মোদী চৰকাৰৰ মিথ্যাচাৰৰ বিৰুদ্ধে কিষান মৰ্চাৰ দেশজুৰি বিক্ষোভ কাৰ্যসূচী

সোমবাৰে গুৱাহাটী ক্লাৱ ৰ’টাৰীত বিজেপি চৰকাৰৰ মিথ্যাচাৰৰ বিৰুদ্ধে সংযুক্ত কিষান মৰ্চাই “বিশ্বাসঘাতকতা দিৱস” পালন কৰে।

বিশেষকৈ নূন্যতম সমৰ্থন মূল্য প্ৰদানৰ বাবে ল’ব লগীয়া কাৰ্য ব্যৱস্থা আৰু উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰিত বিজেপি নেতাৰ দ্বাৰা গাড়ীৰে ৰাজপথত কৃষকক কৰা গণহত্যাৰ সুবিচাৰকে ধৰি কেবাটাও প্ৰতিশ্ৰুতি প্ৰধানমন্ত্ৰী মোদীয়ে ঘোষণা কৰিছিল যদিও আজিলৈকে একো প্ৰতিশ্ৰুতি পালন নকৰিলে মোদী চৰকাৰে।

উল্লেখ্য যে ইতিমধ্যে নিখিল ভাৰত কৃষক সভা অসম ৰাজ্যিক পৰিষদৰ তৰফৰ পৰা বিভিন্ন দাবীৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰা হৈছে। তেওঁলোকৰ দাবী সমূহ হৈছে —

১) ধর্ণা কালত কৃষকৰ ওপৰত জাপি দিয়া সমূহ গোচৰ প্ৰত্যাহাৰ কৰা।

২) উত্তৰ প্রদেশ চৰকাৰে শহীদ কৃষক পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ জবৰী ব্যৱস্থা কৰা।

৩) কৃষকৰ তেইশ (২৩) বিধ ফচলৰৰ নূন্যতম সমর্থন মূল্য সংযুক্ত কৃষক মৰ্চাৰ নেতৃবৃন্দৰ লগত আলোচনা কৰি কাৰ্যকৰী কৰা।

(৪) সংযুক্ত কৃষক মৰ্চাই চাৰিটা শ্ৰম বিৰোধী আচৰণ বিধি প্রত্যাহাৰ কৰা।

৫) নূন্যতম সমর্থন মূল্য (MSP) আইনী সুৰক্ষা নিশ্চিত কৰা।

৬) উদ্ভৰ প্ৰদেশৰ লখিমপুৰ খেৰিৰ হত্যাকাণ্ড চৰকাৰ আৰু বিজেপিয়ে নির্লজ্জ কর্মকাণ্ডৰ ষড়যন্ত্ৰৰ
কথা স্বীকাৰ কৰিও হত্যাকাণ্ডৰ মূল ষড়যন্ত্রকাৰী মন্ত্রী অজয় ঢেনীৰ বিৰুদ্ধে আইনী ব্যৱস্থা। কৰা নাই।তেওঁৰ বিৰুদ্ধে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনোৱা হয়।