DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 5, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এন আৰ চি লৈ উত্তেজনা হ’লে অকল প্ৰশমনৰ কাম কৰিব কৃষক মুক্তিয়ে

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 28, 2019 9:36 pm
01-08-19-Guwahati-KMSS leader Akhil Gogoi press meet on Assam NRC publication

প্ৰতিনিধিত্বমূলক ফ'টো

1.2k
VIEWS
Share on FacebookShare on Twitter

৩১ আগষ্টত প্ৰকাশ পাব লগা চূড়ান্ত এন আৰ চিক লৈ উত্তেজনাৰ সৃষ্টি হ’লে কেৱল প্ৰশমনৰ কাম কৰিব কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।

প্ৰকাশলৈ মাজত মাথো দুটা দিন থকাৰ মাজতে বুধবাৰে সংবাদমেলযোগে এই কথা প্ৰকাশ কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈয়ে।

‘৩১ আগষ্টৰ দিনা বা তাৰ পাছত নাম অন্তৰ্ভুক্ত হোৱা নোহোৱাক লৈ যদি কিবা উত্তেজনাৰ সৃষ্টি হয়, সেই উত্তেজনা কেৱল প্ৰশমন কৰাৰ বাহিৰে কোনো কথাতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কোনো সদস্যই আগভাগ ল’ব নোৱাৰিব।’ অখিল গগৈয়ে কয়।

তেওঁ আৰু কয় ‘সংগঠনৰ অনুমতি অবিহনে কৃষক মুক্তি, নাৰী মুক্তি আৰু ছাত্ৰ মুক্তিৰ কোনো সদস্যই যাতে এন আৰ চিক লৈ চ’ছিয়েল মিডিয়াত কোনো পোষ্ট নিদিয়ে। যদি তেনে কোনো মন্তব্য দিয়ে তেন্তে লোকজন ব্যক্তিগতভাৱে জগৰীয়া হ’ব।’

উক্ত সংবাদমেলতে অসমবাসী ৰাইজকো আহ্বান জনায় অখিল গগৈয়ে।

তেওঁ কয় ‘এন আৰ চিত নাম সোমোৱা নোসোমোৱাক লৈ যাতে কোনো উত্তেজিত নহয়, তাৰ বাবে বিনম্ৰভাৱে আহ্বান জনাইছো। আইনগত পদ্ধতিৰে সমগ্ৰ বিষয় মীমাংসা কৰিবৰ কাৰণে আহ্বান জনাইছো। কিবা বিশেষ সমস্যাই দেখা দিলে, যি সমস্যা ব্যক্তিগত পৰ্য্যায়ত সমাধান কৰাটো সহজ নহয়, তেনে ক্ষেত্ৰত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সহযোগিতা আগবঢ়াম।’

এন আৰ চিক লৈ ‘বিজেপি-আৰ এছ এছ আৰু মুছলিম মৌলবাদী সংগঠনে’ চ’ছিয়েল মিডিয়াৰ জৰিয়তে ‘উত্তেজনা’ বিয়পোৱাৰ চেষ্টা চলোৱা বুলি তেওঁ অভিযোগ কৰে।

গগৈয়ে কয়, ‘চ’ছিয়েল মিডিয়াত ব্যাপকৰূপত আমুকৰ নাম কটা গৈছে টামুকৰ নাম কটা গৈছে বুলি প্ৰচাৰ চলাই আছে আৰ এছ এছৰ সমৰ্থকে। তেনেদৰে মুছলমান মৌলবাদী সংগঠনৰ কিছু লোকেও একেধৰণৰ উত্তেজনামূলক কেম্পেইন কৰি থকা দেখিবলৈ পাইছো।’

কৃষক মুক্তিৰ নেতাগৰাকীয়ে লগতে কয় যে এন আৰ চি প্ৰকাশৰ সময়ত যদি কিবা ঘটনা সংঘটিত হয়, তাৰ কাৰণে জগৰীয়া হ’ব ভাৰত চৰকাৰ আৰু অসম চৰকাৰ।

‘উত্তেজনাময় পৰিস্থিতি’ৰ বাবে বিশেষভাৱে আৰু ব্যক্তিগতভাৱে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল জগৰীয়া হ’ব বুলি অখিলে কয়।

‘বিশেষভাৱে মুখ্য মন্ত্ৰী আৰু গৃহ মন্ত্ৰী ব্যক্তিগতভাৱে জগৰীয়া হ’ব। তেওঁ নিজে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি আছিল। এসময়ত জাতীয় নায়কৰ উপাধি লৈছিল। বিদেশী সমস্যা সমাধান কৰিম বুলি মুখ্য মন্ত্ৰী হৈ এতিয়া হিন্দু বাংলাদেশীক ৰক্ষণাৱেক্ষণ দিবৰ কাৰণে এন আৰ চিখনত বাধা দিবলৈ সকলো ফালৰ পৰা চেষ্টা কৰিছে।’ সংবাদমেলত গগৈৰ মন্তব্য।

Recent News

BJP

বিজেপিৰ ৰাজনীতি আৰু অমিত শ্বাহৰ দাম্ভিক ভৱিষ্যতবাণী বনাম দেশৰ গণতান্ত্ৰিক ব্যৱস্থা

Assam Govt

ৰাজ্যিক কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত: ৰাজ্যৰ পাঁচ ইছলাম ধৰ্মীয় জনগোষ্ঠীলৈ অসমীয়া খিলঞ্জীয়া মুছলমানৰ স্বীকৃতি

Kirtikamal Borah encounter

ভুৱা প্ৰমাণিত কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰ: আৰক্ষী বিষয়া প্ৰদীপ বনিয়াৰ বিৰুদ্ধে CID- এ দাখিল কৰিলে চাৰ্জশ্বীট

Hissing noise from private part

অণ্ডকোষৰ পৰা ওলায় সাপৰ ফুচফুচনিৰ দৰে শব্দ! বিৰল ঘটনাই লগাইছে খলকনি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd