• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

KLO give up kamataput demand সাৰ্বভৌম কমতাপুৰ ৰাষ্ট্ৰৰ দাবী এৰিলে কে এল অ’এই , বহিব শান্তি আলোচনাত, জীৱন সিংহৰ ঘোষণা

প্ৰণৱ কুমাৰ ডেকা by প্ৰণৱ কুমাৰ ডেকা
August 1, 2022 10:30 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোচ ৰাজবংশী জনগোষ্ঠীৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰ সুনিশ্চিত কৰাৰ স্বাৰ্থত কমতাপুৰ ৰাজ্য গঠনকে ধৰি কোচ ৰাজবংশী জনগোষ্ঠীৰ অস্তিত্ব ৰক্ষাৰ দাবীত সুদীৰ্ঘ দিন সশস্ত্ৰ সংগ্ৰাম কৰা কে এল অই কোচ- কমতাৰ এক ঐতিহাসিক ৰাজনৈতিক সমাধান বিচাৰি কেন্দ্ৰীয় চৰকাৰৰ লগত এক শান্তি আলোচনাৰ পোষকতা কৰি কে এল অৰ সেনাধ্যক্ষ জীৱন সিংহই অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক বিশেষ ভাবে উদ্যোগ ল’বলৈ আহ্বান জনোৱাৰ বাবে আদৰণি জনোৱাৰ লগতে জীৱন সিংহই আহ্বান জনোৱাৰ পিছতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কে এল অৰে আলোচনা কৰাত আপত্তি নাই বুলি কৰা মন্তব্যক কোচ ৰাজবংশী জাতীয় পৰিষদে সন্তোষ প্ৰকাশ কৰাৰ লগতে আনন্দিত হৈছে ।

সোমবাৰে বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবত আয়োজিত এখন সংবাদ মেলত কোচ ৰাজবংশী জাতীয় পৰিষদৰ সভাপতি বিমল কুমাৰ বৰ্মনে কয় যে কে এল অৰ সেনাধ্যক্ষ জীৱন সিংহই সাৰ্বভৌম কমতাপুৰ ৰাষ্ট্ৰৰ দাবী পৰিহাৰ কৰি অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিস্ব শৰ্মাৰ উদ্যোগত কোচ -কমতাৰ সন্মানজনক ৰাজনৈতিক সমাধানৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ লগত শান্তি আলোচনা অনুষ্ঠিত কৰণৰ অনুৰোধ জনাই বিশ্বজিৎ ৰায়কে ধৰি অসম আৰু পশ্চিম বংগৰ পাঁচ ব্যক্তিক মুখ্যমন্ত্ৰীৰে শান্তি আলোচনাৰ প্ৰক্ৰিয়া আগুৱাই নিবৰ বাবে নিয়োগ কৰা কাৰ্য্যক সংগঠনটোৱে আদৰণি জনাইছো। অসমৰ মুখ্যমন্ত্ৰী ডঃহিমন্ত বিশ্ব শৰ্মাৰ গতিশীল নেতৃত্বই খিলঞ্জীয়া ভূমিপুত্ৰ কোচ ৰাজবংশীসকলৰ দীৰ্ঘ দিনীয়া দাবীসমূহৰ স্থায়ী ৰাজনৈতিক সমাধান সূত্ৰ উদ্ভাৱনৰ বাবে কেন্দ্ৰীয় চৰকাৰক পতিয়ন নিয়াব বুলিও আশা প্ৰকাশ কৰে। ইপিনে আলোচনাৰ পূৰ্বে সংগঠনটোৱে অস্ত্ৰ সমৰ্পন কৰাৰ সম্ভাৱনা সন্দৰ্ভত জাতীয় পৰিষদৰ সভাপতি বৰ্মনে কয় যে আলোচনাৰ প্ৰসংগটো একেবাৰে প্ৰাথমিক পৰ্যায়ত আছে ৷

Apply Now

কে এল অৰ সেনাধ্যক্ষগৰাকীয়ে কোচ ৰাজবংশীসকলৰ সমস্যা সমাধানৰ কাৰণে আগ্ৰহ প্ৰকাশ কৰিছে ৷ সশস্ত্ৰ আন্দোলনেই হওক কিম্বা গণতান্ত্ৰিক আন্দোলনেই হওক কোনেও কেৱল আন্দোলনৰ নামত আন্দোলন নকৰে ৷ সমস্যা সমাধানৰ কাৰণেহে কৰে ৷ যদি কোচ ৰাজবংশীসকলৰ সমস্যা সমাধানৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে বিশেষভাৱে ভূমিকা লয়, তেতিয়াহলে নিশ্চয় কে এল অই আগন্তুক দিনত অস্ত্ৰ সমৰ্পন কৰাৰ কথা চিন্তা কৰিব ৷ আনহাতে খিলঞ্জীয়া ভূমিপুত্ৰ কোচ ৰাজবংশী সকলোৰ বৰ্তমান অস্তিত্বৰ সংকট আৰু ভবিষ্যৎ সুৰক্ষাৰ উপায় বিচাৰি কোচ ৰাজবংশী জাতীয় পৰিষদে অহা ১০ আগষ্ট কোচ ৰাজবংশী জনগোষ্ঠীৰ বিভিন্ন দল, সংগঠন, বুদ্ধিজীৱী আৰু শিক্ষাবিদক লৈ বঙাইগাঁও চহৰৰ দোলাইগাওঁ (মাজপাৰা) জনতা ক্লাৱৰ পেক্ষাগৃহত এখন চিন্তন অভিৱৰ্তনৰ আহ্বান কৰিছে বুলি সংবামেলত উল্লেখ কৰে ৷ চিন্তন অভিৱৰ্ততনত কোচ ৰাজবংশী জনগোষ্ঠীৰ বিভিন্ন দল, সংগঠন, বুদ্ধিজীৱী আৰু শিক্ষাবিদক উপস্থিত হ’বলৈ কোচ ৰাজবংশী জাতীয় পৰিষদে আহ্বান জনাইছে ৷ ইপিনে এবছুৰ প্ৰাক্তন সভাপতি, উপদেষ্টা তথা প্ৰাক্তন সাংসদ চানচুমা খুংগুৰ বিছমুতিয়াৰীয়ে হকে বিহকে কোচ ৰাজবংশীসকলকে ধৰি অন্যান্য জনগোষ্ঠীক জনজাতিকৰণৰ বিৰোধীতা কৰে ৷ বিশেষকৈ তেওঁ যেতিয়াই নিৰ্বাচন আহে তেতিয়াই তেওঁ সক্ৰিয় হৈ উঠে ৷ ভাৰতবৰ্ষত যেতিয়া জনজাতিকৰণৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল,সেই ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ সময়ত এটা কথা স্পষ্ট কৰা আছিল যে প্ৰত্যোক দহ বছৰৰ পিচে পিচে এই ব্যৱস্থাটো পুনৰীক্ষণ কৰা হ’ব ৷ যিসকল আগবাঢ়ি যাব তেওঁলোক জনজাতিৰ আওতাত নেথাকিব ৷ কিন্তু দেখা গ’ল যে বড়ো জনগোষ্ঠীৰ এটা বিশেষ শ্ৰেণীৰ আজি কিন্তু তেওঁলোকৰ জনজাতিৰ যিটো চৰিত্ৰ বা বৈশিষ্ট তাত তেওঁলোক অন্তৰ্ভুক্ত নহয় ৷

বড়ো জাতিৰ সৰ্বতোপ্ৰকাৰে উন্নয়ন হোৱা বুলি কোৱা নাই ৷ কিন্তু এক বিশেষ শ্ৰেণী জনজাতিৰ আওতাত অন্তৰ্ভুক্ত নহয় ৷ যিদৰে চানচুমা খুংগুৰ বিছমুতিয়াৰী নহয় ৷ গতিকে চানচুমা খুংগুৰ বিছমুতিয়াৰী যিহেতু সেই আওতাত নপৰে সেয়ে সৰ্বসাধাৰণ বড়োসকলৰ গইনা লৈ নিজক বৰ্তাই ৰাখিবলৈ এনে ধৰণৰ হৈ চৈ কৰি থাকে ৷ কিন্তু স্বাধীনতাৰ ৭৫ বছৰে অবিভক্ত গোৱালপাৰা জিলাৰ কোচ ৰাজবংশীসকল বড়োসকলতকৈ আৰ্থ- সামাজিক, ৰাজনৈতিক আদি প্ৰতিটে ক্ষেত্ৰতে পিচ পৰি আছে ৷ আজি বড়োসকলৰ ৰাজনৈতিক ৰক্ষা কৱচ থকাৰ কাৰণে দহগৰাকী বিধায়ক হলেও বিধান সভালৈ যাব পাৰিছে ৷ ফলত তেওঁলোকৰ নিজৰ জনগোষ্ঠীৰ দাবী আৰু লমস্যাসমূহৰ বিষয়ে মাত মাতিব পাৰিছে ৷ কিন্তু কোচ ৰাজবংশীসকলৰ ক্ষেত্ৰত সেয়া সম্ভৱ হৈ উঠা নাই ৷ কাৰণ আমাৰ জনপ্ৰতিনিধিয়ে নাই ৷ আমাৰ সংৰক্ষণ ব্যৱস্থাই নাই ৷ বিগত ১৯৯৬ চনত ৰাষ্ট্ৰপতিয়ে অধ্যাদেশৰ জৰিয়তে কোচ ৰাজবংশীসকলক জনজাতিকৰণ কৰাৰ পিচত এই ব্যৱস্থাটো বৰ্তাই ৰখৰ বাবে সংসদত যি জনপ্ৰতিনিধিৰ প্ৰয়োজন আছিল সেয়া নথকাৰ বাবে সেই সুবিধাৰ পৰা আমি বঞ্চিত হ’বলগীয়া হৈছিল ৷ এই ক্ষেত্ৰত সংগঠনটোৱে সেই সময়ৰ সাংসদ চানচুমা খুংগুৰ বিছমুতিয়াৰীক বিশেষভাৱে দায়ী কৰে ৷

সংগঠনটোৰ সভাপতিগৰাকীয়ে অভিযোগ কৰা মতে সাংসদগৰাকীয়ে সেই সময়ত জনগোষ্ঠীটোৰ প্ৰয়োজনীয় নথি – পত্ৰসমূহ কেন্দ্ৰীয় চৰকাৰৰ বিশেষ মহলত ভেটি প্ৰদান কৰি গাব দি ৰখাৰ বাবে কোচ ৰাজবংশী জনগোষ্ঠীটো জনজাতিকৰণৰ মৰ্যদা লাভৰ পৰা বঞ্চিত হৈছিল ৷ সেয়ে কোচ ৰাজবংশীসকলৰ আৰ্থ- সামাজিক, ৰাজনৈতিক যি দুৰৱস্থা তাৰ প্ৰতি লক্ষ্য ৰাখি আগলৈ তেওঁক বিৰোধিতা কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায় ৷ সংবাদ মেলত কোচ ৰাজবংশী জাতীয় পৰিষদৰ উপদেষ্টা সতীশ পাটগিৰীৰ লগতে যুটীয়া সম্পাদকদ্বয় ভূপেন ৰায় আৰু জগন্নাথ ৰায় উপস্থিত আছিল ৷

প্ৰণৱ কুমাৰ ডেকা

প্ৰণৱ কুমাৰ ডেকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

June 28, 2026 9:28 pm
বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

June 28, 2026 8:34 pm
ভয়ংকৰ দুৰ্ঘটনা! ছৌডি আৰৱত তৈল প্ৰতিষ্ঠান এৰামকোৰ হেলিকপ্টাৰ বিধস্ত হৈ ১৪ জনৰ মৃত্যু

ভয়ংকৰ দুৰ্ঘটনা! ছৌডি আৰৱত তৈল প্ৰতিষ্ঠান এৰামকোৰ হেলিকপ্টাৰ বিধস্ত হৈ ১৪ জনৰ মৃত্যু

June 28, 2026 6:36 pm
প্ৰথম মেচৰ বিপৰ্যয়ৰ পাছত প্ৰত্যাৱৰ্তনৰ লক্ষ্য! দেওবাৰে দ্বিতীয়খন টি-২০ত আয়াৰলেণ্ডৰ সন্মুখীন হ’ব বিশ্ব চেম্পিয়ন ভাৰত

প্ৰথম মেচৰ বিপৰ্যয়ৰ পাছত প্ৰত্যাৱৰ্তনৰ লক্ষ্য! দেওবাৰে দ্বিতীয়খন টি-২০ত আয়াৰলেণ্ডৰ সন্মুখীন হ’ব বিশ্ব চেম্পিয়ন ভাৰত

June 28, 2026 5:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

June 28, 2026 9:28 pm
বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

June 28, 2026 8:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd