• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মহা প্ৰভু হিমন্ত বিশ্ব শৰ্মাই কেবৰ ভুল বাখ্যা কৰি অসমৰ মানুহক বিপথে পৰিচালিত কৰিব বিচাৰিছে : অখিল গগৈ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 17, 2019 2:14 pm
WhatsApp Image 2019-11-17 at 1.16.42 PM

প্ৰতিনিধিত্বমূলক ফ'টো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে দ্বিতীয় পৰ্যায়ৰ আন্দোলন ঘোষণা কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। গুৱাহাটীৰ গান্ধীবস্তিস্থিত কেন্দ্ৰীয় কাৰ্যালয়ত দেওবাৰে এক সংবাদমেল সম্বোধন কৰি আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰে কৃষক নেতা অখিল গগৈয়ে।

তেওঁ জনোৱা অনুসৰি ১৮ নৱেম্বৰৰ পৰা কৃষক মুক্তিকে ধৰি ৪ টা ভাতৃ-ভগ্নী সংগঠনে প্ৰচাৰ অভিযান চলাব। গাঁৱে ভূঁইয়ে, চহৰে-নগৰে ঘৰে ঘৰে গৈ কৃষক সংগঠনটোৱে প্ৰচাৰ পত্ৰিকা বিতৰণ কৰিব।

Apply Now

“অস্তিত্ব ৰক্ষা কৰিবলৈ ইয়াৰ বাহিৰে কোনো উপায় নাই,”-অখিলে সংবাদমেলত কয়।

তদুপৰি, অহা ২২ নৱেম্বৰত কৃষক সংগঠনটোৱে ৰাজ ভৱন চলো কাৰ্যসূচী ৰূপায়ন কৰিব। ৰাজ্যপালৰ জৰিয়তে প্ৰধান মন্ত্ৰী আৰু ৰাষ্ট্ৰপতিলৈ শেষ বাৰলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিব কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।

৭০ সংগঠন আৰু আছুৰ ৩০ টা সংগঠন আৰু বামপন্থী সংগঠনক একত্ৰিত হৈ  কেবৰ বিৰুদ্ধে বৃহৎ আন্দোলন গঢ়ি তুলিবলৈ অখিল গগৈয়ে আহ্বান জনায়।

ইপিনে একেখন সংবাদমেলতে কেবৰ সপক্ষত থকা হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি আক্ৰমণাত্মক হৈ পৰে কৃষক নেতা অখিল গগৈ।

হিমন্তক কটাক্ষ কৰি অখিলে কয়, “হিমন্ত বিশ্ব শৰ্মাৰ কোনো মুল্য আছে বুলি নাভাবো। তেওঁ কেবৰ ভুল বাখ্যা কৰিছে। মহা প্ৰভু হিমন্ত বিশ্ব শৰ্মাই কেবৰ ভুল বাখ্যা কৰি অসমৰ মানুহক বিপথে পৰিচালিত কৰিব বিচাৰিছে।”

“নাগপুৰ আৰু দিল্লীৰ চুৱা চেলেকিবৰ বাবে আৰু নাগপুৰীয়াক সন্তুষ্ট কৰিবলৈ হিমন্ত বিশ্ব শৰ্মাই বিভ্ৰান্তিকৰ বক্তব্য ৰাখিছে,”-হিমন্তক কটাক্ষ কৰি অখিলে লগতে কয়।

হিমন্ত বিশ্ব শৰ্মাক “এজন দালাল ৰাজনৈতিক নেতা” আখ্যা দি তেওঁ কয়,”তেওঁ দুই নম্বৰী মাল। হিমন্ত বিশ্ব শৰ্মাক জাতিক বিক্ৰী নকৰিবলৈ আৰু দুই নম্বৰী মন্তব্য নকৰিবলৈ সকীয়াই দিছো।”

কেব নতুন ৰূপত আহিব বুলি কৈছে যদিও কেনেকুৱা ৰূপত আহিব সেই বিষয়ে হিমন্তই উল্লেখ কৰা নাই বুলি সদৰি কৰি অখিলে কয়, “লোক সভাৰ বুলেটিনত কেব কেনেকুৱা ৰূপত আহিব সেই কথা উল্লেখ আছে। এইবাৰ ৰাজ্যসভা আৰু লোকসভাত মুঠ ২৭ খন বিধেয়ক উত্থাপন হ’ব আৰু ১৬ নম্বৰত আছে কেব। যোৱাবাৰ পাছ নহ’ল বাবে নতুন বিল আহিব বুলি উল্লেখ আছে আৰু অবৈধ বিদেশীৰ সংজ্ঞা বদলাবলৈ এইখন অনা হৈছে।”

“২০১৬ ৰ বিধেয়কৰ নিচিনা ১৯’ৰ বিধেয়কতো ৬ টা ধৰ্মৰ লোকৰ নাম উল্লেখ আছে যিবিলাক পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ পৰা আহিব পাৰিব। হয়তো এই বিধেয়কৰ পৰা খ্ৰীষ্টান আৰু পাৰ্ছীটো বাদ দি ৪ টা ধৰ্ম ৰাখিব পাৰে। ভিছা পাছপোৰ্ট নোহোৱাকৈ এই ধৰ্মৰ লোকসকল ভাৰতলৈ আহি নাগৰিকত্ব ল’ব পাৰিব। এই বিল গৃহীত হ’লে বিদেশী লোকক বৈধ নথি পত্ৰ নালাগে আৰু ১১ বছৰৰ সলনি ৬ বছৰ থাকিলেই নাগৰিকত্ব লাভ কৰিব,”-অখিলে লগতে কয়।

অখিলৰ মতে “বিল খন গৃহীত হ’লে শিলাদিত্য আৰু ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী বিপ্লৱ দেৱৰ দৰে নেতা হ’বলৈ দুদিন থাকিব লগীয়া নহয়, বাংলাদেশৰ পৰা আহিয়ে ইয়াত নিৰ্বাচন খেলি মন্ত্ৰী বিধায়ক হ’ব পাৰিব।”

“নাগালেণ্ড মেঘালয় আৰু মিজোৰামক হয়তো বাদ দিব পাৰে। অৰুণাচল, মণিপুৰকো বাদ দিব পাৰে। তেতিয়া অসম আৰু ত্ৰিপুৰা বাদ পৰি ৰ’ব। সেয়েহে এইবাৰ ভয়ংকৰ ৰূপত কেব আহিব সেইটো নিশ্চিত,”-অখিলে লগতে কয়।

আনহাতে, ৬ নং দফা সংশোধন কমিটি ভংগ কৰি আছুকে ধৰি অন্য সন্মানীয় ব্যক্তি সমূহক ওলাই আহিবলৈ অখিল গগৈয়ে আহ্বান জনায়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মুখ্যমন্ত্ৰীৰ টেবুলত ‘তাণ্ডৱ নৃত্য’ৰ হুংকাৰ অখিল গগৈৰ! মন্ত্ৰী-বিধায়কৰ চিণ্ডিকেটেই শিৱসাগৰলৈ আনিলে প্ৰলয়ংকৰী বান

মুখ্যমন্ত্ৰীৰ টেবুলত ‘তাণ্ডৱ নৃত্য’ৰ হুংকাৰ অখিল গগৈৰ! মন্ত্ৰী-বিধায়কৰ চিণ্ডিকেটেই শিৱসাগৰলৈ আনিলে প্ৰলয়ংকৰী বান

July 29, 2026 1:09 pm
এদিনীয়া বিশ্বকাপৰ দলত স্থান পাবনে বৈভৱ সূৰ্যবংশীয়ে? ফিটনেছ আৰু আচৰণক লৈ ক্ৰিকেট মহলত চৰ্চা

এদিনীয়া বিশ্বকাপৰ দলত স্থান পাবনে বৈভৱ সূৰ্যবংশীয়ে? ফিটনেছ আৰু আচৰণক লৈ ক্ৰিকেট মহলত চৰ্চা

July 29, 2026 12:00 pm
উন্নয়নৰ নামত হাবি-বন, খাল-বিল, নৈ পুতি পেলালে পানী ক’লৈ যাব?

উন্নয়নৰ নামত হাবি-বন, খাল-বিল, নৈ পুতি পেলালে পানী ক’লৈ যাব?

July 29, 2026 10:31 am
‘জেন-জি’ৰ প্ৰতিবাদত উচপ খাই উঠিল নেকি বিজেপি? ‘জেন-জি’ ভোটাৰৰ কাষ চপাৰ ব্যাপক প্ৰস্তুতি

‘জেন-জি’ৰ প্ৰতিবাদত উচপ খাই উঠিল নেকি বিজেপি? ‘জেন-জি’ ভোটাৰৰ কাষ চপাৰ ব্যাপক প্ৰস্তুতি

July 29, 2026 10:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মুখ্যমন্ত্ৰীৰ টেবুলত ‘তাণ্ডৱ নৃত্য’ৰ হুংকাৰ অখিল গগৈৰ! মন্ত্ৰী-বিধায়কৰ চিণ্ডিকেটেই শিৱসাগৰলৈ আনিলে প্ৰলয়ংকৰী বান

মুখ্যমন্ত্ৰীৰ টেবুলত ‘তাণ্ডৱ নৃত্য’ৰ হুংকাৰ অখিল গগৈৰ! মন্ত্ৰী-বিধায়কৰ চিণ্ডিকেটেই শিৱসাগৰলৈ আনিলে প্ৰলয়ংকৰী বান

July 29, 2026 1:09 pm
এদিনীয়া বিশ্বকাপৰ দলত স্থান পাবনে বৈভৱ সূৰ্যবংশীয়ে? ফিটনেছ আৰু আচৰণক লৈ ক্ৰিকেট মহলত চৰ্চা

এদিনীয়া বিশ্বকাপৰ দলত স্থান পাবনে বৈভৱ সূৰ্যবংশীয়ে? ফিটনেছ আৰু আচৰণক লৈ ক্ৰিকেট মহলত চৰ্চা

July 29, 2026 12:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd