NORTHEAST NOW (Assamese)

চাহ শ্ৰমিকক ২০ শতাংশকৈ বোনাচ দিয়াৰ দাবী কৃষক মুক্তি সংগ্ৰাম সমিতিৰ

September 16, 2019 10:32 pm · শান্তনু শইকীয়া

অসমৰ চাহ শ্ৰমিকসকলক ২০ শতাংশ বোনাচ দিয়াৰ দাবী কৃষক মুক্তি সংগ্ৰাম সমিতিৰ। আজি গুৱাহাটীত থকা সংগঠনটোৰ কেন্দ্ৰীয় কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত অখিল গগৈয়ে শ্ৰমিকসকলক ৮.৩৩ শতাংশ বোনাচ দিবলৈ লোৱা সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰে।

তেওঁ কয়, ‘অসম চৰকাৰে চাহ শ্ৰমিকসকলৰ একাউন্টত ৫ হাজৰ টকা ভৰাই দিছিল, কিন্তু এতিয়া বোনাচ কমাই সেই ধন কাঢ়ি নিব বিচাৰিছে’।

বিজেপি চৰকাৰে চাহ শ্ৰমিকক লৈ ৰাজনীতি কৰি আহিছে বুলি মন্তব্য কৰি তেওঁ কয়, ‘বিজেপিয়ে চাহ শ্ৰমিকক এক প্ৰকাৰে ৰাম ঠগন দিলে। তেওঁলোকে মজুৰি ৩৫০ টকা দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু এতিয়া চাহ শ্ৰমিকে মজুৰি পায় ১৬৭ টকাহে।‘

আনহাতে বাগিচা মালিকপক্ষই সততে কৈ থকা চাহ উদ্যোগৰ আৰ্থিক সংকট এটা ভুৱা অপপ্ৰচাৰ বুলি মন্তব্য কৰি তেওঁ কয়, ‘যদি লোকচান হৈছে কোনো বাগিচা বন্ধ হৈ যোৱাৰ খবৰ আহিল হেতেন কিন্তু বাগিচা বন্ধ হোৱাৰ কোনো খবৰ নাই। বগিচাৰ লাভ হৈছে নে লোকচান হৈছে আমি কোনো বাগিচাৰ Balance sheet দেখা নাপাও’।

উল্লেখযোগ্য যে ২০ আগষ্টত Consultative Committee of Plantation Associations-এ চাহ উদ্যোগ আৰ্থিক সংকটত ভুগি আছে বুলি দোহাই দি শ্ৰমিকসকলক ৮.৩৩ শতাংশ বোনাচ দিয়াৰ সিন্ধান্ত ঘোষণা কৰিছিল।

চাহ শ্ৰমিকসকলক যদি তেওঁলোকৰ প্ৰাপ্য মজুৰি দিয়া নহয় তেনেহলে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিব বুলি সংবাদমেলৰ জৰিয়তে জানিবলৈ দিয়ে অখিল গগৈয়ে।

Related News