• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এবছৰ পূৰ্বে প্ৰাৰ্থনা কৰি গৈছিল! স্বপ্ন পূৰণ হোৱাত আইপিএল ট্ৰফী লৈ কামাখ্যাত কেকেআৰ দল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 16, 2025 12:20 pm
335
VIEWS
Share on FacebookShare on Twitter

যোৱাবাৰ আই পি এলত কলকাতা নাইট ৰাইডাৰ্ছে সমগ্ৰ প্ৰতিযোগিতাত উৎকৃষ্ট ক্ৰিকেট খেলি চেম্পিয়ন হৈছিল। এবাৰো এনে লগা নাছিল যে তেওঁলোকৰ দলটো আন কাৰোবাতকৈ পিছ পৰি আছে। ২-১ এখন মেচত বিপক্ষই ২০০ ৰান অতিক্ৰম কৰি জিকিছিল যদিও ষ্টাৰ্ক, নীতিশ ৰানাৰ দলটো সময়ত উজলি উঠিছিল। ১০ বছৰৰ ব্যৱধানৰ অন্তত দলৰ বাবে লৈ আহিছিল তৃতীয়টো আই পি এল ট্ৰফী।

এবছৰ পূৰ্বে আই পি এলৰ সময়ত যেতিয়া কলকাতা নাইট ৰাইডাৰ্ছে গুৱাহাটীত খেলিছিল তেতিয়া কেইবাগৰাকীও ক্ৰিকেটাৰে কামাখ্যা মন্দিৰত প্ৰাৰ্থনা কৰিবলৈ আহিছিল। তেওঁলোকে মা কামাখ্যাৰ ওচৰত প্ৰাৰ্থনা কৰে। দেবীয়ে তেওঁলোকৰ প্ৰাৰ্থনা শুনিলে। যোৱাবাৰ কে কে আৰ আই পি এল চেম্পিয়ন হৈছিল, গতিকে নাইট ক্ৰিকেটাৰসকল ১ বছৰৰ পিছত কামাখ্যালৈ উভতি আহিল।

কলকাতা নাইট ৰাইডাৰ্ছৰ গুৰু গৌতম গম্ভীৰ, প্ৰশিক্ষক চন্দ্ৰকান্ত পণ্ডিত, আৰু ক্ৰিকেটাৰ বৰুণ চক্ৰৱৰ্তী সকলোৱে যোৱাবাৰ কামাখ্যা ভ্ৰমণ কৰি প্ৰাৰ্থনা কৰে। এইবাৰ কে কে আৰ পুনৰ কামাখ্যা মন্দিৰলৈ উভতি আহিল। আই পি এলৰ ট্ৰফীটোও লৈ আহিছিল। নাইট ৰাইডাৰ্ছৰ ষ্টাফে মা কামাখ্যাক ট্ৰফীটো দেখুৱাই গ’ল। আচলতে তেওঁলোকৰ প্ৰাৰ্থনা শুনাৰ বাবে দেবী মাক ধন্যবাদ জনাবলৈ আহিছিল।

শেহতীয়াকৈ কলকাতা নাইট ৰাইডাৰ্ছে ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ পোষ্ট কৰিছে। তাত দেখা যায় যে নাইট ৰাইডাৰ্ছৰ দলৰ টীম মেনেজমেন্টে মন্দিৰত প্ৰাৰ্থনা কৰিবলৈ আহিছে। তেওঁলোকে কেপচনত লিখিছে, “২০২৪ চনৰ মে’ মাহত তেওঁলোকে কামাখ্যাৰ ওচৰত প্ৰাৰ্থনা কৰিবলৈ গৈছিল, আৰু ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত তেওঁলোকৰ ইচ্ছা পূৰণ হোৱাৰ বাবে তালৈ উভতি আহিছে।”

May 2024: We sought Maa's blessings here
Feb 2025: We returned with the trophy for her blessings 🏆🙏

জয় মা কামাখ্যা 🙏🏆 जय माँ कामाख्या pic.twitter.com/uZDmSpDcxt

— KolkataKnightRiders (@KKRiders) February 15, 2025

উল্লেখ্য যে এইবাৰ ইডেনত অনুষ্ঠিত হ’বলগীয়া উদ্বোধনী মেচখন কলকাতা নাইট ৰাইডাৰ্ছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ মাজত অনুষ্ঠিত হোৱাৰ কথা। এইবাৰো শ্বাহৰুখ খানৰ ফ্ৰেঞ্চাইজিয়ে নিশ্চিতভাৱে আৰম্ভণিৰে পৰা বিজয়ৰ ধাৰাত থাকিব বিচাৰিব আৰু ট্ৰফী ৰক্ষা কৰিব বিচাৰিব। অৱশ্যে গৌতম গম্ভীৰৰ অনুপস্থিতিত ড্ৱেইন ব্ৰেভোৱে দায়িত্ব ল’লে ক্ৰিকেটাৰসকলৰ সৈতে তেওঁ কিমান ভালদৰে মিলি যাব পাৰে সেয়া চাবলৈ সকলো আগ্ৰহী।

Recent News

ঘোষণা হ’ল ২০২৫ ৰ চিবিএছই দ্বাদশ শ্ৰেণীৰ ফলাফল: ৮৮.৩৯% উত্তীৰ্ণৰ হাৰ, ল’ৰাক পুনৰ অতিক্ৰম কৰিলে ছোৱালীয়ে

ঘোষণা হ’ল ২০২৫ ৰ চিবিএছই দ্বাদশ শ্ৰেণীৰ ফলাফল: ৮৮.৩৯% উত্তীৰ্ণৰ হাৰ, ল’ৰাক পুনৰ অতিক্ৰম কৰিলে ছোৱালীয়ে

ভুৱা এক্স একাউণ্ট সন্দৰ্ভত চৰকাৰৰ সতৰ্কবাণী! আনুষ্ঠানিক এক্স একাউণ্ট নই ব্যোমিকা সিং আৰু ছফিয়া কুৰেশীৰ

ভুৱা এক্স একাউণ্ট সন্দৰ্ভত চৰকাৰৰ সতৰ্কবাণী! আনুষ্ঠানিক এক্স একাউণ্ট নই ব্যোমিকা সিং আৰু ছফিয়া কুৰেশীৰ

ঘন জংঘলত চলোৱা হৈছিল ‘অপাৰেচন সংকল্প’; ছত্তীশগড়-তেলেংগানা সীমান্তত নিহত ৩১মাওবাদী

ঘন জংঘলত চলোৱা হৈছিল ‘অপাৰেচন সংকল্প’; ছত্তীশগড়-তেলেংগানা সীমান্তত নিহত ৩১মাওবাদী

১৯ মে’ত ভাৰত-পাকিস্তানৰ পৰিস্থিতিৰ বিষয়ে সংসদত সম্বোধন কৰিব বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে

১৯ মে’ত ভাৰত-পাকিস্তানৰ পৰিস্থিতিৰ বিষয়ে সংসদত সম্বোধন কৰিব বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd