৰিয়ালক চৰকাৰে ক্ষতিপূৰণ দাবী কৰাৰ লগতে আন্দোলনকাৰী কৃষকৰ ওপৰত জাপি দিয়া সকলো গোচৰ খাৰিজ কৰিবলৈও দাবী জনাইছে কৃষক নেতাসকলে।

ইফালে মহাপঞ্চায়তত উত্তৰ প্ৰদেশৰ লখিমপুৰৰ ক্ষেৰীত কেন্দ্ৰীয় মন্ত্ৰী পুত্ৰৰ গাড়ীৰে মহতীয়াই হত্যা কৰা ছহীদ কৃষক পৰিয়ালক SKMৰ তৰফৰ পৰা সম্বৰ্ধনাও জনোৱা হয়।

কৃষি আইন বাতিলৰ ঘোষণাৰ পিছতো কৃষক আন্দোলন স্তব্ধ নোহোৱাত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগীৰ লগতে প্ৰধানমন্ত্ৰী মোদীও বিব্ৰত হোৱা পৰিলক্ষিত হৈছে।