মানসিক বিকাৰগ্ৰস্তক শীতল মস্তিষ্কৰে হত্যা কৰি জাতিটোকে লজ্জিত কৰিলে আৰক্ষীয়ে : অখিল গগৈ

‘মানসিক বিকাৰগ্ৰস্ত লোক এজনক শীতল মস্তিস্কৰে গুলীয়াই হত্যা কৰি সমগ্ৰ পৃথিৱীৰ ওচৰত অসমীয়া জাতিক লজ্জিত কৰিলে গোলাঘাট আৰক্ষীয়ে। গোলাঘাটত এজন মানসিক বিকাৰগ্ৰস্ত লোকক আৰক্ষীয়ে গুলীয়াই হত্যা কৰাটোক তীব্ৰ গৰিহণা দি এই মন্তব্য কৰে কৃষক নেতা অখিল গগৈয়ে।

কৃষক নেতা গৰাকীয়ে ‘ইমান দিনে গোলাঘাট আৰক্ষী চুপাৰি, কয়লা আৰু তেলৰ চিণ্ডিকেট গঢ়ি তোলাৰ বাবে কুখ্যাত হৈ আছিল।‘

তাৰোপৰি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিষ্ক্ৰিয়তাৰ সুযোগ লৈ গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষকগৰাকীয়ে গোলাঘাট জিলাত দুষ্কাৰ্য্যসমূহ চলাই নিয়া বুলিও অখিল গগৈয়ে সদৰী কৰে। লগতে গগৈয়ে কয় যে ‘মুখ্য মন্ত্ৰীয়ে গোলাঘাট আৰক্ষী প্ৰশাসনক সুৰক্ষা প্ৰদান কৰি আছে।‘

আৰক্ষী প্ৰশাসনক মুখ্য মন্ত্ৰীয়ে সুৰক্ষা প্ৰদান কৰাৰ ফল হাতে হাতে পালো বুলি মন্তব্য কৰি গগৈয়ে কয় ‘এজন নিৰীহ ব্যক্তিক শীতল মস্তিষ্কৰে হাতত বন্দুক লৈ হত্যা কৰি অসমীয়া জাতিটোক বদনামি কৰিলে।‘

তদুপৰি ‘ইমান এক জঘন্য হত্যাকাণ্ড সংঘটিত কৰাৰ পাছতো গোলাঘাটৰ ডি এছ পি পাৰ্থ প্ৰতিম শইকীয়াক গ্ৰেপ্তাৰ নকৰাটো ৰহস্যজনক’ বুলিও অখিলে মন্তব্য কৰে।

আনহাতে এজন নিৰীহ লোকক গোলাঘাট আৰক্ষীয়ে গুলীয়াই হত্যা কৰা ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে সংবাদমেলত উপস্থিত থকা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাইয়ে। চাংমাইয়ে ‘পশুৰ নিচিনাকৈ হত্যা কৰাটো অসমবাসীৰ বাবে অত্যন্ত দুৰ্ভাগ্যজনক কথা।‘ বুলি মন্তব্য কৰে।

আজিৰ সংবাদমেলৰ জৰিয়তে কৃষক নেতা অখিল গগৈ আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাইয়ে ৰাজখোৱাৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ প্ৰদানৰ দাবী জনায়। লগতে ঘটনাৰ সৈতে জড়িত থকা আৰক্ষী বিষয়াৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল’বৰ বাবে দুয়োজন নেতাই  আহ্বান জনায়।